ETV Bharat / state

ৰঙাপৰাত শোকাৱহ ঘটনা,হাতীৰ আক্ৰমণত মত্যু এজন লোকৰ

author img

By

Published : Oct 19, 2019, 11:00 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে হাতী মানুহৰ সংঘাত । শনিবাৰে নিশা হাতীৰ আক্ৰমণত মত্যু হ’ল এজন লোকৰ ৷

ৰঙাপৰাত শোকাৱহ ঘটনা, হাতীৰ আক্ৰমণত মত্যু এজন লোকৰ

ৰঙাপৰা,19 অক্টোবৰ: ৰঙাপৰাত সংঘটিত হ’ল এক হৃদয় বিদাৰক ঘটনা ৷ হাতীৰ আক্ৰমণত মত্যু হ’ল এজন লোকৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত ইতিমধ্যে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা শালবাৰী হৈ জনাঞ্চলৈ ওলাই আহিছে জাক জাক বনৰীয়া হাতী ।

হাতীৰ আক্ৰমণত মত্যু এজন লোকৰ

তেনে সময়তে সন্ধিয়া প্ৰায় 7 মান বজাত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত টেঙাবস্তিত সংঘটিত হয় এই ঘটনা । বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকজনৰ নাম হৈছে মানচিৎ ভেংৰা। ৰঙাপৰাৰ সোণাজুলি চাহ বাগিছাৰ 9 নং শ্ৰমিক লাইনৰ বাসিন্দা মানচিৎ ভেংৰা ৷ বনৰীয়া হাতীৰ পৰা টেঙাবস্তিত থকা ধাননি পথাৰ ৰক্ষা কৰাৰ উদ্দেশ্যৰে পথাৰলৈ অহাৰ সময়তে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় ৷ ইতিমধ্যে ৰঙাপৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে।

Intro:ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যুBody:ৰঙাপৰাঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত ইতিমধ্যে জাক জাক বনৰীয়া হাতী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা শালবাৰী হৈ জনাঞ্চলৈ ওলাই আহিছে। তেনে সময়তে ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যুক সাৱটি লোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধিয়া প্ৰায় ৭ মান বজাত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত টেঙাবস্তিত উক্ত ঘটনাটি সংঘটিত হয়। বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা বৃদ্ধ গৰাকীৰ নাম মানচিৎ ভেংৰা। ৰঙাপৰাৰ সোনাজুলি চাহ বাগিচাৰ ৯ নং শ্ৰমিক লাইনৰ বাসিন্দা মানচিৎ ভেংৰাই টেঙাবস্তিত থকা ধাননি পথাৰ বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যৰে চাইকেল চলাই গৈ আছিল। ইফালে, ৰঙাপৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.