ETV Bharat / state

চাৰ্জ লাইটৰ পোহৰত মিছামাৰীৰ নিৰ্মলা ৰাইৰ সাফল্য - ৰঙাপৰা

বিদ্যুৎ অবিহনে দৰিদ্ৰ পৰিয়ালৰ কন্যা নিৰ্মলা ৰায়ে গৌৰৱ কঢ়িয়াই আনিলে চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা 1নং ধনখনা গাঁৱত ৷

নিৰ্মলা ৰাইৰ সাফল্য
author img

By

Published : May 21, 2019, 2:51 PM IST

ৰঙাপৰা , 21 মে': শোণিতপুৰ জিলাৰ মিছামাৰীৰ, বিদ্যুৎ নথকা এখন গাঁৱৰ এগৰাকী ছাত্ৰী আজি জিলিকি উঠিছে গাঁওখনত ৷ টিপচাকী আৰু বজাৰত কিনিবলৈ পোৱা সৰু চাৰ্জ লাইটৰ পোহৰত অধ্যয়ন কৰি ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী গৰাকীয়ে নিজৰ সাফল্যৰে বিদ্যুৎ নথকা অতি ভিতৰুৱা গাওঁখনলৈ সুনাম কঢ়িয়াই আনিছে ৷

নিৰ্মলা ৰাইৰ সাফল্য

মিছামাৰীৰ এখন ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰা চন্দ্ৰ কুমাৰ ৰায় আৰু কমলা ৰায়ৰ কন্যা নিৰ্মলা ৰায়ে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনিটা বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি ষ্টাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৷ উল্লেখ্য যে নিৰ্মলা ৰায়j পিতৃয়ে এখন ভেঞ্চাৰ স্কুলত বিগত 15 বছৰে বিনা বেতনে শিক্ষকতা কৰি পৰিয়ালটোক পোহপাল দি আহিছে ৷ তথাপিও দৰিদ্ৰতাই কেতিয়াও নিৰ্মলা শিক্ষাৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰিলে ৷ কেন্দ্ৰীয় চৰকাৰৰ সৌভাগ্য আঁচনিয়ে ঢুকি নোপোৱা 1নং ধনখনা গাঁও খনলৈ দৰিদ্ৰ পৰিয়ালৰ কন্যা নিৰ্মলা ৰায়ে গৌৰৱ কঢ়িয়াই অনাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে গাওঁবাসী ৷ মেধাৱী ছাত্ৰী নিৰ্মলা ৰায় এগৰাকী কণ্ঠশিল্পী হিচাপেও পৰিচিত ৷ শিক্ষাৰ সমান্তৰালকৈ ভৱিষ্যতে এগৰাকী জনপ্ৰিয় সংগীত শিল্পী হোৱাৰ মন পুহি ৰাখিছে ছাত্ৰী নিৰ্মলা ৰায়ে ৷

Intro:মিছামাৰীত ভেঞ্চাৰ স্কুল শিক্ষকৰ কন্যা নিৰ্মলা ৰাইৰ সাফল্যঃ চাৰ্জাৰ লাইটৰ পোহৰত অধ্যয়ন কৰা ছাত্ৰীয়ে পৰিৱেশন কৰিলে গীত।Body:ৰঙাপৰাঃ বিদ্যুৎ নথকা এখন গাঁৱৰ এগৰাকী ছাত্ৰী আজি গাঁওখনত জিলিকি উঠিছে। দৰিদ্ৰ পৰিয়ালটোৰ ছাত্ৰী গৰাকীয়ে ই টিভি ভাৰত অসমৰ এই গৰাকী সংবাদদাতাৰ সন্মুখত পৰিৱেশন কৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত। দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত বাধা হব নোৱাৰে। শোণিতপুৰ জিলাৰ মিছামাৰীৰ এখন ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰা চন্দ্ৰ কুমাৰ ৰাই আৰু কমলা ৰাইৰ কন্যা নিৰ্মলা ৰাই নামৰ ছাত্ৰী গৰাকীয়ে টিপচাকী আৰু বজাৰত কিনিবলৈ পোৱা সৰু চাৰ্জাৰ লাইটৰ পোহৰত অধ্যয়ন কৰি ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা তিনিটা বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি ষ্টাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অতি ভিতৰুৱা গাওঁখনলৈ কঢ়িয়াই আনিছে সুনাম। অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা নিৰ্মলা ৰাইয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া, ইংৰাজী আৰু হিন্দী বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰাৰ উপৰিও ষ্টাৰমাৰ্ক পাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সৌভাগ্য আঁচনিয়ে ঢুকি নোপোৱা ১নং ধনখনা গাওঁ খনলৈ নিৰ্মলা ৰাইয়ে গৌৰৱ কঢ়িয়াই অনাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে গাওঁবাসী। উল্লেখ্য যে নিৰ্মলা ৰাইৰ পিতৃ এখন ভেঞ্চাৰ স্কুলত বিগত ১৫ বছৰে বিনা বেতনে শিক্ষকতা কৰি পৰিয়ালটোক পোহপাল দিবলগীয়া হৈছে। মেধাৱী ছাত্ৰী নিৰ্মলা ৰাই এগৰাকী কণ্ঠ শিল্পী হিচাপেও পৰিচিত।শিক্ষাৰ সমান্তৰালকৈ ভৱিষ্যতে এগৰাকী জনপ্ৰিয় সংগীত শিল্পী হোৱাৰ মন পুহি ৰাখিছে ছাত্ৰী নিৰ্মলা ৰাইয়ে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.