ETV Bharat / state

পদ্ম হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ জে পি নাড্ডাৰ

author img

By

Published : Mar 15, 2021, 7:30 PM IST

‘‘বিকাশৰ নামেই বিজেপি আৰু মোডীৰ হাতত দেশ সুৰক্ষিত’’ ৷ সোমবাৰে চতিয়া সমষ্টিৰ বহাগী মেলা বাকৰিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৷

jp-nadda-election-campaign
জেপি নাড্ডাৰ নিৰ্বাচনী প্ৰচাৰ

চতিয়া,15 মাৰ্চ: শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাৰ বহাগী মেলা বাকৰিত সোমবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ বিজেপি দলৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ৷

বিয়লি ভাগত উপস্থিত হোৱা ৰাষ্ট্ৰীয় সভাপতিগৰাকীক বিহু প্ৰদৰ্শনেৰে আদৰণি জনোৱাৰ পাচতেই আৰম্ভ হোৱা সভাত উপস্থিত থাকে সহস্ৰাধিক লোক ৷ ভাষণ প্ৰসংগত নাড্ডাই কয় যে, ইয়ালৈ পদ্ম হাজৰিকাৰ কাৰণে আহিছে আৰু ৰাইজৰ হাত চাপৰিয়ে প্ৰমাণ কৰিছে যে তেওঁ দিল্লীৰ পৰা ইয়ালৈ আহি শুদ্ধ কাম কৰিছে ৷

জেপি নাড্ডাৰ নিৰ্বাচনী প্ৰচাৰ

ইয়াৰোপৰি ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই কয় যে, ‘‘বিকাশৰ নামেই বিজেপি আৰু মোডীৰ হাতত দেশ সুৰক্ষিত’’ ৷ বিজেপিৰ বিধায়ক তথা আগন্তুক বিধানসভা নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী পদ্ম হাজৰিকাক বিপুল সংখ্যক ভোটত জয়যুক্ত কৰিবলৈও আহ্বান জনায় গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ৷

নিৰ্বাচনী সভাখনত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই এইবাৰ নিৰ্বাচনত প্ৰায় 40 হাজাৰৰো অধিক ভোটত জয় লাভ কৰিব বুলি দাবী কৰাৰ লগতে সাংসদ পল্লৱলোচন দাসেও নিৰ্বাচনত বিজেপিৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে পূৰ্বৰ নিৰ্বাচনৰ তুলনাত অধিক ভোটত জয়ী হ’ব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৷

লগতে পঢ়ক: 18 মাৰ্চত কৰিমগঞ্জৰ জনসভাত ভাগ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.