তেজপুৰ, ৩ ছেপ্টেম্বৰ: শোণিতপুৰ জিলা প্ৰশাসনে শনিবাৰে বৰচলা সমষ্টিৰ চিতলমাৰিত মুঠ ২৯৯খন ঘৰত চলালে উচ্ছেদ অভিযান ৷ বেদখলকাৰীৰ বাসগৃহত পুৱা ৬ বজাৰ পৰা বৃহৎ সুৰক্ষা বাহিনীৰ সহযোগত আৰম্ভ কৰা উচ্ছেদ অভিযান দিনৰ ১.৩০ বজাত সমাপ্ত কৰে(Eviction drive in Sonitpur)।
প্ৰায় ৪০ বছৰ ধৰি উক্ত অঞ্চলত অবৈধভাৱে বসবাস কৰি থকা লোকসকলে উচ্ছেদ অভিযানৰ পূৰ্বে প্ৰশাসনৰ নিৰ্দেশনাক সঁহাৰি জনাই নিজৰ ঘৰ-দুৱাৰ উক্ত স্থানৰ পৰা আঁতৰাই নিয়ে । মুঠ ১ হাজাৰ বিঘা ভূমিত বসবাস কৰা লোকসকল মুছলমান সম্প্ৰদায়ৰ বাংলাভাষী আৰু নেপালী সম্প্ৰদায়ৰ লোক আছিল । মুছলমান সম্প্ৰদায়ৰ অধিক লোক থকা অঞ্চলটোত প্ৰশাসনে এখন মাদ্ৰাছাও ধ্বংস কৰে যদিও উক্ত স্থানত থকা দুটা মছজিদৰ কোনো অনিষ্ট নকৰে (Madrasa demolished in Sonitpur)।
উক্ত মছজিদ দুটাৰ সম্পৰ্কত প্ৰশাসনৰ লগত আলোচনা কৰি নিজে উঠাই লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে লোকসকলে । আনহাতে উক্ত স্থানত মৰাপাটৰ খেতি প্ৰচুৰ পৰিমাণে কৰিছিল আৰু সেয়া বৰ্তমান এসপ্তাহৰ বাবে সময় দি তেওঁলোকক কাটি নিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিয়া বুলি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সংবাদ মাধ্যমক জনায় ।
উল্লেখ্য যে শনিবাৰে উচ্ছেদ অভিযান চলা অঞ্চলটোত আছিল কেইবাটাও প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অন্তৰ্গত গৃহ ৷ 2016-17 দক্ষিণ শিঙৰী গাঁও পঞ্চায়তৰ অধীনত বৰচলা উন্নয়ণ খণ্ডৰ ২০১৬-১৭ বৰ্ষত লাভ কৰা এই চৰকাৰী বাসগৃহসমূক লৈও উত্থাপিত হৈছে প্ৰশ্ন ৷ চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰি লোকে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অন্তৰ্গত কিদৰে গৃহ লাভ কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত (PMAY house evicted in Sonitpur)।
উচ্ছেদ অভিযানত প্ৰায় ১২শ সুৰক্ষা কৰ্মী নিয়োজিত হৈছিল । আনহাতে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে জনায় যে উচ্ছেদ হোৱা ঠাইত আগন্তুক কিছুদিনৰ বাবে সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে আৰু স্থানীয় আৰক্ষীয়ে সকলো দিশ পৰ্যবেক্ষণ কৰিব ।