ETV Bharat / state

মন্ত্ৰী পল্লৱলোচনৰ সমষ্টিতেই বিজুলী চাকীৰ পোহৰ দেখা নাই পানবাৰীবাসীয়ে

তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসক বহু আবেদন নিবেদন কৰাৰ পাছতো গাঁৱবাসীয়ে বিদ্যুৎ সংযোগ লাভ নকৰাত লোকসভা নিৰ্বাচনত পল্লৱ লোচন দাসক ভোট নিদিয়া সিদ্ধান্ত লৈছে গাঁওবাসীয়ে ।

মন্ত্ৰী পল্লৱলোচন দাসৰ সমষ্টিৰ পানবাৰী গাঁওত এতিয়াও নাই বিদ্যুৎ সংযোগ
author img

By

Published : Apr 7, 2019, 6:54 PM IST

তেজপুৰ, 7 এপ্ৰিলঃ মন্ত্ৰী পল্লৱলোচন দাসৰ সমষ্টি পানবাৰী গাঁওত এতিয়াও নেপালে বিদ্যুৎ সংযোগ ৷ চাকিৰ পোহৰেই একমাত্ৰ সম্বল গাঁওবাসীৰ ৷

মন্ত্ৰী পল্লৱলোচন দাসৰ সমষ্টিৰ পানবাৰী গাঁওত এতিয়াও নাই বিদ্যুৎ সংযোগ

উল্লেখ্য যে তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসক বহু আবেদন নিবেদন কৰাৰ পাছতো গাঁৱবাসীক বিদ্যুৎ সুব্যৱস্থা কৰি নিদিয়াত লোকসভা নিৰ্বাচনত পল্লৱ লোচন দাসক ভোট নিদিয়াৰ সিদ্ধান্ত লয় ৰাইজে ৷ চাকিৰ পোহৰেই একমাত্ৰ সম্বল তেওঁলোকৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ সৌভাগ্য আঁচনিৰ জৰিয়তে সকলো গাঁৱতেই বিদ্যুৎৰ সংযোগ দিয়া হ'ব বুলি কৰা মন্তব্যৰ বিপৰীতে এই দৃশ্যই উদঙাইছে মোডী চৰকাৰৰ সৌভাগ্য আঁচনিৰ ফোপলা স্বৰূপটো ৷ প্ৰায় ২৫০ টা আদিবাসী জনগোষ্ঠীয় পৰিয়ালে দীৰ্ঘদিনৰে পৰা বসবাস কৰি থকা পানবাৰী অকাবস্তিত আজিও কেৰাচিন তেলৰ চাকিৰেই কষ্টকৰ জীৱন অতিবাহিত কৰিছে । গাঁওখনৰ ছাত্ৰ-ছাত্ৰী সকলে চাকি আৰু লেমৰ পোহৰতেই অধ্যয়ন কৰিবলগীয়া হৈছে । তাৰোপৰি গাঁওখনত পোহৰৰ ব্যৱস্থা নকাৰৰ বাবেই ইতিমধ্যে কেইবাজনো লোক বনৰীয়া হাতীৰ আক্ৰমণত অকাল মৃত্যুক সাৱটি লৈছে । ৰঙাপৰাৰ স্থানীয় বিধায়ক পল্লৱ লোচন দাস শক্তি মন্ত্ৰী হোৱাৰ পাছতো পানবাৰী অকাবস্তি গাঁৱৰ ৰাইজে গাঁওখনত আজি লৈকে নাপালে বিদ্যুৎ সংযোগ ৷ এতিয়া প্ৰশ্ন হয় স্বাধীনতাৰ 70 বছৰ পিছতো বিদ্যুৎৰ পোহৰ নপৰা গাঁওখনলৈ চৰকাৰ তথা বিদ্যুৎ বিভাগৰ চকু পৰিবনে, নে এনেকৈয়ে নিৰ্বাচনী বৈতৰনী পাৰ কৰি গাদি দখল কৰি থাকিব বছৰ পিছত বছৰ? নে এনেকৈয়ে এন্ধাৰৰ জীৱন অতিবাহিত কৰি থাকিব লাগিব পানবাৰী ৰাইজে ?

Intro:শোণিতপুৰৰ ৰঙাপৰাত সৌভাগ্য আঁচনিৰ পৰা বঞ্চিত পানবাৰী-অকাবস্তিৰ ৰাইজঃ কেৱল বিজ্ঞাপনত আবদ্ধ থাকিল চৰকাৰী আঁচনিঃ চাকিৰ পোহৰেই একমাত্ৰ সম্বল।Body:ৰঙাপৰাঃ যুগ যুগ ধৰি এখন গাঁৱৰ ৰাইজে আজিও দেখা নাপালে বিদ্যুতৰ পোহৰ৷ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত গাঁওখনৰ ৰাইজ বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ ৰ'ল। সমষ্টিৰ বিধায়ক তথা তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসক বহু আবেদন নিবেদন কৰাৰ পাছতে গাঁৱবাসীক বিদ্যুতৰ সুব্যৱস্থা কৰি নিদিয়াত লোকসভা নিৰ্বাচনত পল্লৱ লোচন দাসক ভোট নিদিয়া সিদ্ধান্ত লৈছে গাঁওখনৰ ভোটাৰ ৰাইজে। ৰঙাপৰাত সৌভাগ্য আঁচনিখনৰ পৰা আজিও উপকৃত নহল গ্ৰাম্য অঞ্চলৰ ৰাইজ। ৰঙাপৰাৰ পানবাৰী অকাবস্তি গাঁওখনৰ প্ৰকৃত ছবি উদঙাই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ সৌভাগ্য আঁচনিৰ ফোপলা স্বৰূপ। সভা সমিতিয়ে চাহ বাগিচা অঞ্চলৰ ৰাইজ তথা গাঁৱে গাঁৱে বিদ্যুতৰ ব্যৱস্থা কৰাৰ কথা কৈ অহা পল্লৱ লোচন দাসৰ ৰঙাপৰা সমষ্টিৰ পানবাৰী ৰাইজে লাভ নকৰিলে বিদ্যুতৰ পোহৰ ৷ ৰাইজে ৰাজ্য চৰকাৰৰ বিয়াগোম বিদ্যুৎ বিভাগক বিদ্যুৎ সেৱাৰ ব্যৱস্থা কৰিবলৈ বাৰম্বাৰ দাবী জনাই আহিছিল যদিও ৰাইজে আজিকোপতি সমস্যাটিৰ পৰা পৰিত্ৰাণ নাপালে। কেন্দ্ৰীয় চৰকাৰৰ কি দীনদয়াল আঁচনি, কি সৌভাগ্য আঁচনি গাওখনৰ ৰাইজে লাভ নকৰিলে। গাওখনৰ ৰাইজে আজিলৈকে বিদ্যুতৰ খুঁটা এটাও প্ৰত্যক্ষ নকৰিলে। প্ৰায় ২৫০ টা আদিবাসী জনগোষ্ঠীয় পৰিয়ালে দীৰ্ঘদিনৰে পৰা বসবাস কৰি থকা পানবাৰী অকাবস্তি ৰাইজে আজিও কেৰাচিন তেলৰ চাকিয়েই একমাত্ৰ পোহৰৰ সম্বল। গাঁওখনৰ ছাত্ৰ-ছাত্ৰী সকলে আধুনিক যুগত ডিমিক ডামাক চাকি আৰু লেমৰ পোহৰত অধ্যয়ন কৰিবলগীয়া হৈছে। একাংশ গঞা ৰাইজে উপায় বিহীন হৈ নিজাববীয়াকৈ সৌৰচাকিৰ ব্যৱস্থা কৰি লৈছে। বিশেষকৈ গাঁওখনত পোহৰৰ ব্যৱস্থা নকাৰৰ বাবেই ইতিমধ্যে কেইবাজনো লোক বনৰীয়া হাতীৰ আক্ৰমণত অকাল মৃত্যুক সাৱটি লৈছে। ৰঙাপৰাৰ স্থানীয় বিধায়ক পল্লৱ লোচন দাস শক্তি মন্ত্ৰী হোৱাৰ পাছত পানবাৰী অকাবস্তি গাঁৱৰ ৰাইজে গাঁওখনত বিদ্যুতৰ সমস্যাটোৰ অন্ত পৰিব বুলি আশা কৰিছিল যদিও সেয়া বাস্তৱত পৰিণত নহল। কেন্দ্ৰীয় চৰকাৰখনে গ্ৰাম্য অঞ্চলত প্ৰত্যেক ৰাইজে বিদ্যুৎ লাভ কৰি অহা বুলি ঢাক-ঢোল বজাই আহিছে যদিও বাস্তৱত ই যে এক প্ৰহসনহে-- সেয়া ৰঙাপৰাৰ পানবাৰী অকাবস্তি গঞা গাঁওখনৰ ছবিয়ে প্ৰকৃত তথ্য উদঙাই দিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.