তেজপুৰ,১৭ জুন:মাৰাত্মক নিচাযুক্ত দ্ৰব্য ড্ৰাগছৰ কৱলত ৰাজ্যৰ যুৱ সমাজ ৷ তেজপুৰত ড্ৰাগছ সেৱন কৰি এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি ৷ ৫ দিন পূৰ্বে অমৰ দাস নামৰ এগৰাকী যুৱকে মৃত্যুক সাৱতি লোৱাৰ পাচতে এতিয়া যুৱকজনৰ পত্নীৰ অভিযোগ ড্ৰাগছ সেৱন কৰি মৃত্যুক সাৱতিছে মহিলাগৰাকীৰ স্বামীয়ে ৷ পৰিয়ালৰ এই অভিযোগৰ পাচতে এতিয়া একেলগে ড্ৰাগছ সেৱন কৰা দুগৰাকী যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷ ইপিনে আটকাধীন যুৱক দুজনে নিজে ড্ৰাগছ লোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে গুৱাহাটীৰ পৰা তেওঁলোকলৈ ড্ৰাগছ আহে বুলি সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে ৷
এনেদৰে ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা চলিছে তেজপুৰ চহৰখনৰ বিভিন্ন স্থানত ৷ যাৰ বলী হৈছে একাংশ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ৷ যদিও কুম্ভকৰ্ণ নিদ্ৰাত তেজপুৰ আৰক্ষী। ইপিনে কিছুদিন পূৰ্বে তেজপুৰ মহাবিদ্যালয়ৰ একাংশ যুৱক আৰু ৰাইজে মাজগাঁও অঞ্চলত এটা অবৈধ ড্ৰাগছৰ ঘাটি উদ্ধাৰ কৰি কৃষ্ণ নাথ নামৰ ব্যবসায়ীজনক আৰক্ষীৰ হাতত গতাই দিছিল যদিও এতিয়াও অব্যাহত আছে ড্ৰাগছৰ এই বেহা ।