ETV Bharat / state

পিউ-শ্ব-টিৰ আক্ৰমণত নিহত ভাৰতীয় ব্যৱসায়়ীৰ মৃত্যুক লৈ ম'ৰেত ব্যাপক উত্তেজনা - ম্যানমাৰ

ম্যানমাৰৰ জুন্টা চৰকাৰৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা সন্ত্ৰাসবাদী সংগঠন পিউ-শ্ব-টিৰ আক্ৰমণত নিহত হৈছিল এজন অটো চালক আৰু এজন ব্যৱসায়ী ৷ অটো চালক আৰু ব্যৱসায়ীজনৰ মৃত্যুক লৈ ম'ৰেত ব্যাপক উত্তেজনা ৷

jhfjytt
পিউ-শ্ব-টিৰ আক্ৰমণত নিহত ভাৰতীয় ব্যৱসায়়ীৰ মৃত্যুক লৈ ম'ৰেত ব্যাপক উত্তেজনা
author img

By

Published : Jul 9, 2022, 2:29 PM IST

তেজপুৰ, 9 জুলাই: ম্যানমাৰৰ জুন্টা চৰকাৰৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছিল পিউ-শ্ব-টি নামৰ এটা সন্ত্ৰাসবাদী সংগঠন ৷ পিউ-শ্ব-টি নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে যোৱা মঙলবাৰে মণিপুৰৰ ম'ৰেত দুজন তামিলনাডুৰ ব্যৱসায়ীক গুলীয়াই হত্যা কৰিছিল ৷ এই হত্যাকাণ্ডক লৈ এতিয়া উত্তেজনা অব্যাহত মণিপুৰৰ ম'ৰেত ৷

আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা মতে, মৃত্যু হোৱা ব্যাক্তি দুজন ক্ৰমে পি মোহন আৰু আনজন এম আয়্যান ৷ মৃত পি মোহন পেছাত এজন অটো চালক আৰু এম আয়্যান পেছাত এজন ব্যৱসায়ী ৷ ঘটনা অনুসৰি, মঙলবাৰে পুৱা দুয়ো মটৰ চাইকেলেৰে তমো পাৰ হৈ ম্যানমাৰৰ সীমান্ত পাৰ হৈ যোৱাৰ সময়তে হঠাৎ কোনো অচিনাক্ত দুৰ্বৃত্তই দুয়োজনকে গুলীয়াই হত্যা কৰে ।

এই ঘটনা সংঘটিত হৈছিল তমো ভাৰত ম্যানমাৰ সীমান্তৰ পৰা মাত্ৰ 4 কিলোমিটাৰ দুৰত্বত । ইয়াৰ পিছতে ম'ৰে টাউনত ব্যৱসায়ীসকলে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে স্থানীয় আৰক্ষীক উচিত তদন্তৰ দাবীত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

উল্লেখ্য যে, মণিপুৰৰ ম'ৰে চহৰ হৈছে ভিন্ন জাতি জনগোষ্ঠীৰ প্ৰায় 50,000 লোকৰ বসতিস্থল । কুকি, মেইটেই,পাঞ্জাৱী, তামিল, মাৰোৱাৰী আৰু বেংগলী লোকে ব্যৱসায়সূত্ৰে বাস কৰি আহিছে ম'ৰেত । তামিলনাডুৰ পৰা অহা তামিলসকল বহু বছৰ পূৰ্বে এই আন্তঃৰাষ্ট্ৰীয় সীমান্তত বাস কৰি আহিছে । তামিলসকল 1940 চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰথমবাৰৰ বাবে আহিছিল আৰু দ্বিতীয় পৰ্য্যায়ত 1960 চনত বাৰ্মাৰ পৰা আহিছিল ।

পূৰ্বে বাৰ্মাত এইসকল লোকে ব্ৰিটিছ শাসনৰ সময়ত সেই চৰকাৰ অধীনত কৰ্মৰত আছিল আৰু তাৰে ফলস্বৰূপে বাৰ্মাত হোৱা হিংসাত্মক কাৰ্যকলাপৰ বাবে মণিপুৰৰ ম'ৰেত বসতি স্থাপন কৰে । আনহাতে মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চলত ম'ৰেৰ পৰা ম্যানমাৰ সীমান্ত লৈ দুয়োফালে কোনোধৰণৰ ভিছা পাছপোৰ্ট নথকাকৈ যাতায়তৰ সুবিধা আছে । তাৰ বাবে দুয়োখন দেশৰ মাজত অহা যোৱা চলি থাকে ৷ বিগত সময়চোৱাত ক’ভিডৰ বাবে দুয়োখন দেশৰ মাজত থকা এই যাতায়ত ব্যৱস্থা বন্ধ হৈ আছিল ।

লগতে পঢ়ক: ক'ভিডত আক্ৰান্ত অমৰ্ত্য সেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.