ETV Bharat / state

Sarba Shikhya Abhiyan : বিদ্যালয়ৰ জমা ধনত চকু সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালকৰ - Sarba Shikhya Abhiyan

বিদ্যালয়ৰ জমা ধনত চকু সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালকৰ (Sarba Shikhya Abhiyan) । বিদ্যালয়সমূহৰ প্ৰধানক জমা ধন ওভতাই দিয়াৰ নিৰ্দেশ ।

SSA
SSA
author img

By

Published : Oct 26, 2022, 1:36 PM IST

তেজপুৰ, ২৬ অক্টোবৰ : অসমৰ শিক্ষা বিভাগত (Assam Govt Education Department) যিমানেই পৰিৱৰ্তনৰ সূচনা কৰা হৈছে, সিমানেই বিভাগটোৰ একাংশ শীৰ্ষ বিষয়াৰ অদূৰদৰ্শী আৰু অবিবেচক কাৰ্যই সকলোৰে চকু কপালত তোলা পৰিলক্ষিত হৈছে ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ (National Education Policy 2020) সফল ৰূপায়ণৰ প্ৰাথমিক স্তৰতেই যেন উজুতি খাইছে শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকল ৷

কেৱল মাত্ৰ দুই-এক প্ৰশিক্ষণতেই দায়িত্ব সামৰিব যাওঁতে প্ৰশিক্ষণ প্ৰকৃতে কি, তাকো সফলভাৱে ব্যাখ্যা কৰাত ব্যৰ্থ হোৱা বুলি শোণিতপুৰৰ শিক্ষক সমাজত সৰৱ চৰ্চা হোৱাৰ ঘটনাই অসমৰ শিক্ষা বিভাগ আৰু শিক্ষা বিষয়াসকলৰ দক্ষতাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷ এনে সময়তে বিদ্যালয়সমূহৰ একাউণ্টত থকা জমা ধন ওভতাই দিবৰ বাবে সৰ্বশিক্ষা অভিযান (Sarba Shikhya Abhiyan), অসমৰ সঞ্চালকে জিলা শিক্ষা বিষয়াৰ জৰিয়তে বিদ্যালয়সমূহৰ প্ৰধানসকললৈ প্ৰেৰণ কৰা পত্ৰই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে যিসময়ত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰু সৰ্বশিক্ষা অভিযান, অসমক একত্ৰিত কৰি সমগ্ৰ শিক্ষা, অসম গঠন কৰা হ’ল, তাৰ পিছতো সৰ্বশিক্ষা অভিযান, অসমৰ মিছন সঞ্চালকে পত্ৰ নং- এছ এছ এ/ একাউণ্টছ/এছ এন এ/২০৭/২০২১/৯৭৭, তাৰিখ ৮ ছেপ্টেম্বৰ, ২০২২ মৰ্মে বিদ্যালয়সমূহৰ জমাধন বিচাৰি নিদেৰ্শ জাৰি কৰিছে ৷

Sarba Shikhya Abhiyan : বিদ্যালয়ৰ জমা ধনত চকু সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালকৰ

মিছন সঞ্চালকৰ (Mission Director of Sarba Shikhya Abhiyan) পত্ৰৰ আধাৰত শোণিতপুৰ জিলা সংমণ্ডলৰ শিক্ষা বিষয়াই পত্ৰ নং- DPC/SDC/RMSA/Acctts/Part-II/২০১৬/৯৩ তাৰিখ ২৮-০৯-২০২২ মৰ্মে সংশ্লিষ্ট শিক্ষা খণ্ডত জমা দিবৰ বাবে মাধ্যমিক বিদ্যালয়ৰ প্ৰধানসকললৈ নিদেৰ্শ প্ৰেৰণ কৰিছে ৷ মিছন সঞ্চালকে জিলা শিক্ষা বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰিছে যে কানাড়া বেংকৰ দিছপুৰ শাখাত এটা একাউণ্ট মুকলি কৰা হৈছে আৰু উক্ত একাউণ্টত বিদ্যালয়সমূহৰ খৰচ নোহোৱা ধন জমা দিব লাগে ৷

শিক্ষা বিষয়াৰ এনে কাৰ্যই সকলোৰে চকু কপালত তোলাৰ সমান্তৰালভাৱে সৰ্বশিক্ষা অভিযান মিছন, অসমৰ সঞ্চালকে অসম চৰকাৰৰ দেউলীয়া অৱস্থাটো উদঙাই দিছে নে বিদ্যালয়সমূহক কোনো ঠিকাদাৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব বিচাৰিছে, এই লৈ প্ৰশ্ন উঠিছে সচেতন মহলত ৷ জানিব পৰা মতে, প্ৰত্যেক বছৰে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি প্ৰাদেশীকৃত বিদ্যালয়সমূহে ৫০ হাজাৰ টকাৰ পৰা এক লাখ টকাকৈ লাভ কৰে ৷

এই ধন বিদ্যালয়ৰ ডেস্ক-বেঞ্চ মেৰামতি, খোৱাপানীৰ উপযুক্ত ব্যৱস্থা, বিদ্যুৎ বিল পৰিশোধ কৰাৰ লগতে শ্ৰেণী অনুসৰি উপস্থিতিৰ বহী ক্ৰয় কৰা, চক-পেঞ্চিল আদি যাৱতীয় সমগ্ৰী ক্ৰয় কৰাত ব্যৱহাৰ কৰিবলৈ নিদেৰ্শ প্ৰদান কৰা হয় ৷ প্ৰায় প্ৰত্যেক বিদ্যালয়ে বিদ্যুৎ বিল ৩৫/৪০ হাজাৰ টকা পৰিশোধ কৰিবলগা হোৱাৰ বিপৰীতে বাকী থকা ধনেৰে বিদ্যালয়ৰ আন যাৱতীয় কাম কৰা আৰু সামগ্ৰী ক্ৰয় কৰাৰ বাবে যথেষ্ট নহয়গৈ ৷

এই ধনৰাশিৰ ওপৰতো শীৰ্ষ বিষয়াৰ চকু পৰাত ক্ষুব্ধ হৈ পৰিছে শিক্ষক সমাজৰ লগতে বিদ্যালয় আৰু শিক্ষাৰ লগত জড়িত সচেতন ৰাইজ ৷ আনহাতে, চলিত শিক্ষা বৰ্ষৰ ৬ টা মাহ অতিক্ৰম কৰাৰ পিছতো বিদ্যালয়সমূহত জমা থকা আৰু ছাত্ৰ-ছাত্ৰীক দিবলগা ইউনিফৰ্মৰ ধন ব্যৱহাৰৰ বাবে বিদ্যালয়সমূহক নিদেৰ্শ দিয়া হোৱা নাই বুলি অভিযোগ উঠিছে ৷

সেই অভিযোগ মতে, বিদ্যালয়ৰ খৰচ নোহোৱা ধনৰ ভিতৰত এই ইউনিফৰ্মৰ ধনো থকাত প্ৰকৃততে শীৰ্ষ শিক্ষা বিষয়াৰ চকু এই ইউনিফৰ্মৰ ধনৰ ওপৰতহে ৷ অসমৰ বিদ্যালয়সমূহৰ একাউণ্টত জমা থকা ইউনিফৰ্মৰ ধনৰ ঠিকা কেন্দ্ৰীয়ভাবে প্ৰদান কৰি মোটা অংকৰ কমিছনৰ লালসাত মুখ্যমন্ত্ৰীৰ অগোচৰে এনে কাৰ্য কৰাত উঠি-পৰি লগা বুলি উত্থাপিত অভিযোগে জনমানসত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে, এখন বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্য অনুসৰি কমেও এক লাখৰ পৰা ২/২.৫০ লাখ টকা ধন কেৱল নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ বাবে লাভ কৰে ৷ সেইদৰে ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি প্ৰত্যেক বিদ্যালয়ে ১ লাখ টকাৰ পৰা ২/২.৫০ লাখ পৰ্যন্ত লাভ কৰে ৷ অসমৰ বিদ্যালয়সমূহৰ ধন একত্ৰিত কৰিলে বহু কোটি হ’ব ৷

ইফালে অসমত কেইটামান শাখা থকা কানাড়া বেংকৰ একাউণ্টত ধন জমা দিবলৈ নিদেৰ্শ প্ৰদান কৰা কাৰ্যকো নিন্দা কৰিছে সচেতন ৰাইজে ৷ অসমৰ এপেক্স বেংক বা অসম গ্ৰামীণ বিকাশ বেংক থকাৰ পিছতো কানাড়া বেংক বাছি লোৱাটো স্বাভাৱিকতে তাৎপৰ্যপূৰ্ণ ৷ সঞ্চালকৰ নিদেৰ্শ অনুসৰি খৰচ নোহোৱা ধন জমা দিব লাগে কানাড়া বেংকৰ দিছপুৰ শাখাত, তাকো সংশ্লিষ্ট শিক্ষা খণ্ডৰ জৰিয়তে ৷ প্ৰকৃততে, বিদ্যালয়সমূহত বেংকৰ পৰা লাভ কৰা সুতৰ ধনহে জমা থাকে ৷

অৱশ্যে বিভাগীয় নিদেৰ্শনাৰ অভাৱত কোনো কোনো শিতানৰ ধন যেনে- প্ৰশিক্ষণ আদিৰ ধন বিদ্যালয়সমূহৰ একাউণ্টত ৰৈ যায় ৷ এই ধন বিদ্যালয়ৰ আন্তঃগাঁথনি নিমাৰ্ণ বা অন্য প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰিবলৈ নিদেৰ্শ জাৰি কৰাৰ পৰিৱৰ্তে সুবিধা পালেই শিক্ষকৰ মৰ্যাদা হনন কৰিবলৈকো কুণ্ঠাবোধ নকৰা শিক্ষা বিষয়াই ধন ওভতাই দিবৰ বাবে নিদেৰ্শ দিয়া ঘটনাত ৰহস্যৰ গোন্ধ পাইছে বিদ্ব্যৎ সমাজে ৷ ইফালে এই সন্দৰ্ভত ৰাজ্যিক অধিবিদ্যা পৰিষদৰ মৌনতাইও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

মন কৰিবলগীয়া যে যিসময়ত অসম চৰকাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিসময়ত বিদ্যাঞ্জলী আঁচনিৰ জৰিয়তে ৰাইজক বিদ্যালয়ৰ লগত জড়িত কৰাৰ চেষ্টা চলাইছে, সেই সময়তে অতি সন্তপৰ্ণে সৰ্বশিক্ষা অভিযান মিছন, অসমৰ মিছন সঞ্চালকে বিদ্যালয়ৰ লগত জড়িত হোৱা ৰাইজক ক্ষুব্ধ কৰি তোলাৰ গোপন কৌশল অৱলম্বন কৰাৰ সমান্তৰালভাবে ৰাইজক চৰকাৰ বিদ্বেষী কৰি তোলাৰ বাবে যত্নপৰ হোৱা বুলিও অভিযোগ উঠিছে ৷

লগতে পঢ়ক :Neel Pawan Baruah : নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও সংকটজনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.