ETV Bharat / state

ক’ভিড আতংক : মৃতকৰ শেষকৃত্য কৰিবলৈ শ্মশান নিদিয়ে ৰাইজে

author img

By

Published : Aug 4, 2020, 10:20 PM IST

সম্প্ৰতি সমাজত এক ভয়াবহ সমস্যা হিচাপে দেখা দিছে শ্মশানত শেষকৃত্য সম্পন্ন কৰা কাৰ্য । এজন লোকৰ মৃত্যু ঘটিলে শেষকৃত্যৰ সময়ত বহু যোজন দূৰৰ পৰা লোক আহি গোট খায় অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এতিয়া এই শেষকৃত্যৰ বাবেও একাংশই ৰাজহুৱা শ্মশানত ঠাই নিদিয়া হৈছে , কাৰণ ভয়াবহ মহামাৰী ন’ভেল কৰ'না ভাইৰাছ ।

covid patient's death

তেজপুৰ,৪ আগষ্ট : চলিত বৰ্ষৰ জানুৱাৰী মাহৰ শেহৰ ফালে বিশ্বব্যাপী প্ৰাদুৰ্ভৱ ঘটিছিল কৰ’ণা ভাইৰাছৰ ৷ ক্ৰমান্বয়ে ই মহামাৰীৰ ৰূপ ধাৰণ কৰি সমগ্ৰ বিশ্বতে তাণ্ডৱৰ সৃষ্টি কৰিছিল ৷ এনে অৱস্থাৰ উদ্ভৱ হৈছিল য়ে, আমেৰিকাৰ দৰে দেশত অভাৱ ঘটিছিল শ্মশানৰ ৷ অসমতো শ্মশানত মৃতকৰ সৎকাৰৰ ক্ষেত্ৰত কেতবোৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে ৷

সম্প্ৰতি সমাজত এক ভয়াবহ সমস্যা হিচাপে দেখা দিছে শ্মশানত শেষকৃত্য সম্পন্ন কৰা কাৰ্য । এজন লোকৰ মৃত্যু ঘটিলে শেষকৃত্যৰ সময়ত বহু যোজন দূৰৰ পৰা লোক আহি গোট খায় অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কিন্তু এতিয়া আৰু সেইয়া যেন শেষ হৈ পৰিছে । এতিয়া এই শেষকৃত্যৰ বাবেও একাংশই ৰাজহুৱা শ্মশানত ঠাই নিদিয়া হৈছে , কাৰণ ভয়াবহ মহামাৰী ন’ভেল কৰ'না ভাইৰাছ ।

মৃতকৰ শেষকৃত্য কৰিবলৈ শ্মশান নিদিয়ে ৰাইজে

অসমৰ বিভিন্ন প্ৰান্তত এতিয়া মানুহৰ মৃত্যু হোৱাৰ পাচত গাঁৱৰ মাজেদি শ্মশানলৈ নিয়াতো বাধা নিদিয়ে আৰু ওচৰৰ স্থানীয় শ্মশানত শেষকৃত্য সমাপন কৰিবলৈ নিদিয়াৰ অভিযোগ উঠিছে । কিন্তু এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে যৎপাৰোনাস্তি চেষ্টা কৰিও ব্যৰ্থ হ’বলগীয়া হৈছে । আৰক্ষী আৰু জিলা প্ৰশাসনে মৃতদেহ লৈ শেষকৃত্য কৰিবলৈ ঘূৰি ফুৰিব লগা হৈছে ৷

এজন লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাচত মৃত্যু হ’লে সেই মৃতদেহৰ পৰা পুনৰ সংক্ৰমণৰ আশংকা আছে নেকি ? যদি আছে স্বাস্থ্য বিভাগে দিয়া সেই নিয়ম অনুসৰি শেষকৃত্য সম্পন্ন কৰিলে কেনেকৈ অসুবিধা হ’ব পাৰে ?

মৃত ক’ভিড ৰোগীৰ সৎকাৰক লৈ সমস্যা

উল্লেখযোগ্য যে, শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ সাধাৰণ ৰাইজৰ প্ৰতি আহ্বান, যে এনে ধৰণৰ লোকক অৱহেলা নকৰি স্বাস্থ্য বিভাগে প্ৰদান কৰা নিয়ম অনুসৰি শেষকৃত্য সম্পন্ন কৰা উচিত । এগৰাকী ক’ভিড ৰোগীৰ মৃত্যুৰ পাচত শেষকৃত্য সম্পন্ন কৰাক লৈ স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তেজপুৰত তৰ্কাতৰ্কিৰ সৃষ্টি হয়, পৰিণতিত মৃতদেহ গাড়ীত ,লৈ ঘূৰাই ফুৰাব লগীয়া হৈছিল প্ৰশাসন । দুদিন আগলৈ অসম উদ্যোগ সুৰক্ষা বাহিনীৰ এগৰাকী পৰিদৰ্শক ক’ভিড ৰোগত আক্রান্ত হৈ মৃত্যু হোৱাত এইদৰে ঘূৰাই আনিব লগীয়া হয় তেজপুৰ বাঁহবাৰী শ্মশানৰ পৰা । ক’ভিড ৰোগীৰ মৃত্যুৰ পাচত সৃষ্টি হোৱা এনে অভাৱনীয় পৰিস্থিতি দূৰীকৰণৰ বাবে প্ৰশাসন আৰু ৰাইজে উপযুক্ত পদক্ষেপ লোৱা উচিত

লগতে পঢ়ক : লুইতৰ বুকুত সমূহীয়া আত্মজাহৰ হুংকাৰ দক্ষিণ শালমাৰাবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.