তেজপুৰ, 10 ছেপ্তেম্বৰ: বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেত্ৰী নিশিতা গোস্বামীৰ ৷ কংগনা ৰাণাৱট এগৰাকী শক্তিশালী নাৰী বুলি উল্লেখ কৰি তেওঁ কয়, কংগনাই যিখিনি কথা কৈছে সেইয়া এগৰাকী সাহসী মহিলাইহে ক'ব পাৰিব ৷ তাৰ বিনিময়ত সম্প্ৰতি তেওঁ যিবোৰ ফলাফল পাইছে সেইয়া অতি দুৰ্ভাগ্যজনক ৷ নিজৰ দেশতে যদি কোনো লোকৰ এনে অৱস্থা হয় তেন্তে আমি কেনেকৈ ইয়াত তিষ্ঠি থাকিম বুলি অভিনেত্ৰী গৰাকীয়ে মন্তব্য কৰে সংবাদ মাধ্যমযোগে ৷ তেওঁ কংগনা ৰাণাৱটক অভিবাদন জনাই প্ৰতিগৰাকী নাৰীয়েই কংগনা ৰাণাৱটৰ দৰে হ'ব লাগে বুলিও উল্লেখ কৰে অভিনেত্ৰী নিশিতা গোস্বামীয়ে ৷
লগতে পঢ়ক: অভিনেত্ৰী কংগনা ৰাণাৱটৰ কাৰ্যালয়ত বি এম চিৰ উচ্ছেদ অভিযান