তেজপুৰ, ৯ মে': ‘‘ম্যানমাৰৰ পিপ'লছ ডেম'ক্ৰেটিক ফ'ৰাম অৱ ম্যানমাৰ চমুকৈ পিডিএফ সমৰ্থিত আত্মগোপনকাৰী কুকি বিদ্ৰোহীয়ে মণিপুৰৰ হিংসাত্মক কাৰ্যৰ আঁৰত কাম কৰিছে’’ (Manipur violence backed by Myanmar base PDF) । মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি কেইশাম মেঘাচন্দ্ৰ সিঙে এই অভিযোগ কৰে (Manipur violence behind Kuki Underground activist) ।
সিঙে মঙলবাৰে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক বিশেষ টেলিফোনিক সাক্ষাৎকাৰৰ সময়ত কয় যে, ৰাজ্য চৰকাৰ এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিচত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম (MPCC President Keisham Meghachandra Singh) । উল্লেখ্য যে, মণিপুৰৰ বিভিন্ন অঞ্চলত বিশেষকৈ অগ্নিগৰ্ভা তিনিটা স্থান ইম্ফল, চুৰাচান্দপুৰ আৰু সীমান্তৱৰ্তী অঞ্চলত এতিয়াও উত্তেজনা অব্যাহত আছে (Manipur violence) ।
উল্লেখ্য, যোৱা ৩ মে'ত ৰাজ্যখনৰ জনজাতীয় আৰু সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ সদস্যসকলৰ মাজত এক হিংসাত্মক সংঘৰ্ষ সংঘটিত হয় । চৰকাৰী সূত্ৰই জনোৱা মতে, ২৩ হাজাৰ লোকক এই সংঘৰ্ষৰ পিছত নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । আনহাতে, এই সংঘৰ্ষত কমেও ৬০ জন লোক নিহত হোৱাৰ উপৰি আন ২০০ জন লোক আহত হয় । ইয়াৰ উপৰি ৫০০০ লোকে এতিয়াও সুৰক্ষিত স্থানত আশ্ৰয় গ্ৰহণ কৰি আছে । ইফালে মেঘাচন্দ্ৰই লগতে অভিযোগ কৰে যে, মোৰেৰ ওচৰত বৰ্তমানো অসম ৰাইফলছে হাজাৰোধিক গৃহহীন মেইটেই আৰু কুকি লোকক নিৰাপত্তা প্ৰদান কৰি আছে । কিন্তু ৰাজ্য চৰকাৰে এতিয়ালৈকে তেওঁলোকৰ বাবে একো নকৰাৰো অভিযোগ কৰে মণিপুৰ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।
ৰাজ্য চৰকাৰে সমগ্ৰ বিষয়টোত নীৰৱ দৰ্শক হৈ থকাৰো অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, সমগ্ৰ মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ ৩৫৫ কাৰ্যকৰী কৰিছে । অৱশ্যে এই ঘোষণা সম্পূৰ্ণৰূপে কাগজে-কলমেহে থকাৰ অভিযোগ কৰে সিঙে । আনহাতে, ইম্ফল চহৰৰ বাহিৰৰ বিভিন্ন স্থানত বিশেষকৈ ইম্ফল চুৰাচান্দপুৰ, মোৰে সীমান্ত অঞ্চল আৰু নিকটৱৰ্তী অঞ্চলত এতিয়াও উত্তেজনা অব্যাহত থকা বুলি তেওঁ উল্লেখ কৰে ।
ইয়াৰ উপৰি তেওঁ কয় যে, মণিপুৰ প্ৰদেশ কংগ্ৰেছে মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ কৰি ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ বাবে এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছে । ইফালে মণিপুৰ কংগ্ৰেছে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰো দাবী জনাইছে । তেওঁলোকৰ দাবী, বৰ্তমানৰ চৰকাৰখনৰ প্ৰতি সৰ্বসাধাৰণৰ কোনো বিশ্বাস নাই । তেওঁ লগতে অভিযোগ কৰিছে ভুক্তভোগী তথা আক্ৰান্ত লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে কৰা নাই । এই কাম কেৱল অসম ৰাইফলছৰ সেনা আৰু স্থানীয় সংগঠনবোৰেহে কৰিছে ।
আনহাতে, আন্দোলনকাৰীয়ে আৰক্ষীৰ পৰা অস্ত্ৰ লুটি নিয়া বুলি ওলোৱা বাতৰি সন্দৰ্ভত মেঘাচন্দ্ৰই কয় যে, এইটো সঁচা কথা । আনহাতে, লুট কৰা এই অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আন্দোলনকাৰীয়ে স্থানীয় লোকসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰা বুলিও তেওঁ গুৰুতৰ অভিযোগ কৰে । তেওঁ কয় যে, কিছুমান অঞ্চলত সান্ধ্য আইন শিথিল কৰা হৈছে । কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু ৰাজ্যখনত স্বাভাৱিক জীৱন যাত্ৰা প্ৰভাৱিত হৈছে । ইন্ধনৰ সংকটো আন এটা মুখ্য বিষয় হোৱা বুলি তেওঁ অভিযোগ কৰে ।
লগতে পঢ়ক :Manipur latest news : পূৰ্বতকৈ উন্নত মণিপুৰৰ পৰিস্থিতি; শিথিল সান্ধ্য আইন