তেজপুৰ, 29 জুলাই : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ চৰকাৰ-প্ৰশাসনে ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷
বুধবাৰে কৰ'ণাৰ সৈতে যুঁজ দিবলৈ দেশৰ অগ্ৰণী প্ৰতিষ্ঠান ডাৱৰ ইণ্ডিয়া কোম্পানীয়ে শোণিতপুৰ জিলাত প্ৰদান কৰিছে প্ৰদান কৰিছে বিভিন্ন ধৰণৰ সামগ্ৰী ৷ প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰোহণ কুমাৰ ঝাৰ হাতত সামগ্ৰীখিনি অৰ্পণ কৰে ডাৱৰ কোম্পানীৰ ইউনিত মুৰব্বী অশোক গুপ্তা,প্ৰতিষ্ঠাৰ মানৱ সম্পদ বিকাশৰ অধিকাৰী পৰিচালক মঞ্জিত দাস আৰু স্বৰজিছুমা বসুমতাৰীয়ে । প্ৰতিষ্ঠানটোৱে মাস্ক,চেনিটাইজাৰ,ডাৱৰ মৌ আদিকে কৰি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰিছে ৷ উল্লেখ্য যে,এই প্ৰতিষ্ঠানটোৱে বানক্ৰান্ত ৰাইজক বিভিন্ন সময়ত সহায় প্ৰদান কৰি আহিছে ৷
লগতে পঢ়ক: বকোত যন্ত্ৰচালিত নাৱত বিদ্যুৎস্পৃষ্ট হৈ নিহত 1, আহত 2