তেজপুৰ, ২৪ জুলাই : মণিপুৰত দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি সমদল কৰাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছৰে পৰা সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঘটনাটোক লৈ বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত আছে । ইয়াক লৈ চলিত সংসদৰ অধিৱেশনতো অচলাৱস্থাই বিৰাজ কৰিছে । ইয়াৰ মাজতে ঘটনাৰে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা ৫ জনক আদালতে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে ।
উল্লেখ্য যে যোৱা ২০ জুলাইৰ পৰা এই ঘটনাৰ সৈতে জড়িত মুঠ ৫ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । কাংপকপি জিলাৰ পৰা গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পাছত অভিযুক্ত কেইজনক পুনৰ ১১ দিনৰ জিম্মাত লয় । মণিপুৰত দুমাহৰ পূৰ্বে ২ গৰাকী মহিলাক ধৰ্ষণ কৰাৰ পাছত বিবস্ত্ৰ কৰি পথৰে সমদল কৰাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে এই লোক কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
জানিব পৰা মতে এই ঘটনাৰ সৈতে জড়িত এজন কিশোৰকো জুভেনাইল কাৰাগাৰলৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে প্ৰকাশ কৰা মতে আৰু বহু অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে । আৰক্ষীয়ে অভিযান চলাই আছে যদিও সৰহ সংখ্যক অভিযুক্তই পলায়ন বা আত্মগোপন কৰি আছে । যাৰ বাবে আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন নাকা চেকিং আৰু অভিযান অব্যাহত ৰাখিছে ।
যোৱা ৪ মে'ত মণিপুৰৰ অচিনাকি অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত মণিপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে প্ৰথমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । এই সন্দৰ্ভত বুধবাৰে থৌবাল জিলাৰ নংপক ছেকমাই থানাত এটা গোচৰো ৰুজু কৰে আৰক্ষীয়ে । অপহৰণ, দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ বিভিন্ন ধাৰা সন্নিৱিষ্ট কৰা হয় গোচৰত । ঘটনা পোহৰলৈ অহাৰ পাছতে কুকি 'জো' জনগোষ্ঠীৰ লোকে মণিপুৰ চৰকাৰক পক্ষপাতমূলক নীতিৰ পৰা আঁতৰি ৰাজ্য চৰকাৰৰ পৰা ন্যায় আৰু সম্পূৰ্ণ বিচ্ছিন্নতাৰ বাবে এক সমদল উলিয়াই লগতে ধৰ্ষণকাৰীক শাস্তি প্ৰদানৰ দাবী জনায় ।
লগতে পঢ়ক :Monsson session 2023 : সংসদৰ অচলাৱস্থা, বিৰোধীক সমালোচনা প্ৰহ্লাদ যোশীৰ