ETV Bharat / state

Minister Ashok Singhal : ভূপেন বৰাই সদায় সপোন দেখি থাকে : অশোক সিংহল

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 11:05 PM IST

আজমলে চেলেং চাদৰ দলিয়াই দিয়া প্ৰসংগত প্ৰতিক্ৰিয়া মন্ত্ৰী অশোক সিংহলৰ ৷ যিসকল ৰাজহুৱা জীৱনত থাকে তেওঁলোকক ৰাইজেহে শাস্তি দিয়ে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

Minister Ashok Singhal
অশোক সিংহল
তেজপুৰত মন্ত্ৰী অশোক সিংহল

তেজপুৰ, 15 নৱেম্বৰ : আজমলে চেলেং চাদৰ দলিয়াই দিয়া প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী অশোক সিংহলে ৷ বুধবাৰে তেজপুৰত উপস্থিত হৈ তেওঁ কয় যে, যাৰ যেনেকুৱা চৰিত্ৰ কামো তেনেকুৱা ৷ সাংবাদিকে আজমলক আটক কিয় নকৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে- আটক কৰা, আইনী ব্যৱস্থা লোৱা আৰক্ষীৰ কাম ৷ ৰাজনৈতিক নেতাই এইকাম কৰিব নোৱাৰে ৷ যিসকল ৰাজহুৱা জীৱনত থাকে তেওঁলোকক ৰাইজেহে শাস্তি দিয়ে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

একেদৰে 3 ডিচেম্বৰত কংগ্ৰেছে বিজেপিৰ ছুনামি আহিব বুলি কোৱাৰ প্ৰসংগত কয়- ছুনামি আহিলে ধ্বংসও হয়, গতিকে তেওঁলোকৰো সেয়াই হ'ব ৷ ভূপেন বৰাই বিজেপিৰ ফলাফল শূন্য হ'ব বুলি কোৱাৰ প্ৰসংগত কয় ভূপেন বৰাই সদায় সপোন দেখি থাকে আৰু সেই সপোন দেখিয়েই যিকোনো কথা কয় ৷ ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছত নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থীয়েই নাই ৷ যিসকলৰ নাম দিছে নামবোৰ এনেই ভৰাই দিছে ৷ এই কথা কেবাগৰাকী কংগ্ৰেছ কৰ্মীয়ে কৈছে বুলি উল্লেখ কৰে মন্ত্ৰী সিংহলে ৷

লগতে মন্ত্ৰীজনে কয় যে, এতিয়া মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত প্ৰগতিৰ পথত দেশ আগবাঢ়িছে ৷ আনহাতে মূল্যবৃদ্ধিৰ প্ৰসংগত তেওঁ কয় যে, দাম বাঢ়িলে দুখীয়া মানুহৰ কষ্ট হয় ৷ সেয়েহে এই ক্ষেত্ৰত দুখীয়া মানুহৰ কষ্ট লাঘৱ কৰিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে ৷

উল্লেখ্য যে, নৈসৰ্গিক শোভাৰে মনোমোহা তেজপুৰৰ গণেশঘাটৰ পৰা অগ্নিগড়লৈকে সমগ্ৰ পথছোৱা পথাচাৰি, পৰ্যটকৰ অধিক আকৰ্ষণৰ স্থলী হিচাপে গঢ়ি তোলাই নহয় প্ৰাতঃভ্ৰমণ আৰু সান্ধ্য ভ্ৰমণৰ বাবে অধিক উপযোগী তথা সুবিধাযুক্ত কৰি বুধবাৰৰ পৰা "পদ পৰিভ্ৰমণ পথ" নামাকৰণ কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ৷ বুধবাৰে সন্ধিয়া অসম চৰকাৰৰ নগৰ পৰিক্ৰমা, জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু জিলা আয়ুক্তৰ লগতে বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত এই পথছোৱা "পদপথ ভ্ৰমণ" ৰূপে উদ্বোধন কৰি পুৱা 5 বজাৰ পৰা 7 বজালৈ আৰু সন্ধিয়া 5 বজাৰ পৰা 8 বজালৈ এই পথছোৱাৰে সকলোধৰণৰ যান-বাহনৰ চলাচল নিষিদ্ধ কৰিছে ৷

উল্লেখ্য যে গণেশঘাটৰ গণেশ মন্দিৰ আৰু শিৱ মন্দিৰ এই পথছোৱাত থকাৰ নৈসৰ্গিক শোভা উপভোগ কৰা ৰাইজৰ উপৰিও নিতৌ যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱাৰ লগতে দেশী - বিদেশী পৰ্যটকেও সঘনাই সেই ঠাইত ভীৰ কৰি আহিছিল যদিও একাংশ উশৃংখল যুৱকে সুন্দৰ ঠাইখিনি অসামাজিক স্থানৰ থলীলৈ পৰ্যৱসিত কৰি অহাৰ সঘন অভিযোগ উত্থাপিত হৈছিল ৷ এনে অভিযোগৰ পিছতেই শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ পৌৰসভাৰ জড়িয়তে এই পথছোৱা অধিক পৰিস্কাৰ - পৰিচ্ছন্ন কৰাই নহয় ষ্ট্ৰীট লাইটেৰে পোহৰাই তুলি প্ৰাতঃভ্ৰমণ আৰু সান্ধ্য ভ্ৰমণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷

লগতে পঢ়ক : AAP Assam : লোকসভা নিৰ্বাচনত অসমত পাঁচটাকৈ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব আপ অসমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.