তেজপুৰ, ৮ মে': দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে অসমত মুকলি কৰিলে সংবিধানৰ চিপাহী শীৰ্ষক এক বিশেষ কাৰ্যসূচী ৷ সোমবাৰে তেজপুৰত সংবিধানৰ চিপাহী শীৰ্ষক এই কাৰ্যসূচী মুকলি কৰে এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সম্পাদক অনুশেষ শৰ্মাই ৷ দেশৰ ছাত্ৰ সমাজক জাগ্ৰত কৰাৰ উদ্দেশ্যৰেই এই কাৰ্যসূচীৰ আৰম্ভণি কৰা বুলি জানিবলৈ দিছে ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়াই (NSUI inaugurates Samvidhan Ki Sipahi Programme) ৷
কাৰ্যসূচী মুকলি কৰাৰ পাচতেই এক সংবাদমেল সম্বোধন কৰে এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সম্পাদক অনুশেষ শৰ্মাই ৷ সংবাদমেলৰ যোগেদি এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে কয় যে, আমাৰ যি সমূহ সংবিধান প্ৰদত্ত অধিকাৰ; সেই অধিকাৰ সমূহ অমাৰ পৰা বৰ্তমান কাঢ়ি লোৱা হৈছে ৷ ছাত্ৰ সমাজৰ সমস্যাক লৈ চৰকাৰে বৰ্তমান কোনো মাত মতা নাই, ছাত্ৰ-ছাত্ৰী সকলৰ সমস্যা যেনে- নিবনুৱা সমস্যা, শিক্ষা খণ্ডৰ ব্যক্তিগতকৰণ, নামভৰ্তিৰ মাচুল বৃদ্ধি, প্ৰশ্নকাকত ফাদিল আদিৰ দৰে সমস্যা সমূহ চৰকাৰে আলোচনা কৰা নাই (Samvidhan Ki Sipahi Programme) ৷
তেওঁ লগতে কয় যে, চৰকাৰে কেৱল হিন্দু-মুছলিমৰ ৰাজনীতিৰ বিষয়ে আলোচনা কৰে, এটা জাতিৰ সৈতে আন এটা জাতিৰ মাজত সংঘৰ্ষ সৃষ্টিৰ চেষ্টাৰ আলোচনাহে কৰে বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে ৷ গতিকে সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি, ছাত্ৰ শক্তিক জাগ্ৰত কৰাৰ উদ্দেশ্যৰে অসমত এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে বুলি কয় সম্পাদক গৰাকীয়ে ৷ তেজপুৰৰ পাছত এই কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত চলোৱা হ’ব বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে (Anushesh Sharma Inaugurate Samvidhan Ki Sipahi Programme)
দেশত বৰ্তমান ৰাজনৈতিকভৱে চৰকাৰী প্ৰতিষ্ঠান সমূহ ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে, গণতন্ত্ৰৰ হত্যা কৰা হৈছে আৰু সংবিধান নিঃশেষ কৰাৰ বাবে বিজেপি আৰু আৰ এছ এছ দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও মন্তব্য কৰে অনুশেষ শৰ্মাই ৷ এই সমগ্ৰ গণতন্ত্ৰ ধ্বংস কৰা কাৰ্যৰ বিৰুদ্ধে দেশৰ ছাত্ৰ সমাজক জাগ্ৰত কৰাৰ বাবে এই কাৰ্যসূচী এন এছ ইউ আইয়ে আজিৰে পৰা আৰম্ভ কৰিছে বুলি জনায় তেওঁ ৷
আজি তেজপুৰ ৰাজীৱ ভৱনত এন এছ ইউ আই ৰ সাধাৰণ সম্পাদক শৰ্মাই মন্তব্য কৰে যে দেশৰ লগতে গণতন্ত্ৰ হত্যাৰ এই অশুভ প্ৰথা অসমতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰেও আৰম্ভ কৰিছে ৷ সেইবাবে অসমৰ ছাত্ৰ সমাজক শৈক্ষিক দিশৰ লগতে সামাজিক আৰু ৰাজনৈতিক ভাৱে সচেতন আৰু জাগ্ৰত কৰাৰ বাবে অসম ৰাজ্যিক এন এছ ইউ আইয়ে সংবিধানৰ চিপাহী শীৰ্ষক কাৰ্যসূচীৰে ছাত্ৰ সমাজক একত্ৰিত কৰাৰ এই প্ৰচেষ্টা হাতত লৈছে (NSUI Press Meet at Tezpur) ৷
আজি অসম ৰাজ্যিক এন এছ ইউ আইয়ে ৰাষ্ট্ৰীয় সম্পাদকৰ জৰিয়তে তেজপুৰ আইন মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত এই সজাগতা কাৰ্যসূচী আৰম্ভ কৰে ৷ সংবাদমেলত ৰাজ্যিক এন এছ ইউ আইৰ সম্পাদক কৌশিক কশ্যপ, জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ লগতে অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে (Anushesh Sharma National General Secretary of NSUI) ৷
লগতে পঢ়ক: Naga terror on The Land of Assam: মেৰাপানী সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন