ETV Bharat / state

অসম ৰাইফলছৰ পাব্লিক স্কুল উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

অসম ৰাইফলছৰ উদ্যোগত নিৰ্মাণ কৰা অসম ৰাইফলছ পাব্লিক স্কুল উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ ক্ৰীড়াক্ষেত্ৰৰ উত্তৰণৰ বাবে স্থাপন কৰা হৈছে এই বিদ্যালয় ৷ উত্তৰ-পূৰ্বাঞ্চলত এইখনেই হৈছে প্ৰথম খন ক্ৰীড়া বিদ্যালয় ৷

author img

By

Published : Jan 4, 2021, 8:09 PM IST

kiren rijiju inaugurates Assam Rifles Public School on monday

তেজপুৰ, 4 জানুৱাৰী : সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে উদ্বোধন কৰিলে অসম ৰাইফলছৰ উদ্যোগত নিৰ্মাণ কৰা অসম ৰাইফলছ পাব্লিক স্কুল ৷ উল্লেখ্য যে, ক্ৰীড়াক্ষেত্ৰৰ উত্তৰণৰ বাবে স্থাপন কৰা হৈছে এই বিদ্যালয় ৷ উত্তৰ-পূৰ্বাঞ্চলত এইখনেই হৈছে প্ৰথম খন ক্ৰীড়া বিদ্যালয় ৷ হাৰিয়ানাৰ সাণিপটত আছে এম এল এন স্কুল অৱ স্প’ৰ্টচ ৷ তাৰেই আৰ্হিৰে গঢ়ি তোলা হৈছে এই বিদ্যালয়খন ৷ ভাৰত চৰকাৰৰ খেলো ইণ্ডিয়া কাৰ্যক্ৰমৰ অধীনত ইয়াক স্থাপন কৰা হৈছে ৷

kiren rijiju inaugurates Assam Rifles Public School on monday
অসম ৰাইফলছৰ পাব্লিক স্কুল উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অসম ৰাইফলছৰ মহানিৰ্দেশক লেফটেনেন্ট জেনেৰেল সুখদ্বীপ চাংৱানে(AVSM,SM) ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু আসম ৰাইফলছৰ মাজত হোৱা বুজাবুজি চুক্তিখন এই উদ্বোধনী অনুস্থানতে ৰাজহুৱা কৰে ৷ এই বিশেষ মূহুৰ্তত মন্ত্ৰী ৰিজিজুৱে অসম ৰাইফলছৰ মহানিৰ্দেশক গৰাকীয়ে উত্তৰ-পূৱত ক্ৰীড়া বিদ্যালয় স্থাপনৰ বাবে লোৱা পদক্ষেপৰ শলাগ লয় ৷ ইয়াৰ লগতে এ আৰ পিএছ, লেইটকৰ আদি ভৱিষ্যতৰ একো একোজন বিজয়ী খেলুৱৈ গঢ়াৰ ভেটি হ’ব বুলিও মন্তব্য কৰে ৰিজিজুৱে ৷

দোৰ্ণাচাৰ্য ভৱন

এ আৰ পি এছ, লেইটকৰে আৰ্চাৰী, এথলেটিকছ আৰু ফেঞ্চিঙৰ বাবে প্ৰশিক্ষণৰ সুবিধা লাভ কৰিব ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে এই প্ৰতিটো খেলৰ বাবে 50 গৰাকী ল’ৰা আৰু 50 গৰাকী ছোৱালীৰ দায়িত্ব গ্ৰহণ কৰিব ৷ প্ৰতিভাক গুৰুত্ব দি বাচনি প্ৰক্ৰিয়া চলোৱা হ’ব আৰু দুৰ্গম আৰু পিচপৰা অঞ্চলৰ শিশু সকলেও ইয়াত স্থান লাভ কৰিব ৷ অসম ৰাইফলছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই তেওঁলোকক বিশেষ সন্মান প্ৰদান কৰে ৷

অসম ৰাইফলছৰ পাব্লিক স্কুল উদ্বোধন

লগতে পঢ়ক : অসমত আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ ভেটি সবল কৰিব AJYCPয়ে!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.