ETV Bharat / state

Assam Police operation against drugs: আৰক্ষীৰ জালত কেইবাটাও সৰবৰাহকাৰী

author img

By

Published : Jun 4, 2022, 2:26 PM IST

মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্যজুৰি আৰম্ভ হোৱা ড্ৰাগছ বিৰোধী অভিযান বৰ্তমানো অব্যাহত আছে(Assam police against drugs) । বিগত দিনসমূহৰ দৰে বৃহস্পতিবাৰে নিশাও চলিল ড্ৰাগছ বিৰোধী অভিযান(Anti-drug campaign continues) । জালত পৰিল বহুকেইটা ড্ৰাগছ সৰবৰাহকাৰী ।

many drug smugglers were detained in different parts of assam
Police operation against drugs: আৰক্ষীৰ জালত বহুকেইজন সৰবৰাহকাৰী

নিউজ ডেস্ক,৪ জুন: ৰাজ্যত যেন ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ এটা সমাধান নোহোৱা অংক হৈ পৰিছে(Assam police against drugs) ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ ৷ শেহতীয়াকৈ বৃহস্পতিবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্ত চলোৱা ড্ৰাগছবিৰোধী অভিযানত আৰক্ষীৰ জালত পৰিল কেইবাটাও সৰবৰাহকাৰী(Anti-drug campaign continues) । জব্দ কৰা হ'ল বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ।

শোণিতপুৰতো অব্যাহত ড্ৰাগছবিৰোধী অভিযান । চাৰিদুৱাৰ আৰক্ষীয়ে গুদামঘাটত অভিযান চলায় ৫৭ টা কন্টেইনাৰ লগতে চাবোনৰ কেচত প্লাষ্টিকৰে মেৰিয়াই থোৱা অবস্থাত জব্দ কৰিবলৈ সক্ষম হয় ব্ৰাউনচুগাৰ । লগতে আটক কৰে ইকবাল হুছেইন নামৰ এজন যুৱকক(One arrested with drugs in Sonitpur) । জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ মূল্য কেইবালক্ষাধিক টকা হব বুলি আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰিছে । উল্লেখ্য যে শুকুৰবাৰে অৰুণাচলৰ এজন যুবকক ড্ৰাগছসহ আটক কৰিছিল চাৰিদুৱাৰ আৰক্ষীয়ে আৰু সেই যুৱকজনৰ ভাষ্যৰ ভিত্তিতে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ ।

ইফালে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । তিনিচুকীয়া হিজুগুৰিৰ পৰা ড্ৰাগছ লৈ আহি থাকোতে চাবুৱাত আটক কৰা হয় এজন যুৱকক(One arrested with drugs in Tinsukia) । পানীতোলা বৰুৱাহোলাৰ সৌৰভ দাস নামৰ যুৱকজনক ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰাৰ পিছতেই পোহৰলৈ আহিছে এই তথ্য । যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২.৮৩ গ্ৰাম ড্ৰাগছ ।

শদিয়াৰ আৰক্ষী জিলা প্ৰশাসনৰ অধীনৰ ধলা আৰক্ষী থানাৰ আন্তৰ্গত লাফাংকলা চাৰিআলিত নিশা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা নিষিদ্ধ ৷ এক গোপন সূত্ৰৰ পম খেদি শদিয়াৰ জিলা আৰক্ষী প্ৰশাসনৰ ধলা চক্ৰ পৰিদৰ্শক সুভাস দাসৰ নেতৃত্বত ধলা আৰু ছৈখোৱাঘাট আৰক্ষী থানাৰ এক অভিযানকাৰী দলে ছৈখোৱাৰ লাফাংকলা চাৰিআলিত চলাইছিল অভিযান । অভিযানত তিনিচুকীয়াৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘপাইপথেৰে শদিয়াৰ অভিমুখে অহা As-23-CC- 3177 নম্বৰৰ ধৃতিস্মিতা নামৰ যাত্ৰীবাহী বাছ খনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজনকৈ লোকক আটক কৰে(Three including drugs trapped by police in Dhola) ।

আটকাধীন লোককেইজন ক্ৰমে ৰিপুল বাইলুং,ৰঞ্জিত বসুমতাৰী আৰু ধৰ্মৰাজ কোঁৱৰ । তিনিওৰে ঘৰ শদিয়াত বুলি জানিব পৰা গৈছে । জব্দকৃত ড্ৰাগছখিনি উক্ত তিনি সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা আনি শদিয়াৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰমেশত বিক্ৰী কৰিবলৈ অনা বুলি স্বীকাৰ কৰে ।

লগতে পঢ়ক: হালোৱাটিঙত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.