ETV Bharat / state

শোণিতপুৰত অব্যাহত হাতী-মানুহৰ সংঘাত - শোণিতপুৰত অব্যাহত হাতী-মানুহৰ সংঘাত

শোণিতপুৰ জিলাৰ পশ্চিম বন সংমণ্ডলৰ অধীনৰ আৰিমৰা চাপৰিত 60টা বনৰীয়া হাতীয়ে সৃষ্টি কৰে সন্ত্ৰাসৰ ৷ সেই সময়তে জাকটোৰ পৰা ওলাই অহা চাৰিবছৰীয়া এটা হাতী পোৱালী আঘাতপ্ৰাপ্ত হয় ৷

শোণিতপুৰত অব্যাহত হাতী-মানুহৰ সংঘাত
author img

By

Published : Nov 13, 2019, 3:03 PM IST

Updated : Nov 13, 2019, 3:23 PM IST

শোণিতপুৰ,13 নৱেম্বৰ : শোণিতপুৰ জিলাৰ আৰিমৰা চাপৰিত অব্যাহত হাতী-মানুহৰ সংঘাত ৷ জিলাখনৰ পশ্চিম বন সংমণ্ডলৰ অধীনৰ আৰিমৰা চাপৰিত 60টা বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰে ৷ সেই সময়তে প্ৰায় চাৰিবছৰীয়া এটা হাতী পোৱালী আঘাতপ্ৰাপ্ত হয় ৷ ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱাৰ সময়তে হাতী পোৱালীটোৰ পাছফালৰ সোঁ ভৰিত আঘাত প্ৰাপ্ত হৈ বিহগুৰিৰ সমীপত অৱস্থান কৰে ৷ বিগত দুদিন ধৰি হাতী পোৱালীটোক মাকে আৱৰি ৰখাৰ বাবে চিকিৎসা কৰাত অসুবিধাৰ সন্মুখীন হৈছিল বন বিভাগ ৷ মঙলবাৰে নিশা হাতী পোৱালিটোৰ চিকিৎসাৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰৰ এজন বিশেষজ্ঞ চিকিৎসকক মাতি অনা হয় ৷ প্ৰায় ডেৰ ঘন্টাৰ অন্তত হাতীটোৰ আঘাত প্ৰাপ্ত ভৰিখনৰ চিকিৎসা সম্পূৰ্ণ হৈ উঠে আৰু সুস্থ হ'বলৈ প্ৰায় পোন্ধৰ দিন সময় লাগিব বুলি চিকিৎসকে মন্তব্য কৰে ৷

শোণিতপুৰ অব্যাহত হাতী-মানুহৰ সংঘাত

লগতে পঢ়ক : দুটা হাতী ৰহস্যজনক মৃত্য়ু আৰু বন বিভাগৰ অজ্ঞতা

Intro:তেজপুৰ,১৩ নবেম্বৰ: ৰাজ্যৰ চৌদিশে এতিয়া হাচী মানুহৰ সংঘাত যেনিয়েই চাই গাৱে ভূৱে মাত্ৰ হাতী ৷
মুখত সম্পূৰ্ন আৱৰন দি ঢাকি বন বিভাগৰ চিকিৎসকে আৰম্ভ কৰিলে চিকিৎসা ৷Body:শোনিতপুৰ জিলাৰ পশ্চিম বন সংমণ্ডলৰ অধিনত আৰিমৰা চাপৰিত প্ৰায় 60 টা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰি থকা সময়তে এটা 4 বছৰীয়া পোৱালী ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ অহা সময়তে হাতী পোৱালীটো এখন ভৰিত আঘাট প্ৰাপ্ত হয় বিহগুৰিৰ সমীপত অৱস্থান কৰে ৷ যোৱা দুদিন ধৰি হাতীপোৱালীটোৰ আবৰি ৰাখেহাতীটোৰ মাকে ৷

Conclusion:যাৰ ফলত হাতীটোক সুশ্ৰসা কৰিবৰ বাবে বন বিভাগে অপাৰগ হৈছিল ৷ মঙ্গল বাৰে নিশা হাতী পোৱালিটোক কাজিৰঙা সংৰক্ষনৰ চিকিৎসকে হাতীটোক ফ্ৰেকচাৰ হোৱা ভৰিখন চিক্ৎসা প্ৰদান কৰে যদি শুনকালে সুস্থহৈ পৰা কথিন যদিও বৰ্তমান সেই ঠাইতে ৰখা হৈছে ৷

Pranab kumar Das
Tezpur
13/11/19
Last Updated : Nov 13, 2019, 3:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.