ETV Bharat / state

কনকাত বিচাৰি পাব হেৰাই যোৱা এখন নিভাঁজ গাঁও - তেজপুৰ কণকা ৰিজৰ্ট

হেৰাই যোৱা গাঁওখন আপুনি বিচাৰি ফুৰিছে নেকি ? মন যায় নেকি আপোনাৰ কিছুসময় নিভাঁজ গাঁও এখনত কটাবলৈ ? যিখন গাঁৱত থাকিব থলুৱা খাদ্য সামগ্ৰীৰ লগতে প্ৰকৃতিৰ সান্নিধ্য ৷ তেন্তে আপোনাৰ বাবেই এই বিশেষ প্ৰতিবেদন...

Kanoka Village Resort tezpur
শোণিতপুৰ জিলাৰ পাচনৈ গাঁৱৰ কণকা ৰিজৰ্ট
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 9:10 PM IST

Updated : Dec 1, 2023, 9:38 PM IST

শোণিতপুৰ জিলাৰ পাচনৈ গাঁৱৰ কনকা ৰিজৰ্ট

তেজপুৰ, 1 ডিচেম্বৰ : আহক আপোনাক লৈ যাওঁ সেউজ চাদৰেৰে আবৃত এখন গাঁৱলৈ ৷ গাঁওখনত কি নাই ? গাঁও বুলিলেই মনলৈ অহা এখন সুবিশাল বাৰী ৷ মনোমোহা প্ৰাকৃতিক পৰিৱেশত উভৈনদী পাণ-তামোলৰ পৰা নাৰিকল গছলৈকে ৷ গাঁওখনত কৰা হয় জৈৱিক চাহ খেতিও ৷ মুঠতে বিশুদ্ধ বায়ুত, সেউজীয়াৰ মাজত উশাহৰ থল বিশেষ গাঁওখন ৷ গাঁওখন মানৱসৃষ্ট ৷ পিচে ৰ’ব, আমি ক’ব খোজা গাঁওখন আচলতে এখন ৰিজৰ্টহে ৷ নাম কনকা ৰিজৰ্ট ৷

শোণিতপুৰ জিলাৰ পাচনৈ গাঁৱত অৱস্থিত ৰিজৰ্টখনে দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ কৃষি আৰু পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা পাচনৈ গাঁৱৰ ২৫ বিঘা উৰ্বৰ মাটিত ২০০৮ বৰ্ষত দুই ভাতৃয়ে আৰম্ভ কৰিছিল এখন জৈৱিক চাহ বাগিচা ৷ ভাতৃদ্বয়ে মাতৃ কনকাৰ নামত আৰম্ভ কৰা উক্ত চাহ বাগিচাত ২০১০ চনত জৈৱিক ব্যৱস্থাৰে গ্ৰীণ টী উৎপাদনৰে জীৱন সংগ্ৰাম আৰম্ভ কৰে ৷ ইয়াৰ পাচতে কনকা জৈৱিক চাহ বাগিচাত উৎপাদিত চাহ ক্ৰয় কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকৰ তাগিদা আৰু থকা-খোৱাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৮ চনত দুটা ক’টেজেৰে আৰম্ভ কৰা হয় কনকা ৰিজৰ্ট ৷

পৰৱৰ্তী পৰ্যায়ত বেংকৰ পৰা ঋণ লৈ কটেজৰ সংখ্যা বৃদ্ধি কৰিলে ১৫ টালৈ দুই ভাতৃয়ে ৷ ইয়াৰোপৰি ৰিজৰ্টখনে সামৰি ল’লে নাও চলোৱাৰ সুবিধাৰ উপৰিও খেলা ধূলাৰ ব্যৱস্থা, স্বাস্থ্য সন্মত পাকঘৰ, আপ্যায়ন গৃহ ইত্যাদি । জানি আপোনাৰ ভাল লাগিব যে, ৰিজৰ্টখনৰ সুন্দৰ গ্ৰাম্য পৰিৱশত থকা ২৫ বিঘা ভূমিত আছে জৈৱিক চাহ খেতি, ২৫ বিঘাত মূল ৰিজৰ্ট আৰু ২০ বিঘাত ৰবৰ, তামোল, নাৰিকল, জালুক গছ ইত্যাদি ৷ কেৱল সেয়াই নহয় ৰিজৰ্টখনে দিছে প্ৰায় ৭৫ গৰাকী স্থানীয় যুৱক-যুৱতীক সংস্থাপন ৷

গ্ৰাম্য জীৱনৰ পটভূমিক ব্যৱসায়লৈ ৰূপান্তৰিত কৰি জন্ম হোৱা কনকা ৰিজৰ্ট এতিয়া স্বাৱলম্বিতাৰ এক সুন্দৰ উদাহৰণ ৷ মনোমোহা ৰিজৰ্টখনে দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ উপৰিও অসমীয়া জাতিটোক এই কথাই ক’ব খুজিছে- এনেদৰেও হ’ব পাৰি স্বাৱলম্বী, আন দহজনকো দেখুৱাব পাৰি স্বাৱলম্বিতাৰ বাট ৷

লগতে পঢ়ক : ৰঙা বাছৰ প্ৰতীক চিহ্নৰ সৃষ্টিকৰ্তাই উদযাপন কৰিলে শতবৰ্ষ

Last Updated : Dec 1, 2023, 9:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.