তেজপুৰ,৩১ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে নাৰী নিৰ্যাতনৰ ঘটনা । ইয়াৰ মাজতে তেজপুৰত ঘৰুৱা হিংসাৰ বলি এগৰাকী অধিবক্তা (Tezpur lawyer victim of domestic violence)। স্বামীৰ মৃত্যুৰ পাছতে সন্তানসহ অধিবক্তা কবিতা শৰ্মাক ঘৰৰ পৰা উলিয়াই দিছে স্বামী পৰিয়ালে । অসহায় অধিবক্তাগৰাকী ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ ।
উল্লেখ্য যে, চলিত বছৰৰ ৯ মে'ত ক'ভিডত আক্ৰান্ত হৈ কবিতা শৰ্মাৰ স্বামী প্ৰতিম বৰদলৈৰ মৃত্যু হয় । তাৰ কিছুদিন পাছত প্ৰতিম বৰদলৈৰ পিতৃ অৰ্থাৎ কবিতাৰ শহুৰ পৰমানন্দ বৰদলৈৰো মৃত্যু হয় । অভিযোগ অনুসৰি ইয়াৰ পাছতে কবিতাৰ ওপৰত স্বামী পৰিয়ালে মানসিক অত্যাচাৰ আৰম্ভ কৰে । ১৮ বছৰীয়া কন্যাৰ সৈতে কবিতাক ঘৰৰ পৰা উলিয়াই দিয়াৰো অভিযোগ উঠিছে ।
কেৱল এয়াই নহয় স্বামীগৃহৰ সম্পত্তিৰ ভাগ যাতে নাপায় তাৰ বাবে প্ৰয়াত পৰমানন্দ বৰদলৈৰ উত্তৰাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত নকৰিলে কবিতা আৰু সন্তানৰ নাম । নাম অন্তৰ্ভুক্ত নকৰাকৈয়ে শাহু আৰু ননদে বেংক আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত যাৱতীয় তথ্য দাখিল কৰাৰো অভিযোগ কৰিছে কবিতা শৰ্মাই । কবিতা শৰ্মাৰ অভিযোগ এই সকলো কাৰ্যত এগৰাকী মণ্ডলে সহায় কৰিছে শাহু আৰু ননদক ।
জানিব পৰা মতে কবিতা শৰ্মাৰ শাহু এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু অসম লেখিকা সমাৰোহৰ সদস্য । ইফালে ননদ হৈছে বিদেশী ন্যায়াধীকৰণৰ এগৰাকী সদস্য । ভুক্তভোগী কবিতাই স্বামী পৰিয়ালৰ মিথ্যাচাৰৰ বিৰুদ্ধে ইতিমধ্যে তেজপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে (FIR filed by women victims of domestic violence)।
সম্প্ৰতি আত্মীয়ৰ ঘৰত আশ্ৰয় লোৱা কবিতা শৰ্মা শাৰীৰিকভাৱে অসুস্থ হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে । কিন্তু গোচৰ পঞ্জীয়ন হোৱা ১৫ দিনৰ পাছতো অভিযুক্ত পৰিয়ালটোৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে ।
লগতে পঢ়ক :Drugs Seized in Juria : ড্ৰাগছ সেৱন কৰি আৰক্ষীৰ জালত চৰকাৰী চিকিৎসক