ETV Bharat / state

শোণিতপুৰ জিলাত নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন

author img

By

Published : Apr 27, 2021, 10:39 PM IST

শোণিতপুৰ জিলাত নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন ৷ 27 এপ্ৰিলৰ পৰা 1 মে'লৈ কাৰ্য্যকৰী হ’ব এই নিৰ্দেশনা ৷ এই সময়ছোৱাত জৰুৰীকালীন সেৱাত নিয়োজিত লোকৰ বাহিৰে আন সকলো লোকৰ চলা ফুৰা সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে ৷

night curfew in sonitpur district till 1 may etv bharat news
শোণিতপুৰ জিলাত নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন

তেজপুৰ, ২৭ এপ্ৰিল: ক’ভিড-১৯ৰ বাবে সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু শোণিতপুৰ জিলাত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ সভাপতি মানবেন্দ্ৰ প্ৰতাপ সিঙে মঙলবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ আগন্তক ১ মে'লৈ সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন জাৰী কৰিছে ।

এই সময়ছোৱাত তলত উল্লেখিত জৰুৰীকালীন সেৱাত নিয়োজিত লোকৰ বাহিৰে আন সকলো লোকৰ চলা ফুৰা সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে । লকডাউনৰ সময়ছোৱাত জৰুৰীকালীন সেৱাত নিয়োজিত ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ অধীনত থকা বিভিন্ন চৰকাৰী কাৰ্যালয় অথবা ৰাজহুৱা প্ৰতিষ্ঠানত কৰ্মৰত বিষয়া-কৰ্মচাৰী যেনে স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ আৰু সংশ্লিষ্ট প্ৰতিষ্ঠান, আৰক্ষী বাহিনী, কাৰাগাৰ, গৃহৰক্ষী বাহিনী, অসামৰিক প্ৰতিৰক্ষা, অগ্নিনিৰ্বাপক বাহিনী, জিলা প্ৰশাসন, পে এণ্ড একাউন্ট কাৰ্যালয়, পানী, বিদ্যুৎ যোগান সেৱা, ৰাজহুৱা পৰিবহণ (বিমান সেৱা/ ৰেইল সেৱা/ বাছ) লগতে এই সেৱা সমূহ নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত আন আনুষংগিক সেৱা (যেনে সামগ্ৰী কঢ়িওৱা, টিকেট সংগ্ৰহ, বিমানেৰে সামগ্ৰী প্ৰেৰণ, চি.এফ.এচ., আই.চি.ডি., ইত্যাদি), দুৰ্যোগ প্ৰশমন আৰু ইয়াৰ লগত জড়িত সেৱা, এন.আই.চি., এন.চি.চি. আৰু পৌৰ সেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত লোকৰ দ্বাৰা বৈধ পৰিচয় পত্ৰ প্ৰদৰ্শন সাপেক্ষে তেওঁলোকক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হ'ব ৷ ইয়াৰ উপৰিও ন্যায়িক সেৱাৰ লগত জড়িত বিষয়া-কৰ্মাচাৰী, ব্যক্তিগত স্বাস্থ্য খণ্ডৰ চিকিৎসক, নাৰ্ছ, পেৰা-মেডিকেল কাৰ্মচাৰী আৰু অন্যান্য হাস্পতাল সেৱা (যেনে হাস্পতাল, স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ, ক্লিনিক, ফাৰ্মাচী, ঔষধ প্ৰতিষ্ঠান, ইত্যাদি), চিকিৎসাৰ প্ৰয়োজন হোৱা গৰ্ভৱতী মহিলাৰ আৰু ৰোগী আদিক ৰেহাই দিয়া হৈছে ৷ আনহাতে বৈধ টিকট প্ৰদৰ্শন কৰিলে বিমান বন্দৰ, ৰেইল ষ্টেচন, আন্ত:ৰাজ্যিক বাছাস্থানলৈ যাত্ৰীসকলে অহা-যোৱা কৰিব পাৰিব ৷ লগতে বিভিন্ন দেশৰ কূটনৈতিক কাৰ্যালয়ৰ লগত জড়িত বিষয়ববীয়া তথা সাংবিধানিক পদবীত কৰ্মৰত কোনো লোকক বৈধ পৰিচয় পত্ৰ প্ৰদৰ্শন সাপেক্ষে তেওঁলোকক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হ'ব ৷ ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমত কৰ্মৰত সংবাদকৰ্মীসকলেও বৈধ পৰিচয় পত্ৰ প্ৰদৰ্শন কৰিলে ৰেহাই পাব । এই সময়ছোৱাত আন্ত:ৰাজ্যিক যাতায়ত তথা ৰাজ্যৰ ভিতৰত এখন জিলাৰ পৰা আন এখন জিলালৈ অত্যাৱশ্যকীয় তথা আন কোনো সামগ্ৰীৰ কঢ়িওৱা ক্ষেত্ৰত কোনো ধৰণৰ বাধা আৰোপ কৰা হোৱা নাই ৷ ইয়াৰ বাবে কোনো বিশেষ অনুমতিপত্ৰ/ ই-পাচৰ প্ৰয়োজন নাই ।

আনহাতে, তলত উল্লেখ কৰা অত্যাৱশ্যকীয় সেৱা তথা সামগ্ৰীৰ লগত জড়িত বাণিজ্যিক তথা ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠানৰ লোকসকলক ৰেহাই দিয়া হৈছে :

  • খাদ্যসামগ্ৰী, গেলামাল, ফল আৰু শাক-পাচলি, দুগ্ধজাত সামগ্ৰী আৰু গাকীৰৰ বিপণী, মাছ-মাংসৰ দোকান, পশু খাদ্য, ফাৰ্মাচী, ঔষধ আৰু চিকিৎসা সামগ্ৰী
  • বেংক, বীমা কাৰ্যালয় আৰু এ.টি.এম সেৱা
  • টেলি-কমিউনিকেশ্যন, ইন্টাৰনেট সেৱা, সম্প্ৰসাৰণ আৰু কেবল টিভি, তথ্য প্ৰযুক্তি সম্বন্ধীয় সেৱা
  • ই-কমাৰ্চৰ যোগে খাদ্য সামগ্ৰী, ফাৰ্মাচী তথা চিকিৎসা সামগ্ৰীৰ যোগান ধৰা
  • পেট্ৰ’ল পাম্প, এল.পি.জি, চি.এন.জি, পেট্ৰলিয়াম আৰু গেছ আদিৰ খুচুৰা বিক্ৰী কেন্দ্ৰ তথা গুদাম ঘৰ
  • বিদ্যুৎ শক্তি উৎপাদন, পৰিবহণ আৰু বিতৰণ
  • শীতল ভঁড়াল আৰু গুদাম সেৱা
  • ব্যক্তিগত নিৰাপত্তাৰক্ষী সেৱা
  • অত্যাৱশ্যকীয় সামগ্ৰী উৎপাদন কৰা উদ্যোগ
  • নিৰন্তৰভাৱে চলি থকা কোনো উৎপাদন উদ্যোগ তথা সেৱা

উল্লেখ্য যে, ক’ভিডৰ প্ৰতিষেধক ল’বলৈ যোৱা ব্যক্তিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহব । এই নিষেধাজ্ঞা অমান্য কৰিলে তেনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক :চাবুৱাত ধোঁৱাচাঙত উঠিল ক'ভিড প্ৰট'কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.