ETV Bharat / state

নাগালেণ্ডৰ মন জিলাত এন,এছ,চি,এন(আই এম)ৰ ঘাটি উচ্ছেদ সেনাবাহিনীৰ

author img

By

Published : Apr 28, 2020, 10:48 AM IST

ভাৰতীয় সেনাবাবাহিনীৰ এক অভিযানত নাগালেণ্ডৰ মন' জিলাত উচ্ছেদ নিষিদ্ধ ঘোষিত নাগা উগ্ৰপন্থী সংগঠন এন এছ চি এন(আই এম)ৰ এটা অবৈধ ঘাটি ৷ নাগালেণ্ডৰ মন' জিলাত বাহৰ পাতি আছিল উগ্ৰপন্থী সংগঠনটোৰ কেবাজনো সদস্যই ৷

নাগালেণ্ডৰ মন জিলাত এন,এছ,চি,এন(আই এম)ৰ ঘাটি উচ্ছেদ সেনাবাহিনীৰ
নাগালেণ্ডৰ মন জিলাত এন,এছ,চি,এন(আই এম)ৰ ঘাটি উচ্ছেদ সেনাবাহিনীৰ

তেজপুৰ, ২৮ এপ্ৰিল : সেনাবাহিনী,অসম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীৰ এটা দলে চলোৱা যুটীয়া অভিযানত সোমবাৰে নিশা এন এছ চি এন (আই এম) ৰ এটা গোপন ঘাটি ধ্বংশ কৰিবলৈ সক্ষম হয় বুলি জনাইছে তেজপুৰস্থিত প্ৰতিৰক্ষাবাহিনীৰ মুখপাত্ৰ লেঃকৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেই ৷

nscn-militant-group-of-nagaland-a-cam-destroyed-by-indian-army-in-mono-district-of-nagaland
সেনাবাহিনীয়ে ধ্বংস কৰাৰ কিছু মূহুৰ্ততৰ আগৰ দৃশ্য
নাগালেণ্ডৰ মন' জিলাৰ লংটিংত স্থাপন কৰা এন এছ চি এন (আই এম)ৰ প্ৰায় ১২ জনৰো অধিক সদস্যই আত্মগোপন কৰাৰ তথ্য লাভ কৰাৰ পিছতে সেনা আৰু আৰক্ষীৰ এটা বৃহৎ দলে চলাইছিল এই অভিযান ৷ ঘটনাস্থলীত উগ্ৰপন্থী সদস্যসকলে স্থাপন কৰা এটা স্থায়ী পাকঘৰ আৰু ১২ খন বিছনা ধ্বংস কৰাৰ লগতে যাৱতীয় সামগ্ৰী ৰেচন আৰু কিছু জৰুৰী সামগ্ৰী উদ্ধাৰ কৰি আৰক্ষীৰ হাতত গতাই দিয়ে সেনাৰ দলটোৱে ৷ যুদ্ধবিৰতি নীতি উলংঘন কৰি এচ ছি এন (আই এম)ৰ দ্বাৰা এনে ধৰণৰ বহুকেইটা ঘটনা পোহৰলৈ আহিছে ৷ সেনাবাহিনীৰ তৰফৰ পৰা এই সমগ্ৰ বিষয়ৰ ওপৰত টিজিত আৰক্ষীক অৱগত কৰা হয় ৷ লগতে যুদ্ধ বিৰতিৰ গ্ৰাউণ্ড ৰোল ভংগ কৰাৰ বাবে উগ্ৰপন্থী দলটোৰ ওপৰত টিজিত আৰক্ষীত এক গোচৰ ৰুজু কৰিছে বুলি জনায় সেনাবাহিনীৰ তৰফৰ পৰা ৷

এন,এছ,চি,এন(আই এম)ৰ ঘাটি উচ্ছেদ সেনাবাহিনীৰ

উল্লেখযোগ্য সেনাবাহিনীয়ে যোৱা ২৩ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনচাৰ নামনি কলাম গাঁৱৰ পৰা এন এছ চি এন (আই এম)ৰ দুজন অভাৰ গ্ৰাণ্ডৰ কেডাৰক আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা লোক দুজনৰ পৰা লক ডাউনৰ সময়ত কেডাৰ সকলৰ বাবে সংৰক্ষণ কৰা পি ডি এচৰ ৩০ বস্তা চাউল জব্দ কৰে ৷ পিচত সেনাৰ দলটোৱে এই সামগ্ৰী সমূহ স্থানীয় আৰক্ষীৰ হাতত জমা দিয়ে ৷

লগতে চাওকঃ পূৱ অৰুণাচলৰ টিৰাপত আটক 2 এন,এছ,চিএনৰ কেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.