ETV Bharat / state

ৰঙাপৰাত গণ সংক্ৰমণৰ আশংকা: বন্ধ চাৰিদিনলৈ বৃদ্ধি - lockdown strict at rangapara

গণ সংক্ৰমণৰ আশংকাত কৰ'ণা প্ৰতিৰোধৰ বাবে ৰঙাপৰাত পুনৰ চাৰিদিনলৈ বন্ধৰ বৃদ্ধি ঘোষণা প্ৰশাসনৰ । বন্ধৰ জৰিয়তে কৰ'ণাৰ গণ সংক্ৰমণ প্ৰতিৰোধৰ চেষ্টা জিলা প্ৰশাসনৰ ।

lockdown strict at rangapara
ৰঙাপাৰাত গণ সংক্ৰমণৰ আশংকা !
author img

By

Published : Jun 21, 2020, 5:32 PM IST

ৰঙাপৰা,২১ জুন : ৰঙাপৰাত পুনৰ বৃদ্ধি কৰা হ'ল বন্ধৰ সময়সীমা। বন্ধৰ জৰিয়তে ক'ৰণাৰ গণ সংক্ৰমণ প্ৰতিৰোধৰ চেষ্টা জিলা প্ৰশাসনৰ। ৰঙাপাৰাত কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ অধিক হোৱাৰ আশংকা কৰিছে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে । ইতিমধ্যে ৰঙাপৰাত দহজনলৈ বৃদ্ধি পাইছে কোভিড-১৯ পজিটিভ ৰোগী । ক্ৰমান্বয়ে এজনৰ পাছত আন এজনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

উল্লেখযোগ্য যে যোৱা ১৪ জুনত ৰাজস্থানৰ জয়পুৰৰ পৰা ৰঙাপৰালৈ আহিছিল পুৰুষোত্তম আগৰৱলাৰ জীয়ৰী তানিয়া আগৰৱালা । নিজৰ ঘৰতে হোম কোৱাৰেণ্টাইন হৈ থকাৰ সময়তে ১৬ জুনত প্ৰথমে যুৱতী গৰাকীৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছিল । ইয়াৰ পাছতে যুৱতীৰ দেহৰ পৰা পিতৃ পুৰুষোত্তম আগৰৱলা, তেখেতৰ পুত্ৰ কুনাল আগৰৱালা আৰু নামনি গাঁৱৰ ইছলাম আলি দেহলৈ মহামাৰী কোভিড-১৯ ৰ সংক্ৰমণ ঘটে । পুৰুষোত্তম আগৰৱালাৰ অসাৱধানতাৰ ফলতেই ৰঙাপৰাত গণ সংক্ৰমণৰ আশংকা কৰিছে প্ৰশাসনে । সেয়েহে জিলা প্ৰশাসনে ৰঙাপাৰাত গণ সংক্ৰমণ ৰোধৰ বাবে যোৱা দুদিনৰ বাবে লকডাউন ঘোষণা কৰিছিল । কৰ'ণাৰ গনসংক্ৰমণৰ আশংকাত দেওবাৰৰ পৰা আৰু চাৰিদিনলৈ বৃদ্ধি কৰিলে লকডাউন । ফলত লকডাউনৰ সময়সীমা বৃদ্ধি পালে ২৪ জুনলৈকে ।

ৰঙাপৰাত গণ সংক্ৰমণৰ আশংকা !

আনহাতে আগৰৱালাৰ লগতে চালক ইছলাম আলিৰ সম্পৰ্শলৈ অহাৰ আশংকা কৰি প্ৰায় ২৮ জন লোকৰ SWAB সংগ্ৰহ কৰিছে জিলাৰ স্বাস্থ্য বিভাগে । জানিব পৰা মতে পুৰুষোত্তম আগৰৱালাৰ সংস্পৰ্শলৈ আহিছিল বহু লোক । সেয়েহে ৰঙাপৰাত কোভিড-১৯ পজিটিভৰ সংখ্যা অধিক বৃদ্ধি পোৱা আশংকা কৰিছে প্ৰশাসনৰ লগতে ৰঙাপৰাবাসী ৰাইজে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.