ETV Bharat / state

Inclusion of villages in BTR: বড়োভূমিত গাঁও অন্তৰ্ভুক্তিৰ বিৰুদ্ধে অবড়ো জনতাৰ প্ৰতিবাদ - Non Boro organisation protest against Assam Govt

Inclusion of villages in BTR
অবড়ো জনতাৰ প্ৰতিবাদ
author img

By

Published : Jan 27, 2023, 3:48 PM IST

Updated : Jan 27, 2023, 5:18 PM IST

15:23 January 27

শোণিতপুৰত ভালুকপুং-বালিপৰা পথ অৱৰোধ প্ৰতিবাদকাৰীৰ ৷ বড়োভূমিৰ সম্প্ৰসাৰণক লৈ এই প্ৰতিবাদ অবড়ো জনতাৰ ৷ বড়োভূমিত অন্তৰ্ভুক্ত হৈছে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ দুখনকৈ বনগাঁও ৷

অবড়ো জনতাৰ প্ৰতিবাদ

তেজপুৰ, ২৭ জানুৱাৰী: শোণিতপুৰত চাৰিদুৱাৰ ফৰেষ্ট গেটত অবড়ো লোকৰ প্ৰতিবাদ (Non Boro people protest in Sonitpur)। ভালুকপুং-বালিপৰা সংযোগী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত লোকসকলৰ । প্ৰায় ১ ঘণ্টা ধৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি পথ অৱৰোধ প্ৰতিবাদকাৰী জনতাৰ । শুকুৰবাৰে পুৱা বড়োভূমি সম্প্ৰসাৰণক লৈ উৎফুল্লিত হৈছিল শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ অঞ্চলৰ বড়োসমাজ । বড়োভূমিত অন্তৰ্ভুক্ত হৈছে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ দুখনকৈ বনগাঁও । এই গাঁও দুখন হৈছে চতাই ৯ মাইল আৰু এৰালিলগা (Inclusion of villages in BTR)। কিন্ত এটা ভুল ধাৰণা চতিয়া সমষ্টিৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ লোকৰ মাজত প্ৰচাৰ হৈ পৰাত অবড়ো লোক সকল ক্ষোভিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰে

গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰলৈকে বড়ো অধ্যুষিত 43 খন ৰাজহ গাঁও আৰু 17খন বন গাঁও পূৰ্বৰ বিটিআৰ চুক্তি অনুসৰি বিটিআৰৰ অন্তৰ্ভুক্ত কৰা হৈছে । এই ঘোষণাৰ পিছতে চাৰিদুৱাৰ বড়ো অঞ্চলত জনসাধাৰণৰ মাজত এক উৎফুল্লিত পৰিবেশৰ সৃষ্টি হয় যদিও বিয়লি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে অবড়ো সংগঠনে (Non Boro organisation protest in Sonitpur) ।

স্থানীয় বিধায়ক পদ্ম হাজৰিকা ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক আশ্বাস প্ৰদান যে, সমগ্ৰ চাৰিদুৱাৰ অঞ্চল বিটিআৰৰ অন্তৰ্ভুক্ত হোৱা নাই । চতিয়া সমষ্টিৰ মাত্ৰ চাৰিদুৱাৰৰ দুখন গাঁও আৰু জয়সিদ্ধিৰ তিনিখন গাঁও এই চুক্তিৰ আধাৰত অন্তৰ্ভুক্ত কৰা হৈছে । তাৰবাবে ৰাইজে চিন্তা কৰিব নালাগে বুলি তেওঁ প্ৰতিবাদকাৰী সকলক আশ্বাস প্ৰদান কৰে (Non Boro organisation protest against Assam Govt)।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গণৰাজ্য দিৱসৰ ভাষণত ঘোষণা কৰিছিল যে, বড়ো চুক্তি স্বাক্ষৰ অসমৰ ইতিহাসৰ এক মাইলৰ খুটি হিচাপে পৰিগণিত হৈছে । BTRৰ অধীনত শোণিতপুৰ জিলাৰ ঢেঁকীয়াজুলিৰ পৰা গহপুৰলৈকে নিৰ্ধাৰিত 80% শতাংশ বড়ো লোকৰ বসতিপূৰ্ণ গাঁও এই চুক্তিৰ আধাৰত সন্নিবিষ্ট কৰা হৈছে । শোণিতপুৰ জিলাৰ উত্তৰ পাৰত বাস কৰা এই বড়ো অধ্যুষিত অঞ্চলক বিচিআৰত অন্তৰ্ভুক্ত কৰাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ নেতৃত্বত দাবী উত্থাপন হৈ আহিছিল (Assam CM on Village inclusion)।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ঢেঁকীয়াজুলি, চতিয়া ,বিশ্বনাথ, বিহালি আৰু গহপুৰৰ বিস্তৃত বড়ো অধ্যুষিত গাঁও এই চুক্তিৰ আধাৰত অনা হ’ব । মুঠ 60 খন গাঁৱৰ ভিতৰত 43 খন ৰাজহ গাঁও আৰু 17 খন বন গাঁও এই চুক্তিৰ আধাৰত সন্নিবিষ্ট কৰা হৈছে ২০২০ চনৰ বড়ো চুক্তিৰ সংশোধিত আধাৰত । এই ঘোষণাৰ পিচতে বড়ো লোকসকলে শুকুৰবাৰে পুৱা নৃত্য-গীত পদৰ্শনৰে এক উছৱ মুখৰ পৰিবেশ সৃষ্টি কৰে চাৰিদুৱাৰত ।

লগতে পঢ়ক: Republic day 2023: পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহিবলৈ প্ৰমোদ বড়োৰ আহ্বান

Last Updated : Jan 27, 2023, 5:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.