ৰঙাপৰা, ৭ জানুৱাৰী : শোণিতপুৰ জিলাৰ ৰঙাপৰা ৰে'ল জংচন পৰিদৰ্শন উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহা প্ৰবন্ধকৰ (NF Railway GM visited Rongapara station) । লগতে উদ্বোধন কৰে অত্যাধুনিক পানী যোগান প্ৰকল্পৰ । উল্লেখ্য, শুকুৰবাৰে বিশেষ ৰে'লযোগে ৰঙাপৰাত উপস্থিত হয় গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ মহাপ্ৰবন্ধক আঞ্চুল গুপ্তা (North East Frontier Railway) ।
এন এফ ৰে'লৱে বিভাগৰ মহাপ্ৰবন্ধকগৰাকীৰ সৈতে ৰঙিয়া মাণ্ডলিক কাৰ্যালয়ৰ মাণ্ডলিক বিষয়া ভি কে শ্ৰীবাস্তৱ আৰু আন কেইবাগৰাকীও শীৰ্ষ বিষয়াই ৰঙাপৰা ৰে'ল ষ্টেচনত উপস্থিত হয় । উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধক আঞ্চুল গুপ্তাই বিশেষ ৰে'লখনৰ পৰা নামি প্ৰথমতে জংচনটিৰ প্লেটফৰ্মৰ সুৰক্ষাৰ দিশবোৰ চোৱা-চিতা কৰে ।
লগতে ৰঙাপৰা ৰে'লৱে জংচনত প্ৰায় এক কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক পানী যোগান গৃহটিৰ শুভ উদ্বোধন কৰে মহাপ্ৰবন্ধক আঞ্চুল গুপ্তাই (NF Railway GM inaugurated water supply project) । উল্লেখ্য, যাত্ৰীবাহী ৰে'লৰ দবাৰ ভিতৰত হঠাৎ অগ্নিকাণ্ড সংঘটিত হ'লে ৰে'লৱে কৰ্মচাৰীসকলে কেনেদৰে জুই নিৰ্বাপিত কৰিব তাৰো এক মকড্ৰিল মহাপ্ৰবন্ধকগৰাকীৰ সন্মুখত কৰি দেখুৱায় (Mock drill at Rongapara Railway Station) ।
তাৰ পিছত মহাপ্ৰবন্ধক আঞ্চুল গুপ্তাৰ লগতে শীৰ্ষ বিষয়াৰ দলটোৱে গৈ ৰঙাপৰা ৰে'লৱে খেলপথাৰত উপস্থিত হয় । শেহতীয়াভাৱে ৰঙাপৰা আৰক্ষী থানাৰ সন্মুখত থকা এই খেলপথাৰখন ৰে'ল বিভাগে অতি সুন্দৰ ৰূপত নিৰ্মাণ কৰি উলিয়াইছে । মহাপ্ৰবন্ধকগৰাকীয়ে খেলপথাৰখনৰ লগতে এখন পৰিৱেশ উদ্যান (Eco Park) আৰু নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এটা ইনড'ৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে । উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ গুৱাহাটীৰ মালিগাঁৱৰ মুখ্য কাৰ্যালয়ৰ মহাপ্ৰবন্ধকগৰাকীৰ আগমনক লৈ ৰে'লৱে বিভাগে এক সুন্দৰ পৰিৱেশ গঢ়ি তোলে ।
নিশাটোৰ ভিতৰতে ৰে'লৱে বিভাগে লাখ লাখ টকা ব্যয় কৰি চূণ-তেল সানি, চাফ-চিকুণ আৰু ফুলনিৰ বাগিচা নিৰ্মাণৰে মায়ানগৰীৰ পৰিৱেশৰ সৃষ্টি কৰি তোলে ৰঙাপৰা চহৰখন । কিন্তু এতিয়া এই পৰিৱেশ কিমান দিনলৈকে থাকিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।
লগতে পঢ়ক :Flutist Dipak Sharma hospitalized: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা অসুস্থ