ৰঙাপৰা,13 ডিচেম্বৰ : কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনা অভিলাষী আঁচনিৰ অধীনত সকলো দৰিদ্ৰ পৰিয়ালক একোটাকৈ বাসগৃহ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে যদিও উৰুখা পঁজাৰ তলতে বছৰ বছৰ ধৰি বসবাস কৰি আছে একাংশ দৰিদ্ৰ পৰিয়ালে ৷ ৰঙাপৰাৰ এগৰাকী বৃদ্ধায়ো আজি পৰ্যন্ত লাভ নকৰিলে এটি চৰকাৰী আৱাসগৃহ।
ৰঙাপৰাৰ বৰজুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত সোনাজুলি ভুঞা বস্তিৰ সুনিয়া চুৰি নামৰ বৃদ্ধা গৰাকীয়ে জোঁৱাই, জীয়ৰী আৰু নাতি-নাতিনী সৈতে এটা উৰুখা পঁজাত বাস কৰাৰ লগতে পঁজাটোৰ ভঙা বেৰখনত ফটা কাপোৰ আঁৰি দিয়া পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে, এটি চৰকাৰী গৃহ পোৱাৰ আশাতে গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলক দীৰ্ঘদিনৰ পৰা আবেদন জনাই আহিছে যদিও বৃদ্ধা গৰাকীয়ে আজিও লাভ নকৰিলে এটি চৰকাৰী গৃহ ৷ অতি কষ্টেৰে জীৱন অতিবাহিত কৰা এই গৰাকী বৃদ্ধাই চৰকাৰী আঁচনি ঢুকি পাবনে নাই, সেয়া এক চিন্তাৰ বিষয় হৈ পৰিছে ৷
লগতে পঢ়ক : সমস্যাৰে জৰ্জৰিত শদিয়াৰ এখন গাঁও