ETV Bharat / state

Asomi SARAS 2022: সোমবাৰৰ পৰা তেজপুৰত আৰম্ভ হৈছে অসমী চৰচ মেলা - Asomi Saras Mela held at Nehru Maidan in Tezpur

৩ জানুৱাৰীৰ পৰা ১০ দিনীয়া কাৰ্য্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান (চাৰ্ছ ফিল্ড)ত অনুষ্ঠিত হৈছে অসমী চৰচ মেলা ২০২২ (Asomi Saras Mela held at Nehru Maidan in Tezpur) ৷ অসমৰ বিভিন্ন জিলাৰ প্ৰায় ৭৬ টা প্ৰতিষ্ঠানৰ লগতে কেৰেলা, গোৱা, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু হাৰিয়ানাকে ধৰি দেশৰ ভিন্ন ৰাজ্যৰ পৰা অহা ৩০ খনকৈ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে এই মেলাত ।

সোমবাৰৰ পৰা তেজপুৰত আৰম্ভ হৈছে অসমী চৰচ মেলা

author img

By

Published : Jan 3, 2022, 10:21 PM IST

তেজপুৰ, ৩ জানুৱাৰী: পোনপ্ৰথম বাৰৰ বাবে শোণিতপুৰৰ জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত সোমবাৰৰ পৰা ১০ দিনীয়া কাৰ্য্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান (চাৰ্ছ ফিল্ড)ত অনুষ্ঠিত হৈছে অসমী চৰচ মেলা ২০২২ ৷ সকলোৰে বাবে বিনামূলীয়া প্ৰৱেশৰ সুবিধা থকা অসমী চৰচ মেলা 2022ৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰনজিৎ দাসে (Minister of P&RD Ranjeet Kumar Dass inaugurated the Asomi Saras Mela) ৷ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰনজিৎ দাসে কয়, এই মেলাৰ জৰিয়তে মুঠ ১ লাখ আত্মসহায়ক গোটৰ মহিলা উপকৃত হব ।

সোমবাৰৰ পৰা তেজপুৰত আৰম্ভ হৈছে অসমী চৰচ মেলা
সোমবাৰৰ পৰা তেজপুৰত আৰম্ভ হৈছে অসমী চৰচ মেলা

উল্লেখযোগ্য যে অসমৰ বিভিন্ন জিলাৰ প্ৰায় ৭৬ টা প্ৰতিষ্ঠানৰ লগতে কেৰেলা, গোৱা, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু হাৰিয়ানাকে ধৰি দেশৰ ভিন্ন ৰাজ্যৰ পৰা অহা ৩০ খনকৈ প্ৰতিষ্ঠানে মেলাত অংশগ্ৰহণ কৰিছে । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ আত্ম-সহায়ক গোট সমূহৰ দ্বাৰা উৎপাদিত হস্ত তাঁত-বস্ত্ৰ শিল্প, হস্ত শিল্প তথা অন্যান্য থলুৱা সামগ্ৰীৰ লগতে বিভিন্ন জনগোষ্ঠীয় খাদ্যসম্ভাৰ এই মেলাত উপলব্ধ হ’ব ।

১১ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব লগা মেলাৰ প্ৰৱেশদ্বাৰ পূৱা ১০.৩০ বজাৰ পৰা নিশা ৮.০০ বজালৈ মুকলি থাকিব । অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰামীণ শিল্পী সকলৰ উৎপাদিত সামগ্ৰী সুলভ মুল্যত ক্ৰয় কৰি তেওলোকক উৎসাহিত কৰাৰ লগতে বাৰেৰহণীয়া অসমীয়া সংস্কৃতি উপভোগ কৰিবলৈ সকলো ৰাইজকে আহ্বান জনাইছে আয়োজক কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: Covid vaccination for teens starts today: প্ৰথম দিনাই ১৫-১৮ বয়সৰ ৯০ সহস্ৰাধিকক টীকাকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.