ৰঙাপাৰা, 4 মে' : শিক্ষা বিভাগৰ চৰম গাফিলতিৰ বাবে বন্ধ হৈ পৰিল শোণিতপুৰৰ মিছামাৰীৰ এখন প্ৰাথমিক বিদ্যালয় ৷ বিদ্যালয়খন চৰকাৰীকৰণৰ বাবে প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে চৰকাৰক বহুবাৰ আবেদন কৰি আহিছে যদিও কোনো সুফল লাভ নকৰাত অৱশেষত বন্ধ হৈ পৰিল বিদ্যালয়খন । 1990 চনতে মিছামাৰীৰ 1 নং ধানমৰা গাঁৱৰ স্থানীয় ৰাইজে স্থাপন কৰিছিল ইন্দিৰা গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়খন । বিদ্যালয়খনত প্ৰধানশিক্ষক ডেনিছ গুৰিয়া আৰু সহকাৰী শিক্ষক হৰেন বৈশ্যই দীৰ্ঘদিনে বিনা বেতনে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছিল ।
চৰকাৰে আশ্বাস দি আহিছিল যদিও পৰৱৰ্তী সময়ত বিদ্যালয়খন চৰকাৰীকৰণ নোহোৱাত ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হয় । ফলত বিদ্যালয়খনত ক্ৰমান্বয়ে হ্ৰাস পায় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা । লগতে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বিদ্যালয়খনত পাঠদান সম্পূৰ্ণভাৱে বন্ধ হৈ পৰে । বৰ্তমানে গৰু-ছাগলীৰ বাসস্থান লৈ পৰিণত হোৱা বিদ্যালয়খনৰ বেৰবোৰো জহি-খহি গৈছে । ইপিনে হঠাৎ বিদ্যালয়খন বন্ধ হৈ পৰাত অঞ্চলটোৰ ৰাইজে চৰকাৰখনৰ শিক্ষা বিভাগক ক্ষুৰধাৰ সমালোচনা কৰে ।