ETV Bharat / state

ৰাজ্যৰ বিভিন্ন স্থানত খেলো ইণ্ডিয়া, ২০২০ ৰ অগ্নিশিখা - ৰাজ্যৰ বিভিন্ন স্থানত খেলো ইণ্ডিয়া, ২০২০ ৰ অগ্নিশিখা

ৰাজ্যৰ বিভিন্ন স্থানত উপস্থিত হৈছে খেলো ইণ্ডিয়াৰ অগ্নিশিখা ৷ সোমবাৰে চিৰাং, তেজপুৰ, হাফলং আৰু বিভিন্ন স্থানত উপস্থিত হয় অগ্নিশিখা ৷

খেলো ইণ্ডিয়া, ২০২০
খেলো ইণ্ডিয়া, ২০২০ ৰ অগ্নিশিখা
author img

By

Published : Jan 6, 2020, 11:10 PM IST

নিউজ ডেস্ক, 6 জানুৱাৰীঃ অহা ১০ জানুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'বলগা তৃতীয় সংখ্যক খেলো ইণ্ডিয়া, ২০২০ যুৱ গেমছৰ সজাগতাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত গৈ উপস্থিত হৈছে অগ্নিশিখা ৷ সোমবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁও যোগকেন্দ্ৰত শিখা কঢ়িয়াই অনা আন্তঃৰাষ্ট্ৰীয় বক্সাৰ কল্পনা চৌধুৰীৰ পৰা শিখা গ্ৰহণ কৰে চিৰাং জিলাৰ সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতীম বৰুৱাই । চিৰাং জিলা ক্ৰীড়া বিষয়াৰ লগতে জিলা ক্ৰীড়া সন্থাৰ সহযোগত আয়োজিত খেলো ইণ্ডিয়াৰ সজাগতা অনুষ্ঠানত খেলো ইণ্ডিয়াৰ প্ৰতীক প্ৰদৰ্শন কৰা হয় ।

খেলো ইণ্ডিয়া, ২০২০
খেলো ইণ্ডিয়া, ২০২০ ৰ অগ্নিশিখা
খেলো ইণ্ডিয়া, ২০২০
খেলো ইণ্ডিয়া, ২০২০ ৰ অগ্নিশিখা
খেলো ইণ্ডিয়া, ২০২০
খেলো ইণ্ডিয়া, ২০২০ ৰ অগ্নিশিখা
খেলো ইণ্ডিয়া, ২০২০
খেলো ইণ্ডিয়া, ২০২০ ৰ অগ্নিশিখা

এই অগ্নিশিখা বিভিন্ন জিলাৰ মাজেৰে গৈ তেজপুৰতো উপস্থিত হয় ৷ আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ এলভিচ আলি হাজৰিকাৰ নেতৃত্বত এটা দলে এই উপলক্ষে তেজপুৰৰ প’ল’ ফিল্ডত এক অনুষ্ঠানৰ আয়োজন কৰে ৷ শোণিতপুৰ জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে এই অনুষ্ঠান মুকলি কৰি দৌৰত অংশগ্ৰহণ কৰাৰ লগতে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

খেলো ইণ্ডিয়া, ২০২০
খেলো ইণ্ডিয়া, ২০২০ ৰ অগ্নিশিখা
খেলো ইণ্ডিয়া, ২০২০ ৰ অগ্নিশিখা

বিয়লি 3 বজাত হাফলং এন এল দাওলাগাপো খেলপথাৰত উপস্থিত হয় খেলো ইণ্ডিয়াৰ অগ্নিশিখা ৷ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ বিভাগৰ উদ্যোগত হাফলং এন এল দাওলাগাপো খেলপথাৰৰ পৰা শিখা সমদলৰ আৰম্ভ কৰা হয় ৷

আৰু পঢ়ক : আছু নেতা বিজু গগৈৰ আলফাত যোগদান!

Intro:চিৰাঙত খেলো ইণ্ডিয়াৰ  গেমছৰ শিখা,জিলা প্ৰশাসনৰ আদৰনি ।

Body: অহা ১০ জানুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া তৃতীয় খেলো ইণ্ডিয়া ২০২০ য়ুৱ গেমছৰ সজাগতাৰ বাবে চিৰাং জিলাত প্ৰৱেশ কৰে অগ্নি শিখা । এই উপলক্ষে চিৰাং জিলাৰ সদৰ কাজলগাঁও যোগ কেন্দ্ৰত শিখা কঢ়িয়াই অনা আন্তঃ ৰাষ্ট্ৰীয় বক্সাৰ কল্পনা চৌধুৰীৰ পৰা শিখা গ্ৰহণ কৰে চিৰাং জিলাৰ সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতীম বৰুৱাই । চিৰাং জিলা ক্ৰীড়া বিষয়াৰ লগতে জিলা ক্ৰীড়া সন্থাৰ সহযোগত আয়োজিত খেলো ইণ্ডিয়া য়ুৱ গেমছৰ সজাগতা অনুষ্ঠানত খেলো ইণ্ডিয়াৰ প্ৰতীক প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত জিলা প্ৰশাসনৰ হৈ সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতীম বৰুৱাই কেন্দ্ৰীয় চৰকাৰে যুৱ খেলুৱৈ সকলৰ বাবে আয়োজন কৰা এই সমাৰোহৰ জৰিয়তে দেশৰ যুৱ সমাজ মজবুত হ'ব বুলি মত ব্যক্ত কৰে । একে দৰে শিখা কঢ়িয়াই অনা কল্পনা চৌধুৰীয়ে শিক্ষাৰ্থী, যুৱ সমাজৰ লগতে সকলোকে সুস্থ সৱল স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ হ'লে দৌৰৰ লগতে খোজ কাঢ়িবলৈ আহ্বান জনায় ।

বাইট : কল্পনা চৌধুৰী,বক্সাৰ ।

Conclusion:এই সজাগতা অনুষ্ঠানত চিৰাং জিলা ক্ৰীড়া বিষয়া দশৰথ ব্ৰহ্ম, চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্ম, ক্ৰীড়া সংগঠক মণিলাল বসুমতাৰী সহ বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । পিছলৈ খেলো ইণ্ডিয়াৰ শিখা কোকৰাঝাৰ জিলা লৈ কঢিয়াই নিয়ে কল্পনা চৌধুৰীয়ে । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.