তেজপুৰ, 28 জুলাই : ভাৰতীয় বায়ুসেনাৰ আটাইতকৈ বয়সীয়াল তথা জীৱিত যুঁজাৰু পাইলটগৰাকীয়ে বৃহস্পতিবাৰে ১০৩ বছৰ সম্পূৰ্ণ কৰে ৷ স্কোৱাড্ৰন লীডাৰ দালীপ সিং মজিথিয়াই (অৱসৰপ্ৰাপ্ত) ৭ বছৰীয়া কেৰিয়াৰত ১৩ প্ৰকাৰৰ বিমানত ১১০০ ঘন্টা উৰা মাৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত বাৰ্মাৰ ওপৰত হোৱা অপাৰেচনত ভাগ লৈছিল ৷ বায়ুসেনাৰ প্ৰতিৰক্ষা মুখপাত্ৰ উইং কমাণ্ডাৰ শ্ৰীপ্ৰকাশে জনায় যে ,আজি ভাৰতীয় বায়ুসেনাৰ এয়াৰ চীফ মাৰ্চেলে এইগৰাকী বর্ষীয়ান যুঁজাৰু পাইলটক তেওঁৰ ১০৩ বছৰীয়া জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
উল্লেখ্য যে, ১৯২০ চনৰ ২৭ জুলাইত চিমলাৰ স্কিপলিন ভিলাত জন্মগ্ৰহণ কৰিছিল দালীপ সিঙে ৷ ১৯৪০ চনৰ ১ আগষ্টত লাহোৰৰ ৱালটনৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ বিদ্যালয় (আই টি এছ)ত অনুষ্ঠিত হোৱা বিমান উৰণৰ প্ৰথমটো পাঠ্যক্ৰমত যোগদান কৰে আৰু আন ৭১ গৰাকী শিক্ষাৰ্থীৰ সৈতে টাইগাৰমথ এয়াৰক্ৰাফ্ট জড়িয়তে প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ সেই বছৰৰে ২২ আগষ্টত তেওঁ এককভাৱে পাইলট হিচাবে ফাইটাৰ বিমান উৰুৱাই ৷
১৯৪০ চনৰ নৱেম্বৰৰ শেষলৈকে তেওঁ টাইগাৰমথ বিমানত ৫৮ ঘণ্টা সময় সম্পূৰ্ণ কৰিছিল আৰু শ্ৰেষ্ঠ পাইলটৰ সন্মান লাভ কৰিছিল ৷ ইয়াৰ পাছত তেওঁক ফাইটাৰ উইঙৰ বাবে আম্বালাৰ ১ নং উৰণ প্ৰশিক্ষণ বিদ্যালয়লৈ পঠিওৱা হৈছিল ৷ ১৯৪১ চনৰ ২৪ মে'ত তেওঁ ৱাপিটি, অডাক্স আৰু হকাৰ হাৰ্ট বিমানত মেপ ৰিডিং, নাইট এপ্ৰ'চ, লুপ, ষ্টল, ক্ৰছ কান্টি ফেৰী, এৰ'বেটিক্স, ফৰ্মেচন, ফৰ্চ লেণ্ডিং, ডাইভ এণ্ড ইনষ্ট্ৰুমেণ্ট ফ্লাইং কৰি প্ৰায় ১৫০ ঘণ্টা উৰা মাৰে ৷ এইগৰাকী বায়ুসেনাৰ যুঁজাৰু পাইলতে ১৯৪০ চনত ভাৰতীয় বায়ুসেনাৰ কমিচন বিষয়াৰূপে মাদ্ৰাজৰ ক’ষ্টেল ডিফেন্সত যোগদান কৰে ৷
১৯৪৭ চনত তেওঁ ১ নং এয়াৰ গানাৰী স্কুলত পাঠ্যক্ৰম, ৩ নং স্কোৱাড্ৰন, ৪ নং স্কোৱাড্ৰন আৰু ৬ নং স্কোৱাড্ৰনকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে সেৱা আগবঢ়োৱাৰ পিছত ১৯৪৭ চনত বায়ুসেনাৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু পিছলৈ ব্যক্তিগত পাইলট হিচাবে কৰ্মজীৱন অব্যাহত ৰাখে ৷ উল্লেখযোগ্য যে, ১৯৪৯ চনত কাঠমাণ্ডু উপত্যকাত পৰিয়াল লৈ এখন বিমান বিমান অৱতৰণ কৰা প্ৰথমজন পাইলট তেওঁ ৷ যিটো স্থান বৰ্তমান ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাবে জনা যায় ৷
১৯৪২ চনৰ পৰা ১৯৪৪ চনৰ ভিতৰত হাৰিকেন বিমানৰ ৩০০ৰো অধিক ভেৰিয়েন্ট ভাৰতীয় বায়ুসেনাক যোগান ধৰা হৈছিল ৷ এই যুদ্ধ বিমান অসম আৰু বাৰ্মা অভিযানত অভিযানৰ মেৰুদণ্ড স্বৰূপ হৈ পৰিছিল ৷ তেখেতে তেখেতৰ পৰিয়ালে কিনা এল-৫ বিমান উৰুৱাইছিল আৰু পিছলৈ দুখন বিচক্ৰাফ্ট বোনাঞ্জা লাভ কৰিছিল, যি ১৯৭৯ চনলৈকে উৰণ কৰিছিল ৷ প্ৰথম অৱস্থাত ক’ষ্ট ডিফেন্স ফ্লাইটছত নিযুক্তি পোৱাৰ পিছত বংগোপ সাগৰৰ ওপৰেৰে সামুদ্ৰিক টহল চলোৱাৰ পিছত তেওঁক পুনৰ ভাৰতীয় বায়ুসেনাৰ ৬ নং স্কোৱাড্ৰনত নিযুক্তি দিয়া হয়, যি সেই সময়ৰ বিশ্বৰ অন্যতম উন্নত বিমান কিংবদন্তি হকাৰ হাৰিকেন পৰিচালনা কৰিবলৈ তেওঁক তালিকাভুক্ত কৰা হৈছিল ৷
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ডিষ্টিংচড চাৰ্ভিচ অৰ্ডাৰেৰে সন্মানিত হোৱা আৰু ১৯৪৭-৪৮ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধৰ বাবে মহাবীৰ চক্ৰ লাভ কৰা কিংবদন্তি বাবা মেহেৰ সিং, (পৰৱৰ্তী সময়ত এয়াৰ কমোডৰ মেহেৰ সিং, এমভিচি, ডিএছঅ’ )ৰ কমাণ্ডত দালিপ সিং মজিথিয়াই পূব ভাৰতত সেৱা আগবঢ়াই আৰু বাৰ্মা ফ্ৰণ্টৰ ওপৰেৰে যুদ্ধ জাহাজ উৰুৱাই ৷
জাপানীসকলৰ আত্মসমৰ্পণ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ লগে লগে দালিপ সিং মাজিতিয়া ব্ৰিটিছ কমনৱেলথ দখল বাহিনী (বিচিঅ’এফ)ৰ অংশ হিচাপে নিৰ্বাচিত হৈ মেলবৰ্ণৰ বিচিঅ’এফৰ মুখ্য কাৰ্যালয়লৈ গুচি যায় আৰু তাতেই তেওঁ জোয়ান চেণ্ডাৰছক লগ পায় (যাৰ পিতৃ ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীৰ সৈতে আছিল) ৷ ১৯৪৭ চনৰ ১৮ ফেব্ৰুৱাৰীত তেওঁ জোয়ানক বিয়া কৰায় ৷ ২০২১ চনত জোয়ান চেণ্ডাৰছৰ মৃত্যু হয় ৷ ফিটনেছ দলিপ সিং মাজিথিয়াৰ জীৱনৰ এক মূল অংশ, গলফ খেল তেওঁৰ এক স্থায়ী আবেগ ৷ জীৱনৰ অধিক সময় তেওঁ ক্ৰীড়া, বিশেষকৈ গলফত সক্ৰিয় হৈ থাকে ৷ দিল্লী, ৰুদ্ৰপুৰ আৰু গোৰখপুৰত তেওঁ সময় কটায় ৷