তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ ডুমডুমাত চাঞ্চল্যকৰ ঘটনা । ধৰ্ষণৰ বলি এগৰাকী ১৪ বছৰীয়া কিশোৰী । প্ৰায় ৬ মাহ পূৰ্বে সংঘটিত এই ঘটনা পোহৰলৈ আহিছে কিশোৰীগৰাকী অসুস্থ হোৱাৰ পাছত । ডুমডুমাৰ কাষৰীয়া এটা অঞ্চলত এই ঘটনাটো সংঘটিত হৈছিল ।
ঘটনাটো কি ?
অভিযোগ অনুসৰি সমনীয়াৰ সৈতে খেলি আছিল কিশোৰীগৰাকীয়ে । খেলি থকা স্থানৰ পৰাই কিশোৰীগৰাকীক ওচৰৰে এজন কিশোৰে এটা বাসগৃহলৈ ফুচুলাই লৈ গৈছিল । তাৰ পাছতে অভিযুক্তই কিশোৰীগৰাকীক ধৰ্ষণ কৰে । কেৱল এজন কিশোৰেই নহয় এই ধৰ্ষণৰ ঘটনাত আন ৬ জন কিশোৰো জড়িত থকাৰ অভিযোগ উঠিছে ।
অভিযোগ অনুসৰি কিশোৰীগৰাকীৰ চকু আৰু মুখত কাপোৰ বান্ধি কিশোৰৰ দলটোৱে ধৰ্ষণ কৰিছিল । ইফালে এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত আছিল অভিযুক্তৰ পৰিয়াল । তেওঁলোকে ভুক্তভোগী কিশোৰী আৰু তেওঁৰ পৰিয়ালক বিভিন্ন ধৰণৰ ভাবুকিও দিছিল । ধনৰ লোভ দিয়াৰ লগতে এই বিষয়ে আৰক্ষীক অৱগত কৰিলে পৰিয়ালটোৰ ঘৰ জ্বলাই দিব বুলিও ভাবুকি প্ৰদান কৰিছিল !
আটক অভিযুক্ত ৭ কিশোৰ
ডুমডুমা মহিলা সমিতিৰ সভানেত্ৰী ববী বড়াই সদৰী কৰা অনুসৰি ঘটনা সংঘটিত হোৱাৰ প্ৰায় ৬ মাহৰ পাছত কিশোৰীগৰাকী অসুস্থ হৈ পৰে আৰু তেতিয়া মাতৃৰ সৈতে স্থানীয় চিকিৎসালয়লৈ যায় । চিকিৎসালয়লৈ যোৱাৰ পাছতহে ঘটনাটো পোহৰলৈ আহে । কিশোৰীগৰাকী বৰ্তমান ৬ মাহৰ গৰ্ভৱতী । লগে লগে ঘটনা সন্দৰ্ভত ডুমডুমা আৰক্ষী থানাত যোৱা ২৬ নৱেম্বৰত কিশোৰীগৰাকীৰ পৰিয়ালে এখন এজাহাৰ দাখিল কৰে ।
ডুমডুমা আৰক্ষীয়েও অতি তৎপৰতাৰে অভিযুক্ত ৭ জনকেই আটক কৰে । আটাইকেইজনকে আটক কৰি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে । গুৰুত্বপূৰ্ণ কথাটো হৈছে যে উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আটক হোৱা ৭ জনেই নাবালক ৷ সম্প্ৰতি এই ঘটনা সমগ্ৰ তিনিচুকীয়া জিলাত উত্তেজনাৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক : গড়াজানৰ নৃশংস হত্যাকাণ্ড: প্ৰেমিকেই যদি আছিল ষড়যন্ত্ৰকাৰী কিয় হ’ল হত্যাৰ বলি ?