তেজপুৰত, 14 ছেপ্তেম্বৰ: গহপুৰত অব্যাহত আছে চত্ৰং নৈৰ তাণ্ডৱ ৷ বিশ্বনাথ জিলাৰ গহপুৰ নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী ৷ বিগত কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশৰ পাদদেশত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে পাহাৰীয়া নৈসমূহ ৷ যাৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি অহা অহা চত্ৰং নৈৰ পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে জিলাখনত ৷
চত্ৰং নৈৰ বাঢ়নি পানীয়ে চকুৰ পৰাচতে ভাগি নিলে এগৰাকী লোকৰ বাসগৃহ ৷ খগেন ঠাকুৰীয়া নামৰ ব্যক্তি এগৰাকীৰ বাসগৃহটো সম্পূৰ্ণকৈ বিধ্বস্ত কৰে চত্ৰঙৰ বাঢ়নি পানীয়ে ৷ জানিব পৰা মতে, বিগত সময়চোৱাত গহপুৰ অঞ্চলৰ লোহিত মুখ, ৰাওনা মুখ আৰু হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বহু কেইখন গাঁৱত বিস্তৰ ক্ষতিসাধন কৰিছে ব্ৰহ্মপুত্ৰ আৰু চত্ৰং নৈৰ বানে ৷ বান আৰু খহনীয়াই ভাৰাক্ৰান্ত কৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজক ৷ আনকি ৰাষ্ট্ৰীয় ঘাইপথত থকা একমাত্ৰ পকী দলং খনো সম্প্ৰতি ধ্বংসৰ গৰাহত ৷ স্থানীয় ৰাইজৰ অনুৰোধ অতি শীঘ্ৰেই যাতে চৰকাৰে তেওঁলোকৰ বান-খহনীয়াৰ সমস্যা প্ৰতিৰোধৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণ কৰে ৷