ETV Bharat / state

ৰঙাপৰাত হাতীৰ গচকত কৰুণ মৃত্যু এজনৰ - বনৰীয়া হাতী

শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত সুকু ভেংৰা নামৰ এজন ব্যক্তিৰ মৃত্যু হয় ৷ শুই থকা অৱস্থাৰ পৰাই ভেংৰাক হাতীয়ে চোচৰাই নিয়ে আৰু বন্য হস্তীটোৰ ভৰিৰ গচকত ব্যক্তিজনৰ কৰুণ মৃত্যু হয় ।

ৰঙাপৰাত হাতীৰ গচকত কৰণৰ কৰুণ মৃত্যু
ৰঙাপৰাত হাতীৰ গচকত কৰণৰ কৰুণ মৃত্যু
author img

By

Published : May 6, 2021, 11:04 AM IST

ৰঙাপৰা, 6 মে’: মহামাৰী কৰ’ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ সময়তে শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হ'ল এজন ব্যক্তিৰ । উক্ত ঘটনাটোয়ে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মৃত লোকজন সুকু ভেংৰা(48) বুলি জানিব পৰা গৈছে ৷ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত জৰাসৰবস্তি গাঁৱৰ নিৱাসী শ্ৰমিক কৰণ পাটনায়কৰ বাসগৃহত সুকু ভেংৰা নিশা শুবলৈ আহে ৷

ৰঙাপৰাত হাতীৰ গচকত কৰণৰ কৰুণ মৃত্যু

আনফালে খাদ্যৰ সন্ধানত অহা এটা বনৰীয়া হাতীয়ে কৰণ নামৰ এজন লোকৰ বাসগৃহটো ভাঙি পেলোৱাৰ লগতে তাত শুই থকা অৱস্থাৰ পৰাই সুকু ভেংৰাক চোচৰাই বাহিৰলৈ লৈ যায় আৰু বন্য হস্তীটোৰ ভৰিৰ গচকত ব্যক্তিজনৰ কৰুণ মৃত্যু হয় । কিছু সময়ৰ পাছত ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যায় ।

উল্লেখ্য যে, শ্ৰমিক কৰণ পাটনায়ক আৰু সুকু ভেংৰাৰ বন্ধু আছিল । স্থানীয় ৰাইজে বন বিষয়াক এই বিষয়ত আগতেও অৱগত কৰিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷

লগতে পঢ়ক : কন্যাক অমানৱীয় অত্যাচাৰ চলোৱা পিতৃ আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.