ETV Bharat / state

আলফাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা

তেজপুৰত আলফাৰ নামত ধন দাবীৰ অভিযোগত দুজনকৈ লোকক আটক কৰিছে শোণিতপুৰ আৰক্ষীয়ে ৷ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডা: ধনঞ্জয় পি ঘনৱাতে সংবাদ মাধ্যমৰ আগত কয়, বিগত তিনিবছৰ ধৰি আলফাৰ নামত ধন দাবী কৰি আহিছিল তেজপুৰৰ ৰঞ্জিত মহন্ত ওৰফে সোনা আৰু বালিপৰাৰ মলয় গোস্বামীয়ে ৷

author img

By

Published : Oct 19, 2021, 6:30 PM IST

KMSS leader arrested for demanding money
আলফাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা

তেজপুৰ, ১৯ অক্টোবৰ: তেজপুৰত আলফাৰ নামত ধন দাবীৰ অভিযোগত দুজনকৈ লোকক আটক কৰিছে শোণিতপুৰ আৰক্ষীয়ে ৷ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডা: ধনঞ্জয় পি ঘনৱাতে সংবাদ মাধ্যমৰ আগত কয়, বিগত তিনিবছৰ ধৰি আলফাৰ নামত ধন দাবী কৰি আহিছিল তেজপুৰৰ ৰঞ্জিত মহন্ত ওৰফে সোনা আৰু বালিপৰাৰ মলয় গোস্বামীয়ে ৷

ৰঞ্জিত মহন্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী সক্ৰিয় সদস্য বুলি জানিব পৰা গৈছে ৷ ৰাজনৈতিকভাৱে প্ৰভাৱশালী ৰঞ্জিত মহন্তই তেওঁৰেই ভাগিন মলয় গোস্বামীৰ সৈতে মিলি ২০১৯ চনৰ পৰা আলফাৰ নামত ধন দাবী কৰি আহিছিল । তেজপুৰৰ মাৰোৱাৰী সম্প্ৰদায়ৰ ১২ জন ব্যৱসায়ীৰ পৰা ইতিমধ্যে প্ৰায় ৩০ লাখ টকা আদায় কৰিছে এই দুয়োজন লোকে ৷

ধন দাবী কৰিবলৈ ব্যৱহাৰ কৰা ম'বাইলৰ ৮ খন চিমকাৰ্ড কলকাতাৰ এখন পান দোকানৰ পৰা সংগ্ৰহ কৰিছিল ৰঞ্জিত মহন্তই । বিশেষ বিমানযোগে কলকাতাৰ পৰা এই চিমকাৰ্ড সংগ্ৰহ কৰি আনি ব্যৱসায়ীক ধন দাবী কৰিছিল বুলি আৰক্ষী অধীক্ষকে আজি সাংবাদিকৰ আগত কয় ।

লগতে পঢ়ক : বৰাকত অসমীয়া ভাষাক অপমান কৰাক লৈ প্ৰতিক্ৰিয়া তিনিচুকীয়াত আটাছুৰ

যিকেইখন চিমকাৰ্ড বেলেগ বেলেগ মবাইল ফোনত ব্যৱহাৰ কৰি ধন দাবী কৰিছিল, সেই চিমকাৰ্ড কেইখন আনিবলৈ ৩ বছৰত ৪ বাৰ বিমানেৰে কলকাতালৈ গৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য ৰঞ্জিত মহন্ত । প্ৰায় ডেৰ মাহে এই দুই প্ৰৱঞ্চকৰ tower dump আৰু CDR নিৰীক্ষণ কৰি তেওঁলোকৰ বিৰুদ্ধে সকলো তথ্য প্ৰমাণ পোৱাত সোমবাৰে শোণিতপুৰ আৰক্ষীয়ে দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীয়ে ৰঞ্জিত মহন্তৰ ঘৰৰ পৰা তিনিটা ম'বাইল ফোন, বেংকৰ পাচবুকৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আলোচনী উদ্ধাৰ কৰিছে । শোণিতপুৰ আৰক্ষীয়ে তেজপুৰ সদৰ খানাৰ গোচৰ নং 2283/21, U/S 120(B)/387(IPC)/ আৰু R /W 10/13 ৰ অধীনত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই পৰৱৰ্তী অনুসন্ধান আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ভাওনা সংস্কৃতিক বিকৃত ৰূপত উপস্থাপনক লৈ প্ৰতিক্ৰিয়া সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.