ETV Bharat / state

প্ৰথমবাৰলৈ শ্বিলঙৰ ইএচিত উপস্থিত ইষ্টাৰ্ণ কামাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডে

author img

By

Published : Jun 13, 2021, 11:09 PM IST

১ জুনত দায়িত্ব গ্ৰহণৰ পাচত প্ৰথমবাৰলৈ শ্বিলঙৰ মুখ্য কাৰ্যালয় ইএচি(EAC) পৰিদৰ্শন ইষ্টাৰ্ণ কামাণ্ডাৰ জিঅ'চি-ইন-চিৰ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেৰ । এই আলোচনাৰ মূল বিষয়বস্তু আছিল যুটীয়া অভিযান আৰু যুটীয়া প্ৰণালী ।

manoj pandey visit eac
ইএচিত উপস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডে

তেজপুৰ,১৩ জুন : লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডে এভিএছএম (Ati Vishisht Seva Medal) ভিএছএমে (The Vishisht Seva Medal) দেওবাৰে শ্বিলঙৰ মুখ্য কাৰ্যালয় ইএচি(EAC) পৰিদৰ্শন কৰে আৰু এয়াৰ মাৰ্শ্বেল (Air Marshal) অমিত দেৱৰ সৈতে প্ৰতিৰক্ষা প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰে ।

১ জুনত দায়িত্ব গ্ৰহণৰ পাচত এইটো সেনা কমাণ্ডাৰগৰাকীৰ প্ৰথমটো ভ্ৰমণ আছিল । এই আলোচনাৰ মূল বিষয়বস্তু আছিল যুটীয়া অভিযান আৰু যুটীয়া প্ৰণালী । সেনা কামাণ্ডাৰজনক পূব খণ্ডত ভাৰতীয় সেনাৰ সমৰ্থনত আইএএফৰ(IAF) অভিযানৰ বিৱৰণৰ বিষয়ে অৱগত কৰা হৈছে ।

প্ৰকৃত কাৰ্যকলাপৰ বাবে সাজু হৈ থাকিবলৈ নিয়মীয়াকৈ বাস্তৱিক যুটীয়া প্ৰশিক্ষণ অনুশীলনৰো সিদ্ধান্ত লোৱা হৈছে এই আলোচনাত । উল্লেখ্য যে দুয়োগৰাকী কামাণ্ডাৰে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত একেলগে প্ৰশিক্ষণ লৈছিল আৰু ১৯৮১ চনৰ ডিচেম্বৰত একেটা দলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

লগতে পঢ়ক:তেজপুৰত মুখ্য সচিব জিষ্ণু বৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.