তেজপুৰ, ১৯ মে’: আৰক্ষী বিষয়া জোনমণি ৰাভা দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা ঘটনাত ইতিমধ্যেই ৰাজ্যৰ বহুজনে গভীৰ ৰহস্য থকা বুলি আশংকা প্ৰকাশ কৰিছে । নিতৌ নতুন নতুন তথ্য উদঘাটন হোৱাৰ সময়তে এতিয়া চৰ্চালৈ আহিছে 2018 চনত সংঘটিত হোৱা এটা দুৰ্ঘটনা ৷ সেই দুৰ্ঘটনাটোত স্বামীক হেৰুৱাই জীৱন বাটত অকলশৰীয়া হৈ পৰা পৰিবাৰে আজি সেই ৰহস্যজনক দুৰ্ঘটনাটোৰ তদন্ত সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে ৷
তেজপুৰৰ এজন লোকৰ ২০১৮ চনৰ ৫ ডিচেম্বৰৰ নিশা সোণাৰিত সংঘটিত এক দুৰ্ঘটনাত মৃত্যু হৈছিল ৷ সেই মৃত্যু আছিল পৰিবাৰৰ বাবে ৰহস্যজনক ৷ উল্লেখ্য যে, তেজপুৰ নিকামূল নিবাসী তৰুণ চন্দ্ৰ বৰাৰ একমাত্ৰ পুত্ৰ সঞ্জীৱ বৰা সেই সময়ত শিক্ষা জিলা অভিযান বিষয়া হিছাপে সোণাৰিলৈ বদলি হৈ আহিছিল আৰু তাত তিনিমাহ কৰ্ম নিৰ্বাহ কৰাৰ পিচতে ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনৰ কামত চৰাইদেউ জিলাত মনিট'ৰিং অফিচাৰ হিচাপে নিয়োজিত হৈছিল (Sanjib Bora as monitoring officer) ৷ পাঁচ ডিচেম্বৰৰ সন্ধিয়া নিজৰ কাম শেষ কৰি ভাড়া ঘৰলৈ আহি তেওঁ জিৰণি লৈছিল আৰু আন পাঁচজন ব্যক্তিয়ে বৰাৰ ঘৰতে ভাত খাইছিল ৷ সেই নিশা এটা জৰুৰী ফোন কল পাই নিশা ১২ বজাত উপায়ুক্তৰ কাৰ্যালয়লৈ মটৰচাইকেলখন লৈ ওলাই গৈছিল বৰা ৷ কিন্তু ঘূৰি নাহিল তেওঁ (2018 mysterious road accident) ৷
ভাড়াঘৰৰ পৰা এক কিলোমিটাৰমান যাওঁতেই এখন চাৰিচকীয়া বাহনে খুন্দা মাৰে বৰাক ৷ বৰ্তমান লখিমপুৰৰ বিহপুৰীয়াত বাস কৰা বৰাৰ শিক্ষয়িত্ৰী পৰিবাৰ পল্লৱী নেওগ বৰাই সেই দুৰ্ঘটনাক আজিও সহজভাবে ল’ব পৰা নাই ৷ সেই সময়ত দীৰ্ঘদিন দুৰ্ঘটনাটোৰ তদন্তৰ বাবে বহুবাৰ আৰক্ষী তথা প্ৰশাসনীয় বিষয়াৰ কাৰ্যালয়লৈ যোৱা মহিলাগৰাকীয়ে দুৰ্ঘটনাটোৰ ক্ষেত্ৰত বহু সন্দেহজনক দিশলৈ আঙুলিয়াই কয় যে, পঞ্চায়ত নিৰ্বাচনৰ নিশা ভাত খাবলৈ অহা পাঁচজন লোক দুৰ্ঘটনাৰ পাচত এবাৰো নাহিল আৰু প্ৰশাসনে ভাতৰ ব্যৱস্থা কৰা সত্ত্বেও তেওঁলোকলৈ ভাতৰ নাটনি হোৱাত বৰাৰ ভাড়াঘৰত ভাত খাবলৈ অহা বুলি হে প্ৰকাশ কৰিছিল (Sanjib Bora in 2018 panchayat election) ৷
আনহাতে, উপায়ুক্ত কাৰ্যালয়ৰ পৰা ফোন অহাত নিশা ভাড়াঘৰৰ গৰাকীৰ বাধা নামানি চাকৰি ৰক্ষাৰ বাবেই ওলাই যোৱা বৰাক সেই নিশা উপায়ুক্ত কাৰ্যালয়লৈ মতা হোৱা নাছিল বুলি বৰাৰ পৰিবাৰক জনোৱা হৈছিল ৷ তদুপৰি, চৰাইদেউৰ তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই দুৰ্ঘটনাটোৰ তদন্তত অতি গুৰুত্ব দি এজন উপ-আৰক্ষী অধীক্ষকৰ ওপৰত এই তদন্তৰ দায়িত্ব দিছিল ৷ তদন্তকাৰী আৰক্ষী বিষয়াজনেও এজাহাৰকাৰী পল্লবী নেওগ বৰাক তদন্ত ৯০ শতাংশ আগবাঢ়িছিল বুলি জনাইছিল যদিও ইয়াৰ পাচতে তদন্তকাৰী বিষয়াজন দুৰ্ঘটনাত পতিত হয় আৰু নিৰ্বাচনৰ সমাপ্তিৰ লগে লগেই আৰক্ষী অধীক্ষক সহ তদন্তকাৰী আৰক্ষী বিষয়াৰো বদলি হয় ৷ ইয়াৰ পাচত আৰু সেই ৰহস্যজনক দুৰ্ঘটনাৰ তদন্ত নহ’ল তথা তদন্তৰ প্ৰতি কোনেও গুৰুত্বই নিদিলে (Sanjib Bora death case) ৷
জানিব পৰা মতে নিশা দুৰ্ঘটনাত পতিত বৰাক পথৰ দাঁতিত পৰি থকা অৱস্থাত শিমলুগুৰি আৰক্ষী বিষয়া এজনে উদ্ধাৰ কৰিছিল যদিও দুৰ্ঘটনাগ্ৰস্ত বৰাক চিকিৎসালয়লৈ নিনি সোণাৰি আৰক্ষী থানালৈহে লৈ যায় আৰু বৰাৰ চিকিৎসা অবিহনেই মৃত্যু হয় ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনো চিনাক্ত নোহোৱাকৈ তদন্তৰ ওৰ পৰিল আৰু সেই দুৰ্ঘটনাৰ ৰহস্য তেনেদৰেই থাকিল ৷ তেওঁৰ পৰিবাৰে কয় যে, ‘‘মই এতিয়াও বিচাৰো এই দুৰ্ঘটনাৰ তদন্ত হওক আৰু সেই নিশা তেওঁক কোনে মাতিলে, কিয় মাতিলে আজিও ৰহস্য হৈ থকা কথাটো প্ৰকাশ পাওঁক ’’ ৷ তেওঁ লগতে পৰৱৰ্তী সময়ত আৰক্ষীৰ ভূমিকাও সন্দেহৰ আৱৰ্তত থাকিল বুলি উল্লেখ কৰি কয় “ আমি বহুত চেষ্টা কৰিও একো সঁহাৰি নাপালোঁ ৷ হয়তো তেওঁ নিৰ্বাচন সম্পৰ্কত কিছু গোপন কথা জানিছিল যাৰ বাবে পৰিকল্পিতভাৱে সকলো ঘটি গৈছিল” ৷ এতিয়া জোনমণি ৰাভাৰ ঘটনাটোৱে সেই পুৰণি ঘাঁ টুকুৰা পুনৰ খুঁচৰি দিলে বুলিও মন্তব্য কৰে মহিলাগৰাকীয়ে ৷
লগতে পঢ়ক : Junmoni Rabha Accident Case : ভাইৰেল হোৱা ফোন কল নিজৰ বুলি স্বীকাৰ আৰক্ষীৰ গাড়ীচালকৰ