ETV Bharat / state

গহপুৰ ধৰ্ষণকাণ্ডঃ মুকলি আকাশৰ তলত ধৰ্ষণকাৰী

author img

By

Published : Oct 6, 2020, 10:16 PM IST

৯ অভিযুক্তই ভুক্তভোগী কিশোৰীৰ দুই ভনীয়েক, পিতৃ-মাতৃকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যদিও কোনো মতে প্ৰাণ ৰক্ষা কৰে পৰিয়ালটোৱে ।

Gohpur
Gohpur

তেজপুৰ , 6 অক্টোবৰঃ ফেব্ৰুৱাৰী মাহত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল এগৰাকী কিশোৰীক ৷ এই জঘন্য কাণ্ডৰ ৯ অভিযুক্ত এতিয়া মুকলি আকাশৰ তলত । শেহতীয়াকৈ জামিনত মুকলি হৈছে ঘটনাটোৰ অভিযুক্ত কেইজন ৷ জানিব পৰা মতে, ৯ অভিযুক্তই ভুক্তভোগী কিশোৰীৰ দুই ভনীয়েক, পিতৃ-মাতৃকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যদিও কোনো মতে প্ৰাণ ৰক্ষা কৰে পৰিয়ালটোৱে ।

মুকলি আকাশৰ তলত ধৰ্ষণকাৰী

লগে লগে ঘটনা সংক্ৰান্তত ভুক্তভোগী পৰিয়ালে পুনৰ এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত পুনৰ ৫ জনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে গহপুৰ আৰক্ষী । বাকী ৪ জন বৰ্তমানেও মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীৰ নিশা গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰীৰ ১ নং চকলাত ৯ জনকৈ যুৱকে একেখন গাঁৱৰ ১২ বছৰীয়া কিশোৰীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে হত্যা কৰি গছত উলমাই থোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ ঘটনাই সমগ্ৰ দেশ জোঁকাৰি গৈছিল ।

লগতে পঢ়কঃ বঙাইগাঁৱত ট্ৰাকৰ খুন্দাত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.