তেজপুৰ, ১২ অক্টোবৰ : সম্প্ৰতি অসমৰ সাংস্কৃতিক তথা নাট্য জগতত তীব্ৰ সমালোচনা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ এখন নাটকক কেন্দ্ৰ কৰি । চলিত বৰ্ষৰ ভ্ৰাম্যমাণ নাট্য দল আৱাহন থিয়েটাৰত প্ৰদৰ্শিত হৈ থকা অভিজিৎ ভট্টাচাৰ্যৰ 'লভিতা' নাটকখনক কেন্দ্ৰ কৰি বিতৰ্ক তুংগত উঠিছে (Lavita Drama Controversy) ।
বিভিন্ন পক্ষই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টি 'লভিতা' নাটখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Jyoti Prasad Agarwala drama Lavita) । লগতে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ মানসিকতাৰ ওপৰতো সমালোচনা কৰিছে । এইবাৰ আৱাহন থিয়েটাৰ তথা অভিজিৎ ভট্টাচাৰ্যক উভতি ধৰিছে বীৰ লাচিত সেনাই (Abhijit Bhattacharya Lavita drama controversy) ।
বিকৃত ৰূপত উপস্থাপন কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি 'লভিতা' নাটকখনক 'আৱাহন থিয়েটাৰ'ক (Abahan Theatre) শুধৰণি কৰিবলৈ ১০ দিনৰ সময়সীমা বান্ধি দিলে বীৰ লাচিত সেনা, অসমে (Bir Lachit Sena Assam) । আজি তেজপুৰত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত বীৰ লাচিত সেনা অসমৰ সাংস্কৃতিক সম্পাদক নৱদ্বীপ বৰাই কয় যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি 'লভিতা'ক অস্ত্ৰোপচাৰ কৰি লভিতাৰ মূল দৰ্শনকেই বিকৃত কৰি প্ৰস্তুতি পৰাশৰ প্ৰযোজিত 'আৱাহন থিয়েটাৰ'ত নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই প্ৰদৰ্শন কৰাৰ দুঃসাহস কৰা ঘটনাক গৰিহণা দিয়ে ।
লাচিত সেনাই কয় যে যদিহে আগন্তুক ১০ দিনৰ ভিতৰত নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই শুধৰণি কৰি মঞ্চস্থ নকৰে, তেতিয়াহ'লে অসুবিধাৰ সন্মুখীন হ'ব লাগিব । লগতে অহা মাৰ্চত তেজপুৰত আৱাহন থিয়েটাৰৰ প্ৰদৰ্শন বন্ধ কৰাৰো হুংকাৰ দিয়ে । বীৰ লাচিত সেনাই কয় যে 'লভিতা' কেৱল এখন নাটক নহয়; ই অসমীয়া নাৰী সত্তাৰ প্ৰতিনিধি । এই নাটকখনৰ মাজত নিহিত হৈ আছে অসমীয়া বীৰাংগনা নাৰীৰ দেশপ্ৰেম, সাহস আৰু ত্যাগৰ ঐতিহ্য । লগতে 'লভিতা'ক বিজতৰীয়া কৰা মানে অসমীয়া নাৰী সত্তাক অপমান কৰা বুলিও অভিহিত কৰে ।
লাচিত সেনাই প্ৰশ্ন উত্থাপন কৰে, আৱাহনৰ 'লভিতা' নাটকখন যদি জ্যোতিপ্ৰসাদৰ 'লভিতা' নহয়, তেন্তে নামটো কিয় 'লভিতা' ৰখা হ'ল । আনহাতে, নাটকখনৰ 'লভিতা' নাম ৰাখি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক লৈ ব্যৱসায় কৰা বুলিও সংবাদমেলত বীৰ লাচিত সেনাই অভিযোগ কৰে ।
লগতে পঢ়ক :Lavita drama controversy : লভিতাৰ নতুন নাম কি হ'ব ?