ETV Bharat / state

40,000 হাজাৰ টকাৰ বিনিময়ত নিজ ভতিজা!

তেজপুৰৰ খলিহামাৰীৰ ফুলবানু নামৰ এগৰাকী মহিলাগৰাকীই তেজপুৰ ভোজখোৱা চাপৰিৰ ৰফিকুল ইছলামৰ সৈতে মিলি সহোদৰ ককায়েকৰ 8 বছৰীয়া কন্যাক জনৈক মুন্নাৰ সহযোগত অৰুণাচল প্ৰদেশৰ নাহৰলগুনত 40,000 হাজাৰ টকাত বিক্ৰী কৰে

author img

By

Published : Jul 24, 2019, 7:42 PM IST

তেজপুৰ

তেজপুৰ, 24 জুলাইঃ ৰাজ্যত পুনৰ লাঞ্চিত কন্যা সন্তান ৷ এইবাৰ মাত্ৰ 40,000 হাজাৰ টকাৰ বাবে বিত্ৰী কৰা হ'ল এগৰাকী আঠ বছৰীয়া কন্যাক ৷ প্ৰাপ্ত তথ্য অনুসৰি তেজপুৰৰ খলিহামাৰীৰ ফুলবানু নামৰ মহিলাগৰাকীয়ে তেজপুৰ ভোজখোৱা চাপৰিৰ ৰফিকুল ইছলামৰ সৈতে মিলি নিজ ভতিজাকক অপহৰণৰ পৰিকল্পনা কৰে ৷ চলিত সপ্তাহৰ সোমবাৰে ফুলবানুৱে সহোদৰ ককায়েকৰ 8 বছৰীয়া কন্যাক জনৈক মুন্নাৰ সহযোগত অৰুণাচল প্ৰদেশৰ নাহৰলগুনত 40,000 হাজাৰ টকাত বিক্ৰী কৰে।

তেজপুৰ

আনহাতে ফুলবানুৱে ককায়েকক শিশুটিক বেজৰ কাষলৈ লৈ যোৱা বুলি কৈ বহু সময়লৈ উভতি নহাত পৰিয়ালৰ লোকসকল আৰক্ষীৰ কাষ চাপে ৷ বৰঘাট আৰক্ষীয়ে অভিযান আৰম্ভ কৰি মঙলবাৰে ফুলবানুক আটক কৰিবলৈ সক্ষম হোৱাত সকলো ঘটনা পোহৰলৈ আহে ৷ ইতিমধ্যে শিশুটি উদ্ধাৰৰ কাৰণে তেজপুৰ আৰক্ষীৰ এটা দল ইটানগৰলৈ ৰাওনা হৈছে । আৰক্ষীয়ে ফুলবানু আৰু ৰফিকুলক আটক কৰিছে যদিও বৰ্তমানেও মুকলি আকাশৰ তলত ঘূৰি ফূৰিছে জনৈক মুন্না ৷

Intro:তেজপুৰৰ আঠ বছৰীয়া শিশু বিক্ৰী।
তেজপুৰ,২৪ জুলাই :তেজপুৰত এইবাৰ শিশু বিক্ৰী। নিজৰ আঠ বছৰীয়া ভাতিজাকক চল্লিশ হাজাৰত বিক্ৰী কৰিলে কুলাংগাৰ পেহীয়েকে। চাওক এক প্ৰতিবেদন ।
Body:VO:হয়, আপুনি ঠিকেই শুনিছে। টেলিভিছনৰ পৰ্দাত কোলাত এটি শিশুলৈ থকা এই পাষান হৃদয়ৰ মহিলা গৰাকীৰ নাম ফুলবানু। তেজপুৰৰ খলিহামাৰীৰ এই গৰাকী পাষান হৃদয়ৰ কুলাংগাৰ মহিলা গৰাকীয়ে শিশু অপহৰণকাৰী তেজপুৰ ভোজখোৱা চাপৰিৰ ৰফিকুল ইছলামৰ লগত মিলি যোৱা সোমোৱাৰে ফুলবানুৰ সহোদৰ ককায়েক খলিহামাৰীৰ আব্দুল ৰেজাকৰ আঠ বছৰীয়া কন্যা ৰাজিনা খাতুনক জনৈক মুন্নাৰ সহযোগত অৰুণাচল প্ৰদেশৰ নাহৰলগুনত চল্লিশ হাজাৰ টকাত বিক্ৰী কৰে।ইফালে শিশুটো সোমবাৰৰ পূৱা ফুলবানুৱে ককায়েকৰ আঠ বছৰীয়া শিশুটিক বেজৰ ওচৰলৈ নিয়াৰ পিছত সোমবাৰৰ দিনটো ফুলবানুৰে যোগাযোগ নোহোৱাৰ বাবে আব্দুল ৰেজাকে তেখেতৰ কন্যা সন্তানটি ভনীয়েক ফুলবানুৱে ভোজখোৱা চাপৰিৰ ৰফিকুলৰ লগত মিলি বিক্ৰী কৰাৰ সন্দেহ কৰি বৰঘাট আৰক্ষীৰ কাষ চপাত আৰক্ষীয়ে ৰফিকুল আৰু ফুলবানুক মঙ্গলবাৰে সন্ধিয়া নিজৰ জিম্মালৈ নিয়াত শিশুটিক চল্লিশ হাজাৰ টকাত আৰুনাচল প্ৰদেশৰ নাহৰলগুনত বিক্ৰীৰ কথা পোহৰলৈ আহে ।
ইতিমধ্যে শিশুটো উদ্ধাৰৰ কাৰণে তেজপুৰ আৰক্ষীৰ এটা দল মঙ্গলবাৰে ৰাতি ইটানগৰলৈ ৰাওনা হৈছে ।
Byte:শিশুটিৰ পিতৃ মাতৃ ।
VO:ইফালে মঙ্গলবাৰে ৰাতি ৰফিকুল আৰু ফুলবানুৱে শিশুটিক জনৈক মুন্নাৰ সহযোগত নাহৰলগুনত চল্লিশ হাজাৰ টকাত বিক্ৰীৰ কথা কেমেৰাৰ সন্মূখত স্বীকাৰ কৰি বিক্ৰী কৰি পোৱা টকা ফুলবানুৱে ৰফিকুলে লোৱা বুলি কোৱাৰ বিপৰীতে ৰফিকুলে ফুলবানুৱে লোৱা বুলি কয়। Conclusion:এতিয়া প্ৰশ্ন হয় কোন মুন্নাৰ এই জঘন্য শিশু অপহৰণ কান্ডৰ লগত জড়িত? মুন্নাক অসম আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হবনে ???
Byte :ফুলবানু আৰু ৰফিকুল।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২৪/৭/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.