ETV Bharat / state

Model Anganwadi centre in Assam:শোণিতপুৰত নতুনকৈ হ'ব ১০৫ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ

author img

By

Published : Aug 21, 2023, 4:46 PM IST

শোণিতপুৰ জিলাত পাঁচটা বিধানসভা সমষ্টিৰত নতুন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা । বিধায়ক সকলৰ তত্বাৱধানত নিৰ্মাণ সম্পূৰ্ণ হ'ব এই কেন্দ্ৰ ।

Model Anganwadi centre in Assam
নতুন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ

তেজপুৰ, ২১ আগষ্ট :ৰাজ্য়ত নতুনকৈ আৰম্ভ হ'ব আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ । সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাত সামাজিক উন্নয়ন বিভাগৰ অধীনত শেহতীয়া কৈ অসম চৰকাৰৰ তৰফৰ পৰা আদৰ্শ অংগনবাড়ী কেন্দ্রৰ অনুমোদন কৰা হৈছে ।

Model Anganwadi centre in Assam
নতুন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ

এতিয়া আৰু জৰাজীৰ্ণ অৱস্থাত ছাত্র-ছাত্ৰীক পঢ়ুৱাব নালাগে । চৰকাৰে এই নতুনকৈ প্ৰদান কৰা অংগনৱাড়ী কেন্দ্ৰসমূহ সুন্দৰ পৰিবেশত গঢ় দিয়া হ'ব ।শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০৫ টা এনে নতুন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে প্ৰস্তুতি হাতত লৈছে । এই সমষ্টি সমূহৰ বিধায়ক সকলৰ তত্বাৱধানত নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া এই অংগনৱাড়ী কেন্দ্ৰ সমূহত থাকিব ছাত্ৰ-ছাত্ৰীৰ বাবে আছুতীয়া শৌচালয় ,পঢ়াশালি,ৰান্ধনী ঘৰ আৰু সকলোতে বৈদ্যুতিক সংযোগ ইত্যাদি ।

উল্লেখ্য় যে প্রতিটো কেন্দ্ৰৰ বাবদ ২৫ লাখ টকা প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত ৭৫ হাজাৰ টকাৰে ছাত্ৰ- ছাত্ৰীৰ বাবে আছুতীয়া ডেস্ক,বেঞ্চ, আচবাব তৈয়াৰ কৰিব বাবে প্ৰদান কৰিব । ২৪ লাখ ৩০ হাজাৰ টকাৰ ভিতৰত এই কেন্দ্ৰ সমূহ নিৰ্মাণ কৰা হ'ব । প্রতিটো সমষ্টিত ২১ টাকৈ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ৪৮ টা কেন্দ্ৰ সংযোজন হ'ব । ইয়াৰে ১৯ টা বিশ্বনাথ চাৰিআলিত নিৰ্মাণ কৰা হ'ব । ইয়াৰ লগতে অনুচিত জাতি/জনজাতি শিতানতো আছুতীয়াকৈ নিৰ্মাণ কৰা হ'ব এই অংগনৱাড়ী কেন্দ্ৰ ।

লগতে পঢ়ক:Deprived from PMAY: ধুমুহাত গৃহহাৰা অসহায় দম্পতী, আজিকোপতি নাপালে PMAYৰ গৃহ

পূৰ্বতে এই কেন্দ্ৰ সমূহ কৰ্মীসকলে নিজৰ ঘৰত আছুতীয়া ঘৰ সাজি চলাই আছিল যদিও এতিয়া এই কেন্দ্ৰ সমূহ য'ত নিৰ্মাণ কৰা হ'ব সেই ঠাইৰ ভূমি কেন্দ্ৰৰ নামত অধিগ্ৰহণ হ'ব । ফলত বহু ঠাইত এই কেন্দ্ৰ নিৰ্মাণৰ বাবে অসুবিধা সন্মুখীন হ'ব লগীয়া হৈছে । নতুন আন্তঃগাথঁনিৰে নিৰ্মাণ হ'বলগীয়া এই কেন্দ্ৰৰ কিছু সংখ্যকৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে ।

লগতে পঢ়ক:Tezpur doctor Suicide case: শোণিতপুৰৰ মিছামাৰী উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসকৰ আত্মহনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.