ৰঙাপৰা,13জানুৱাৰী : আজি মাঘৰ বিহুৰ উৰুকা । ভোগালী বিহুৰ উৰুকাৰ নিশা আনন্দ-ফূৰ্তি কৰি সকলোৱে এসাঁজ তৃপ্তিৰে খোৱাৰ আনন্দই সুকীয়া । ৰাজ্য বিভিন্ন প্ৰান্তৰ দৰে ৰঙাপৰাৰ দৈনিক বজাৰত মাছ ক্ৰয় কৰিবলৈ গ্ৰাহক ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে । মাছ বজাৰত বিভিন্ন প্ৰজাতিৰ মাছৰে উভয়নদী হৈ পৰিছে । চিতল মাছৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে যদিও অত্যাধিক মূল্যৰ বাবে ক্ৰয় কৰাত অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে ।
ইপিনে প্ৰতিকূল বতৰৰ বাবে ৰঙাপৰাত ভোগৰ উৎসৱটিৰ আনন্দ-উল্লাস কিছু পৰিমাণে ম্লান পৰিছে । উল্লেখযোগ্য যে, বিগত দুদিন ধৰি অঞ্চলটোত বৰষুণৰ অব্যাহত আছে । তথাপিও হেঁপাহৰ উৰুকাৰ নিশা নিজৰে ঘৰতে এসাঁজ খোৱাৰ যোগাৰ কৰিছে ৰাইজে ।
লগতে পঢ়কঃ বজালীক পূৰ্ণকালীন প্ৰশাসনিক জিলা ঘোষণা