ETV Bharat / state

বিধায়ক ৰাজেন বৰঠাকুৰৰ আকস্মিক মৃত্যুত শোকস্তব্ধ সমষ্টিবাসী - বিধায়ক ৰাজেন বৰঠাকুৰৰ মৃত্যুত শোকস্তব্ধ অঞ্চলবাসী ৷

মঙ্গলবাৰে নিশা ১০-২৯ বজাত তেজপুৰস্থিত টাইমছ চিকিৎসালয়ত মৃত্যুক সাৱটি লয় বিধায়ক ৰাজেন বৰঠাকুৰে ৷ শোণিতপুৰ জিলাৰ ৭৪ নং বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ৰাজেন বৰঠাকুৰৰ মৃত্যুত শোকস্তব্ধ অঞ্চলবাসী ৷

last journey of rajen borthakur
বিধায়ক ৰাজেন বৰঠাকুৰৰ আকস্মিক মৃত্যুত শোকস্তব্ধ অঞ্চলবাসী
author img

By

Published : Dec 11, 2019, 8:14 PM IST

ৰঙাপৰা , 11 ডিচেম্বৰ : শোণিতপুৰ জিলাৰ ৭৪ নং বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ৰাজেন বৰঠাকুৰৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে অঞ্চলবাসী ৷ মঙ্গলবাৰে নিশা ১০-২৯ বজাত তেজপুৰস্থিত টাইমছ চিকিৎসালয়ত মৃত্যুক সাৱটি লয় বিধায়কগৰাকীয়ে ৷ প্ৰয়াত বিধায়কজনৰ নশ্বৰ দেহক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বুধবাৰৰ পুৱাৰে পৰা বিভিন্ন দল সংগঠনৰ লোক নগৰৰ মাজ মজিয়াত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ কাষত সমবেত হয় ৷ স্থানীয় ৰাইজে শোভাযাত্ৰাৰে ৰাজেন বৰঠাকুৰৰ নশ্বৰদেহ ৰাঙাপৰালৈ অনাৰ পাছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় আৰু অশ্ৰুসিক্ত নয়নেৰে দল সংগঠন তথা ৰাইজে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাজনীতিৰ উপৰিও ক্ৰীড়া আৰু সাংস্কৃতিক দিশত ওতঃপ্ৰোত ভাৱে জড়িত আছিল প্ৰয়াত বিধায়ক জন । তেখেতৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷

বিধায়ক ৰাজেন বৰঠাকুৰৰ আকস্মিক মৃত্যুত শোকস্তব্ধ অঞ্চলবাসী

আৰু পঢ়ক : প্ৰতিবাদত উত্তপ্ত তেজপুৰ চহৰ

Intro:ৰঙাপৰাত শোকাকুল পৰিৱেশৰ মাজত বিধায়ক ৰাজেন বৰঠাকুৰক দল- সংগঠনৰ শ্ৰদ্ধাঞ্জলিBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৭৪ নং বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ৰাজেন বৰঠাকুৰৰ আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। ৰঙাপৰাৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ ৰঙাপৰা অঞ্চলৰ ৰাইজক শোকস্তব্ধ কৰি তোলে। তেখেতৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধাঞ্জলিৰে জ্ঞাপন কৰাৰ উদ্যেশ্যৰে পূৱাৰে পৰা অগনন গুনমুগ্দ ৰাইজ, বিভিন্ন দল সংগঠন আদি নগৰখনৰ মাজ মজিয়াত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ কাষত সমাবেত হয়। প্ৰয়াত ৰাজেন বৰঠাকুৰৰ নশ্বৰ দেহ নগৰখনত আহি পোৱাৰ পূৰ্বে বিধায়ক গৰাকীৰ প্ৰতিচ্ছবিত ৰঙাপৰা প্ৰেছ ক্লাব, কংগ্ৰেছ, চি পি আই(এম), যুব-ছাত্র পৰিষদ, আছু, বেংগলী ফেডাৰেছন, আটছা, চেম্বাৰ অফ কমাৰ্ছ, জেষ্ঠ নাগৰিক সন্থা, বিজেপি দলৰ কৰ্মকৰ্তা আদি অগণন গুনমুগ্ধ ৰাইজে ধূপ-চাকি আৰু ফুলেৰে শ্ৰদ্ধাঞ্জলি জনাই। দিনৰ ১১ বজাত পুষ্পসজ্জিত এখন বাহনত ৰাজেন বৰঠাকুৰৰ নশ্বৰদেহ ৰাইজে শোভাযাত্ৰাৰে ৰঙাপৰালৈ অনাৰ পাছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। অশ্ৰুসিক্ত নয়নেৰে উপস্থিত থকা দল সংগঠন তথা ৰাইজে বিধায়ক গৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে তেজপুৰ বিধান সভা সমষ্টিৰ নিজ হলেশ্বৰ গাঁৱৰ প্ৰয়াত চুৰেন বৰঠাকুৰ তথা মাতৃ মিনু বৰঠাকুৰৰ গৰ্ভত ১৯৬৪ চনৰ ৫ নবেম্বৰত জন্ম গ্ৰহণ কৰা ৰাজেন বৰঠাকুৰে ৮০ৰ দশকত ছাত্ৰ নেতা হিচাপে পৰিচিত লাভ কৰিছিল। ভাষা আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰা ৰাজেন বৰঠাকুৰে ২০০১ চনত হলেশ্বৰ জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০১১চনৰ পৰা ২০১৬ চনলৈ তেজপুৰ বিধান সভা সমষ্টিক প্ৰতিনিধিত্ব কৰা প্ৰয়াত ৰাজেন বৰঠাকুৰে পৰবৰ্তী সময়ত অসম পাঠ্যপুথি প্ৰণয়ন ও প্ৰকাশনৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে চলিত বৰ্ষৰ ২১অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ৰঙাপৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি দলৰ পৰা বিপুল ভোটাৰে জয় লাভ কৰিছিল। ৰাজেন বৰঠাকুৰ এগৰাকী নিষ্ঠাবান বিধায়ক হিচাপে পোৱাত ৰঙাপৰাবাসী ৰাইজে অতি গৌৰাম্বিত হৈছিল। নিয়তিৰ নিষ্ঠুৰ পৰিহাস। ৰঙাপৰা বিধানসভা সমষ্টিখনৰ উন্নয়নৰ দিশত আগুৱাই নিয়াৰ প্ৰচেষ্টা চলোৱা সময়তে কালি নিশা ১০-২৯ বজাত তেজপুৰস্থিত টাইমছ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয়। ক্ৰীড়া আৰু সাংস্কৃতিক দিশত ওতঃপ্ৰোত ভাৱে জড়িত প্ৰয়াত ৰাজেন বৰঠাকুৰ এগৰাকী সুদক্ষ খেলুৱৈ আৰু অভিনেতা হিচাপে পৰিচয় লাভ কৰিছিল। তেখেতৰ মৃত্যুত নিজৰ অঞ্চলটোৰ লগতে ৰঙাপৰা বাবে আপুৰণীয় ক্ষতি হৈ ৰ'ল। 'আজি আমি এগৰাকী মৰমৰ বিধায়ক তথা ৰাজনৈতিকবিদক হেৰুৱালোঁ' এইদৰে ৰঙাপৰা প্ৰতিগৰাকী ব্যক্তিয়ে আৱেগিক সুৰত মন্তব্য কৰে। কালি বিধায়ক ৰাজেন বৰঠাকুৰ অসুস্থ হোৱাৰ পূৰ্বে সামাজিক মাধ্যমত শ্বহীদ দিৱসৰ দিনা জাতীয় শ্বহীদ সকলক স্মৰণ কৰি এটা পোষ্ট কৰিছিল। মৃত্যুৰ সময়ত ৰাজেন বিৰঠাকুৰে মাতৃ, পত্নী, দুগৰাকী জ্যেষ্ঠ ভাতৃ, ভতিজাকে ধৰি অজস্ৰ গুনমুগ্ধ ৰাইজক ইহ সংসাৰত এৰি থৈ যায়।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.