তেজপুৰ, 4 এপ্ৰিল : অসম গোৰ্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ নৱ-নিৰ্বাচিত বিষয়ববীয়াসকলৰ শপত গ্ৰহণ অনুষ্ঠান(Oath taking ceremony of sonitpur gorkha sanmilan) দেওবাৰে বিয়লি বিহগুৰিত অৱস্থিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনত অনুষ্ঠিত হৈ যায় ৷ অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাম প্ৰসাদ শৰ্মাই গোৰ্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ নৱ-নিৰ্বাচিত বিষয়ববীয়াসকলক শপত বাক্য পাঠ কৰোৱায় ৷
সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ বিদায়ী সভাপতি বিজু খৰ্কাৰ সভাপতিত্বত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাম প্ৰসাদ শৰ্মাই গোৰ্খা লোকসকলে ৰাজনীতিৰ ঊৰ্ধত থাকি জাতিৰ স্বাৰ্থত মাত মাতি অহা বুলি সদৰী কৰে ৷ গোৰ্খা সন্মিলনে অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ জলন্ত সমস্যাসমূহ উপস্থাপন কৰি সমাধানৰ কাৰণে মাত মাতি আহিছে ৷
তেওঁ কয়, অসমত বসবাস কৰা অন্যান্য জাতি-জনগোষ্ঠীৰ দৰে গোৰ্খা জনগোষ্ঠী অতি পুৰণি জনগোষ্ঠী ৷ নেপালীভাষী গোৰ্খা লোকসকল অসমৰ বায়ু, মাটি, পানী সেৱন কৰি অসমৰ স্বাৰ্থত থিয় হৈ আহিছে (Gorkha people in Assam) ৷ নেপালীভাষী লোকসকলে নিজৰ বাসগৃহ, নিজৰ ভাষা ব্যৱহাৰ কৰে যদিও সমাজ ব্যৱস্থাত অসমীয়া ভাষাহে ব্যৱহাৰ কৰে বুলি বক্তব্যত উল্লেখ কৰে ৷
উল্লেখ্য যে, উক্ত অনুষ্ঠানটো অসম গোৰ্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ নৱ-নিৰ্বাচিত সভাপতি গকুল বছনেত আৰু সাধাৰণ সম্পাদক ভূৱন শৰ্মাই আঁত ধৰে ৷ অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক ৰঞ্জন কুমাৰ মহন্তই সন্মানীয় অতিথিৰ ভাষণ প্ৰদান কৰে ৷ তেওঁ কয়, অসম ৰাজ্য বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি ৷ নেপালীভাষী লোকসকল ইয়াৰ অন্যতম অংগ ৷ নেপালী সম্প্ৰদায়ৰ বহুসংখ্যক ব্যক্তি অসমীয়া ভাষা-সাহিত্যৰ সেৱাত নিয়োজিত হৈ ভাষা-সাহিত্যক আগুৱাই নিয়াৰ যত্ন কৰি আহিছে ৷ তেওঁলোকৰ অৱদান সদায় চিৰস্মৰণীয় হৈ থাকিব বুলি মহন্তই বক্তব্যত উল্লেখ কৰে ৷
অনুষ্ঠানটিত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তুলসী শৰ্মা, অমৰ ছেত্ৰী, সাধাৰণ সম্পাদক লক্ষ্মী চেড়াই, বাসুদেৱ উপাধ্যায়, জগদীশ খনাল, গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি থৰ্ক অধিকাৰী, শিক্ষাবিদ ইন্দ্ৰলাল শৰ্মা, ৰত্ন পাণ্ডে, নাৰায়ণ ফয়েল, ভূৱন ছেত্ৰী, ক্ষীৰোদ পৌড়েল, অৱসৰপ্ৰাপ্ত বেংক বিষয়া দেৱী প্ৰসাদ অধিকাৰীৰ লগতে দুই শতাধিক লোক উপস্থিত থাকে ৷
লগতে চাওক: Suspected Maoist Detain: মাওবাদীৰ সন্দেহত কৰিমগঞ্জত আটক স্বামী-স্ত্ৰী