তেজপুৰ,10মাৰ্চ: তেজপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা মনোনয়ন দাখিল কৰিলে শোণিতপুৰ জিলাৰ বহুকেইগৰাকী ৰথী-মহাৰথীয়ে ৷ ইয়াৰ ভিতৰত আছে বিধায়ক তথা অগপৰ টিকট বঞ্চিত প্ৰাৰ্থী বৃন্দাবন গোস্বামী,বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা,প্ৰয়াত বিজেপি বিধায়ক ৰাজেন বৰঠাকুৰৰ জ্যেষ্ঠ ভাতৃ জিতেন বৰঠাকুৰ,অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জানমণি বৰা আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী অলক নাথ ৷ উল্লেখযোগ্য যে,বৃন্দাবন গোস্বামী,জিতেন বৰঠাকুৰে নিৰ্দলীয়ভাৱে মনোনয়ন পত্ৰ দাখিল কৰে ৷
আনহাতে,পৃথ্বীৰাজ ৰাভাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু সাংসদ পল্লৱ লোচন দাস উপস্থিত থাকি বৃন্দাবন গোস্বামী আৰু জিতেন বৰঠাকুৰক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায় ৷ একেদৰে বিজেপি প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাইও সংবাদমাধ্যমৰ জৰিয়তে অগপৰ জ্যেষ্ঠ নেতা তথা বিধায়ক বৃন্দাবন গোস্বামীক ভৰিত ধৰি, হাতযোৰ কৰি মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায় ৷
লগতে পঢ়কঃপদযাত্ৰাৰে বৰাকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ