তেজপুৰ,১৭ ফেব্ৰুৱাৰীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৬ টা বাঘ স্থানান্তৰ কৰাৰ বাবে জো-যা চলাইছে National Tiger conservation Authority NTCA য়ে ৷ পশ্চিম বংগৰ Buxa Tiger Reserve লৈ স্থানান্তৰ কৰা হ'ব ৬ টাকৈ বাঘ ।
Tiger Estimation Report TER সমীক্ষাৰ মতে, প্ৰধান মন্ত্ৰী নেৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ ২৯ জুনত ২০১৮ চনত ভাৰতবৰ্ষত বাঘৰ সমীক্ষা প্ৰকাশ কৰিছিল আৰু সেই তথ্য অনুসৰি সমগ্ৰ দেশৰ বাঘৰ সংখ্যা হল ২৯৬৭ টা ৷ অৰ্থাৎ মুঠ ৩৩ শতাংশ লৈ বৃদ্ধি পাইছে বাঘৰ সংখ্যা ৷ মুঠ ৪ টা পৰ্যায়ত উলিওৱা হৈছিল এই সমীক্ষা । এই তথ্যৰ ভিত্তিতে পশ্চিম বংগৰ বাঘৰ সংখ্যা তুলনামূলকভাৱে হ্ৰাস পাইছে দেশৰ অন্যান্য ৰাজ্যৰ প্ৰকল্প সমূহৰ ভিতৰত । যাৰ বাবে পশ্চিম বংগৰ বাঘৰ সংখ্যা বৃদ্ধি কৰিবলৈ এই প্ৰচেষ্টা হাতত লৈছে NTCA য়ে ইতিমধ্যে ।
ইয়াৰ ভিতৰত দেশৰ বাঘৰ জনসংখ্যা বৃদ্ধিৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে মধ্যপ্ৰদেশত ৷ মধ্যপ্ৰদেশৰ মুঠ ৫২৬ টা বাঘ পোৱা গৈছিল ৷ মুঠ ৫২৪ টা বাঘৰ সংখ্যাৰে কৰ্ণাটক দ্বিতীয় আৰু 442 টা বাঘ থকা উত্তৰাখণ্ড তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় । আনহাতে, একে সময়তে অসমত ১৯০ টা বাঘৰ স্থিতি লাভ কৰে ৷ পশ্চিম বংগৰ বাঘৰ সংখ্যা বৃদ্ধি কৰিবলৈ এই প্ৰচেষ্টা NTCA য়ে ইতিমধ্যে হাতত লৈছে । কিন্তু কৰ্তৃপক্ষই কেতিয়া এই স্থানান্তৰ কৰিব সেয়া নিশ্চিত হৈ উঠা নাই ।
আৰু পঢ়কঃ খিলঞ্জীয়াৰ সংজ্ঞা কিদৰে দিছে ন্যায়াধীশ শৰ্মা কমিটিয়ে!