ETV Bharat / state

তেজপুৰত এগৰাকী নাৰ্চৰ শ্লীলতা হানিৰ চেষ্টা দুৰ্বৃত্তৰ

author img

By

Published : Jun 2, 2021, 11:03 PM IST

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক চিকিৎসা আৰু গৱেষণা প্ৰতিষ্ঠানৰ চৌহদৰ ভিতৰত নাৰ্চৰ শ্লীলতা হানিৰ চেষ্টা দুৰ্বৃত্তৰ ৷ ঘটনা সংঘটিত কৰি জোপোহাৰ আঁৰত আত্মগোপন কৰি থকা অৱস্থাত অভিযুক্ত ইনামূল হক আটক আৰক্ষীৰ ৷

miscreant misbehave with nurse in tezpur
তেজপুৰত এগৰাকী নাৰ্চৰ শ্লীলতা হানিৰ চেষ্টা দুৰ্বৃত্তৰ

তেজপুৰ, 2 জুন : উত্তৰ অসমৰ তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক চিকিৎসা আৰু গৱেষণা প্ৰতিষ্ঠানৰ চৌহদৰ ভিতৰত এগৰাকী কৰ্তব্য পালন কৰিবলৈ অহা নাৰ্চক মঙলবাৰে সন্ধিয়া শ্লীলতা হানি কৰিবলৈ লোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ তেজপুৰ চহৰত ৷

আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে সন্ধিয়াৰ ভাগত প্ৰায় 7.45 বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক চিকিৎসা আৰু স্বাস্থ্য প্ৰতিষ্ঠানত নিজৰ দায়িত্ব পালন কৰিবলৈ অহা অৱস্থাত এগৰাকী নাৰ্চক প্ৰতিষ্ঠান চৌহদৰ ভিতৰত এক সুকীয়া স্থানত অন্ধকাৰৰ সুযোগ লৈ এজন দুৰ্বৃত্তই পিছফালৰ পৰা গবা মাৰি ধৰে ৷ এই আকস্মিক কাৰ্যত নাৰ্চগৰাকীয়ে চিঞৰ-বাখৰ কৰাত প্ৰতিষ্ঠানৰ একাংশ কৰ্মচাৰী ওলাই অহাত পলায়ন কৰে দুৰ্বৃত্তই ৷ লগে লগে ঘটনা সন্দৰ্ভত তেজপুৰ আৰক্ষীক খবৰ দিয়া হয় ৷

miscreant misbehave with nurse
আটকাধীন দুৰ্বত্ত

ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান চলোৱাৰ অন্তত চিকিৎসালয়খনৰ সমীপৰ এক জোপোহাৰ আঁৰত আত্মগোপন কৰি থকা অৱস্থাত অভিযুক্ত ইনামূল হক (21)ক কৰায়ত্ব কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, বৰ্তমান এই প্ৰতিষ্ঠান চৌহদত বহু নিৰ্মাণকাৰ্য চলি আছে আৰু এনে নিৰ্মাণকাৰ্যৰে জড়িত ঠিকাদাৰ সন্থাই বহু সংখ্যক শ্ৰমিক নিয়োজিত কৰিছে ৷

অভিযুক্ত ইনামূলো নিৰ্মাণকাৰ্যৰে জড়িত এজন শ্ৰমিক বুলি জানিব পৰা গৈছে ৷ ইফালে প্ৰতিষ্ঠানৰ চিকিৎসক, চিকিৎসা কৰ্মী তথা অন্য কৰ্মচাৰীৰ অচিনাকী এনে বহু সংখ্যক শ্ৰমিকে কৰ’ণাৰ সংক্ৰমণৰ সময়তো কাম কৰি থকা বুলি অভিযোগ উত্থাপন হৈছে ৷

নগাঁৱৰ তিনি নম্বৰ বৰঘূলি উলুৱনি গাঁৱৰ বাসিন্দা অভিযুক্ত ইনামূলৰ বিৰুদ্ধে ইতিমধ্যে তেজপুৰ সদৰ আৰক্ষী থানাত 115/2021 নম্বৰত গোচৰ ৰুজু কৰাৰ পাচত তেজপুৰ আদালতত হাজিৰ কৰোৱা হয় অভিযুক্তজনক ৷ ইয়াৰ অন্তত আদালতে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে শ্ৰমিকজনক ।

লগতে পঢ়ক : চিকিৎসক নিগ্ৰহৰ বিৰুদ্ধে ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.