ETV Bharat / state

Land mafia eye on tezpur ouguri hills:তেজপুৰ ঔগুৰি পাহাৰৰ ভূমি দখল ভূ-মাফিয়াৰ - ভূমি দখল

অসমত ভূ-মাফিয়াই মাটি দখল কৰাটো বা দখলৰ চেষ্টা চলোৱাতো এতিয়া এটা নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ সীমা বিবাদেৰে জৰ্জৰিত অসমত শেহতীয়াকৈ ভূ-মাফিয়াৰ দপদপনিয়ে অশনি সংকেত কঢ়িয়াই আনিছে ৰাজ্যখনলৈ ৷ এই সন্দৰ্ভত ৰাইজৰ দলে এখনি সংবাদমেলৰ সম্বোধন কৰে তেজপুৰত ৷

Tezpur Ouguri hills
ঔগুৰি পাহাৰৰ ভূমি দখল
author img

By

Published : Jun 17, 2023, 6:13 PM IST

তেজপুৰত ৰাইজৰ দলৰ সংবাদমেল

তেজপুৰ, ১৭ জুন : চাৰিওফালৰ পৰা আগ্ৰাসনে ছানি ধৰিছে অসমক ৷ উত্তৰ-পূৱৰ আন ৰাজ্যৰ সৈতে সীমা বিবাদেৰে যুঁজি থকাৰ সময়তে অসমত গা কৰি উঠিছে একাংশ অনা-অসমীয়া ভূ-মাফিয়া ৷ শেহতীয়াকৈ তেজপুৰৰ ঔগুৰি পাহাৰৰ ভূমি দখল কৰিছে ভূ-মাফিয়াই ৷

দৰাচলতে তেজপুৰৰ ঐতিহাসিক ঔগুৰি পাহাৰত চকু পৰিছে ৰাজ্যৰ এজন প্ৰতাপী ৰাজনৈতিক নেতাৰ ৷ এতিয়া অনা অসমীয়া ভূ-মাফিয়াৰ নেতৃত্বত এই ঐতিহাসিক ঔগুৰি পাহাৰ দখলৰ চেষ্টা চলাইছে ৰাজ্যৰ প্ৰতাপী ৰাজনৈতিক নেতাজনে ৷ ঔগুৰি পাহাৰৰ বৃহৎ এলেকা শোণিতপুৰ প্ৰশাসনে আৱন্টন দিছে কলকতাৰ এটি কোম্পানীক ৷ কোম্পানীটোৱে ঔগুৰি পাহাৰত সম্পত্তিৰ অধিকাৰী হিছাপে তেজপুৰ হোটেলচ্ প্ৰাইভেট লিমিটেডৰ নাম ফলকো লগাইছে ৷ এতিয়া প্ৰশ্ন হৈছে কলকতাৰ এই কোম্পানীটোৱে অসমৰ এজন ক্ষমতাশালী ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত আৰু তেজপুৰৰ এজন অনা অসমীয়া ভূ-মাফিয়াৰ সহযোগত এই ভূমি, প্ৰশাসনৰ জৰিয়তে নিজৰ নামত কি প্ৰক্ৰিয়াৰে হস্তান্তৰ কৰিলে ?

আজি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাকক্ষত এক সংবাদমেলৰ জৰিয়তে এই তথ্য সদৰি কৰিছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথে ৷ ইয়াৰ পূৰ্বে ২০০৯ চনত সিংলা কোম্পানীয়ে হোটেল নিৰ্মাণৰ বাবে এক প্ৰচেষ্টা হাতত লৈছিল যদিও ৰাইজৰ প্ৰতিবাদত সেয়া সম্ভৱ হৈ নুঠিল ৷ পুনৰ এইবাৰ কলকতাৰ এটা কোম্পানীয়ে ইতিমধ্যে পাহাৰ কাটি তহিলং কৰি কাম আৰম্ভ কৰিছে ৷

মন কৰিবলগীয়া যে তেজপুৰৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এই প্ৰক্ৰিয়াই ভাবুকি সৃষ্টি কৰাই নহয়, তেজপুৰৰ ভূ-মাফিয়াৰ একাংশ পোহনীয়া গুণ্ডাই পাহাৰটোৰ কাষৰীয়া লোকসকলক স্থানান্তৰ হ’বলৈয়ো ভাবুকি প্ৰদান কৰি আহিছে সঘনাই ৷ সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জনিত আৱেদন দাখিলৰ বাবেও সাজু হৈছে ৰাইজৰ দলৰ লগতে তেজপুৰীয়া একাংশ ৰাইজ ৷ কাৰণ প্ৰতিবাদৰ ভাষা নুবুজে বৰ্তমানৰ চৰকাৰে ৷

লগতে পঢ়ক : Dilapidated road in Jonai:জোনাইৰ গালীঘাটত বিদ্যালয়লৈ যাবলৈ নাই পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.