ৰঙাপৰা,15 মে': শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিফল হৈ আত্মহত্যাৰ পথ বাচি ল'লে ছাত্ৰীয়ে ৷ চাৰিদুৱাৰ কন্যা বিদ্যাপীঠৰ এগৰাকী ছাত্ৰীয়ে বাচি লয় এই চৰম পন্থা ৷
চাৰিদুৱাৰৰ ভাগ্যশ্ৰী দেৱী নামৰ ছাত্ৰী গৰাকীয়ে নিজৰ বাসগৃহৰ বাৰীৰ এজোপা গছত চিপজৰী লৈ আত্মহত্যা কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।