ETV Bharat / state

বান-গৰাখহনীয়াৰ খবৰ লবলৈ গহপুৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা - flood and erosion affected areas in Gohpur

ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি(Flood situation become critical in Assam) । বান গৰাখহনীয়াত সৰ্বস্বান্ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক । গহপুৰতো বান গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ(Erosion takes severe turn in Gohpur) । শনিবাৰে বান আৰু গৰাখহনীয়াৰ খবৰ লবলৈ গহপুৰত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা ।

flood situation inspection minister piyush hazarika at gahpur
বান আৰু গৰাখহনীয়াৰ খবৰ লবলৈ গহপুৰত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা
author img

By

Published : May 21, 2022, 4:36 PM IST

বিশ্বনাথ,২১ মে': গহপুৰত বান আৰু গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ(Flood erosion in Gohpur takes a terrible turn) । বান আৰু গৰাখহনীয়াৰ খবৰ লবলৈ আজি বিশ্বনাথৰ জিলাৰ গহপুৰ সমষ্টিত উপস্থিত হয় জলস্পদ আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা । শনিবাৰে পুৱা ১১ মান বজাত গহপুৰ সমষ্টিৰ ব্ৰহ্মাজান, গহপুৰ নগৰৰ মাজ মজিয়াৰে বৈ যোৱা চত্ৰং নদীয়ে সৃষ্টি কৰা বানপানী খহনীয়াৰ স্থান সমূহ পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

flood situation inspection minister piyush hazarika at gahpu
শনিবাৰে বান আৰু গৰাখহনীয়াৰ খবৰ লবলৈ গহপুৰত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা

বানপানী খহনীয়ায়ে ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগী এখন দলং আৰু নগৰৰ খন ৮ ৱাৰ্ডত এটা পথ বানপানী ফলত ছিঙি যোৱাত নগৰ খনৰ বহু কেইটা অঞ্চল ক্ষতিগ্ৰস্ত হয় উক্ত ক্ষতিগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ লগত ম-বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে ৷ ভৰ বাৰিষাৰ আগে আগে শীঘ্ৰেই বিভাগীয় লোকক খহনীয়া ৰোধৰ বাবে ব্যৱস্থা লোৱাৰ লগতে পথ আৰু মথাউৰি সমূহ মেৰামতি কৰিবলৈ নিৰ্দেশ মন্ত্ৰী গৰাকীৰ ।

গহপুৰ সমষ্টিৰ ব্ৰহ্মাজান, গহপুৰ নগৰৰ মাজ মজিয়াৰে বৈ যোৱা চত্ৰং নদীয়ে সৃষ্টি কৰা বানপানী খহনীয়াৰ স্থান সমূহ পৰিদৰ্শন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই

আনহাতে গহপুৰ নগৰখনলৈ ভাবুকি কঢ়িয়াই অনা ছত্ৰং নদীৰ খহনীয়াৰ লগতে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ যোৱা চাৰিলাইন যুক্ত পথ নিৰ্মাণ কাৰ্যত হোৱা খেলিমেলিৰ ফলত গহপুৰ নগৰৰ মাগনিৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কেইবাখনো দলঙলৈ ভাবুকি কঢ়িয়াই অনাৰ বিষয়টো ৰাইজে মন্ত্ৰীগৰাকীক অৱগত কৰে ।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থা NHIDCL ক নদী আৰু জল নিৰ্গমন স্থল সমূহৰ ওপৰত নীতিগত ভাৱে দলং নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে । মন্ত্ৰী গৰাকীক বান আৰু খহনীয়া পৰিদৰ্শনৰ সময়ত সংগ দিয়ে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে জিলা উপায়ুক্ত, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা তথা বিষয়াই ।

লগতে পঢ়ক: বানত মৃত্যু হোৱা লোকৰ সংখ্যা 14লৈ বৃদ্ধি: আঠ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.