তেজপুৰ, ২৮ মে': শোণিতপুৰ জিলাত মুকলি এটা বিশেষ প্ৰতিষেধক কেন্দ্ৰ । শোণিতপুৰ জিলা প্ৰশাসনে শুকুৰবাৰে তেজপুৰ হেম বৰুৱা ভৱনত মুকলি কৰিলে এই আদৰ্শ প্ৰতিষেধক কেন্দ্ৰটো । এই কেন্দ্ৰত প্ৰতিষেধকৰ বাবে অহা লোকে পঞ্জীয়ণৰ পিছত জিৰণি লোৱাৰ ব্যৱস্থা আছে ।
জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে মুকলি কৰা এই আদৰ্শ প্ৰতিষেধক কেন্দ্ৰটোত ২০০ জন ব্যক্তিয়ে প্ৰতিদিনে প্ৰতিষেধক ল'ব পাৰিব । উপায়ুক্ত গৰাকীয়ে জনোৱা মতে কিছুদিন পূৰ্বে প্ৰতিষেধকৰ নাটনি হৈছিল যদিও এতিয়া জিলাখনত পৰ্যাপ্ত পৰিমাণে আছে প্ৰতিষেধক ।
উল্লেখ্য যে, জিলাখনত মুঠ ৯৯ টা প্ৰতিষেধক কেন্দ্ৰ আছে আৰু বৰ্তমানলৈ ১ লাখ ৮৫ হাজাৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে । দ্বিতীয় পালি প্ৰতিষেধক ৫০ হাজাৰৰো অধিক লোকে গ্ৰহণ কৰিছে । আনহাতে উপায়ুক্ত গৰাকীয়ে জনোৱা মতে জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত পূৰ্বতকৈ অধিক প্ৰতিষেধক প্ৰদান কৰা হ'ব ।
লগতে পঢ়ক:৬৪ নং তাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ